বুথ সভাপতিক জবাবদিহি; আদৰ্শ গাঁৱতে পকী গৃহৰ গৰাকীয়ে তিনিবাৰকৈ লাভ কৰিছে চৰকাৰী ঘৰ
আদৰ্শ গাঁৱত সকলোতে কেবল দুৰ্নীতি । ধন লৈ চৰকাৰী আৱাসগৃহ প্ৰদান কৰাৰ অভিযোগ ।

Published : October 13, 2025 at 4:16 PM IST
মৰাণ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে খোৱাং সমষ্টিৰ জনপ্ৰতিনিধিয়ে । চৰকাৰী আঁচনিত দুৰ্নীতি আৰু অনিয়ম কোনোৱে সংঘটিত কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ পাছতো আদৰ্শ গাঁৱতেই দেখা গৈছে ইয়াৰ বিপৰীত ছবি । চৰকাৰী আবাস প্ৰদানত ব্যাপক খেলিমেলিৰ অভিযোগ তুলি খোৱাং সমষ্টিৰ নাহৰণি আদৰ্শ গাঁৱত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ।
ডিব্ৰুগড়ৰ জিলা খোৱাং সমষ্টিৰ নাহৰণিক সৰ্বানন্দ সোণোৱালৰ দিনতেই চৰকাৰে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল । গাঁওখনত কোনো চৰকাৰী আঁচনিৰ কামত আদৰ্শ হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । বিশেষকৈ খোৱাঙৰ নাহৰণিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আবণ্টনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ।
পূৰ্বৰ মৰাণ সমষ্টি তথা নৱ গঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত নাহৰণি পঞ্চায়তত প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ পকী ঘৰৰ গৰাকীয়ে বাৰে বাৰে এই আঁচনিৰ গৃহ লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ নাহৰণি গাঁও পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ একাংশ ৰাইজৰ অভিযোগ অনুসৰি বিগত ১০ বছৰত পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ নেতৃত্বতে এই গৃহ আৱন্টনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল ৷
প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ পকী গৃহৰ গৰাকীয়ে দুই/তিনিবাৰকৈ গৃহ আবণ্টন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ খোদ ৱাৰ্ড সদস্যগৰাকীয়েই কেইবাবাৰো গৃহ আবণ্টনৰ লোৱাৰো ভয়ংকৰ অভিযোগ কৰিছে ৰাইজে ।

সোমবাৰে উত্তেজিত ৰাইজে বিজেপি বুথ সভাপতিক জবাবদিহি কৰি সঠিক ৰূপত আঁচনি ৰূপায়ণৰ দাবী জনাই । ৰাইজৰ অভিযোগ তথা ৰাইজৰ সমস্যাৰ কথা অৱগত কৰিলেও গুৰুত্ব নিদিয়ে বিধায়ক চক্ৰধৰ গগৈয়ে । উপায়ন্তৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা ন্যায় আৰু উচিত তদন্ত বিচাৰিছে । এতিয়া বঞ্চিত ৰাইজক চৰকাৰে কেনেদৰে আঁচনিৰ সুবিধা প্ৰদান কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।
আদৰ্শ গাঁৱত সকলোতে কেবল দুৰ্নীতি:
নাহৰণি আদৰ্শ গাঁৱত ন্যায় বিচাৰি ওলাই অহা অঞ্চলটোৰ এজন সচেতন ব্যক্তিয়ে কয়, "সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত ১নং নাহৰণি সোণোৱাল গাঁওখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি পালে; কিন্তু আদৰ্শ কি হৈছে আমি ধৰিব পৰা নাই । সকলোতে কেৱল দুৰ্নীতি । দুখীয়া মহিলা সকল আজি ওলাই আহিবলগীয়া হৈছে । চৰকাৰী যি সমূহ আঁচনি আহিছে সকলোতে দুৰ্নীতি হৈছে ।"
সমগ্ৰ ঘটনাক লৈ ক্ষুব্ধ হৈ আন এগৰাকীয়ে কয়, "আমাৰ গাঁওখন খোৱাং সমষ্টিৰ নাহৰণি পঞ্চায়তৰ ২নং ৱাৰ্ড । চৰকাৰী যিসমূহ আঁচনি আহিছে সকলোতে দুৰ্নীতি হৈছে । সহ্যৰ সীমা পাৰ হৈ গৈছে বাবে আজি সকলো ওলাই আহিছো । আমাৰ গাঁৱত যিসকলৰ দুই কোঠালী বাঁহৰ ঘৰ বনাবলৈ অপাৰগ তেওঁলোকক চৰকাৰী আৱাসগৃহ নিদিয়াকৈ যিসকলৰ ইতিমধ্যে পকীঘৰ আছে তেওঁলোকক দিয়া হৈছে । লগতে আগতে পোৱা সকলৰো নাম আহিছে । বিধায়কক অৱগত কৰিলেও তেওঁ আমাৰ কথাত গুৰুত্ব নিদিয়ে । পঞ্চায়তলৈ গ'লেও মানুহক কথা ক'বলৈ সুবিধা নিদিয়ে । ইয়াৰ ওপৰত আমাক এক উচিত তদন্ত লাগে ।"

পইচা লৈ চৰকাৰী আৱাসগৃহ প্ৰদান কৰিছে:
ক্ষুব্ধ ৰাইজে চৰকাৰী আঁচনি ৰূপায়ণত ধনৰ লেনদেন হোৱা গুৰুত্ব অভিযোগ কৰে ৰাইজে । এজন ব্যক্তিয়ে কয়, "পঞ্চায়ত প্ৰতিনিধিসকলে পইচা লৈ দুৰ্নীতি কৰি আগতে পাই থকা আৰু পকী ঘৰ থকাসকলক চৰকাৰী আৱাসগৃহ প্ৰদান কৰিছে । দুখীয়া শ্ৰেণীৰ লোক বাদ পৰি ৰৈছে । বিধায়কক অভিযোগ কৰিলেও বিধায়কে অভিযোগ নলয় । আমাৰ ৱাৰ্ড মেম্বাৰেও দুবাৰকৈ ঘৰ পাইছে । যিসকলে ঘৰ পাইছে তেওঁলোকৰ পৰা দহ হাজাৰ, পোন্ধৰ হাজাৰকৈ টকা লৈ তেওঁলোকক ঘৰ দিছে । পুনৰ জিঅ' টেগ কৰি নতুন তালিকা প্ৰস্তুত কৰিবলৈ আমি দাবী জনাইছো ।"

