ETV Bharat / state

কোনেও একো তলকিবই নোৱাৰিলে; নিজকে গুলীয়াই শেষ কৰিলে জীতেন শইকীয়াই

সোমবাৰে নিজৰ কৰ্তব্যৰ পৰা উভতি অহাৰ পাছত হঠাৎ নিজৰ ভাৰাঘৰতে তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৷

SBI security guard commits suicide
সুৰক্ষা কৰ্মীৰ আত্মহনন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 9, 2024 at 8:47 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ: ডিব্ৰুগড়ৰ বৈৰাগীমঠত সোমবাৰে বিয়লি সংঘটিত হয় এক চাঞ্চল্য়কৰ ঘটনা । বৈৰাগীমঠৰ গান্ধী নগৰ এনাজৰী পথত সংঘটিত এই ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ অঞ্চলটো ৷ সোমবাৰে বিয়লি এজন লোকে নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলী চলাই আত্মহননৰ পথ বাচি লোৱাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে ৷ জীতেন শইকীয়া নামৰ লোকজনে কিয় এনে কাৰ্য সংঘটিত কৰিলে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই ৷

নিৰাপত্তা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী জীতেন শইকীয়াই অৱসৰৰ পাছত ভাৰতীয় ষ্টেট বেংকত এগৰাকী সুৰক্ষা কৰ্মী হিচাপে কাম কৰি আহিছিল ৷ এটিএমত ধন জমা কৰিবলগীয়া ধন সৰবৰাহ কৰা বাহনৰ নিৰাপত্তাৰক্ষী আছিল শইকীয়া ৷ পৰিয়ালত আছিল তেওঁৰ পত্নী আৰু পুত্ৰ ৷ সোমবাৰে নিজৰ কৰ্তব্যৰ পৰা উভতি অহাৰ পাছত হঠাৎ নিজৰ ভাৰাঘৰতে তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৷

সুৰক্ষা কৰ্মীৰ আত্মহনন (ETV Bharat)

গুলী ফুটাৰ শব্দ শুনাৰ লগে লগে শইকীয়াৰ চুবুৰীয়া আৰু পুত্ৰ ওলাই আহি তেজেৰে ৰাঙলী হৈ থকা অৱস্থাত উদ্ধাৰ কৰে তেওঁক ৷ পুতেকে দেউতা দেউতা বুলি মাতে যদিও তেতিয়ালৈ সংজ্ঞা হেৰুৱাইছিল শইকীয়াক ৷ লগে লগে তেওঁক লৈ যোৱা হয় ডিব্ৰুগড় চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ৷ চিকিৎসকে চিকিৎসা আৰম্ভ কৰিছিল যদিও সকলো চেষ্টা বিফল কৰি শইকীয়াই মৃত্যুক সাৱটি লয় ৷

নিজৰ ছাৰ্ভিচ বন্দুকেৰে শইকীয়াই ভৰিত দুটাকৈ গুলী কৰা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জব্দ কৰিছে ঘটনাত ব্যৱহাৰ কৰা ছাৰ্ভিছ ৰাইফলটো । কি কাৰণে বেংকৰ সুৰক্ষা কৰ্মীগৰাকীয়ে এই ঘটনা সংঘটিত কৰিলে সেই কথা জানিব পৰা হোৱা নাই ।

পাৰিবাৰিক নে আন কিবা কাৰণত ব্যক্তিজনে নিজকে শেষ কৰাৰ বাবে গুলী চলাইছিল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । আৰক্ষীয়ে মৃতদেহটো আজিৰ বাবে চিকিৎসালয়খনৰ মৰ্গতে ৰখাৰ ব্যৱস্থা কৰিছে । মঙলবাৰেহে মৃত ব্যক্তিজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

ঘটনাক লৈ কি কয় স্থানীয় লোকে :

এই গুলীচালনাৰ ঘটনাক লৈ স্থানীয় ব্যক্তিয়ে কয়, ‘‘ফটকা ফুটাৰ দৰে শব্দ শুনি ঘৰৰ ভিতৰৰ পৰা ওলাই আহি দেখিছোঁ মানুহজন পৰি আছে । তেজ নিগৰি অহা ব্যক্তিজনৰ পুত্ৰক মাতি আনি দেউতাকক চাবলৈ দিয়াত দেখিবলৈ পাওঁ বন্দুকটো কাষত পৰি আছে । গুলী লগাৰ পাছতে ব্যক্তিজন অচেতন হৈছিল । এই অঞ্চলটোত চাৰি বছৰৰ পৰা পৰিয়ালৰ সৈতে আছে ব্যক্তিজন । প্ৰতিদিনাৰ দৰে আজিও নিজৰ কৰ্মস্থলীলৈ পুৱা গৈ বিয়লি ঘূৰি আহি বাৰাণ্ডাত বহি আছিল । পত্নী আৰু এজন পুত্ৰৰ সৈতে থকা ব্যক্তিজনে SBI ATM ত ধন সৰবৰাহ কৰা বাহনৰ নিৰাপত্তা কৰ্মী হিচাপে কাম কৰি আছিল । প্ৰতিদিনে নিজৰ ছাৰ্ভিচ বন্দুকটো লগত লৈ ঘৰলৈ আহে তেওঁ । কোনো কাজিয়াও কৰা দেখা নাই তেওঁক ৷ কিয় তেওঁ এনেকুৱা কৰিলে সেয়া এতিয়াও জানিব পৰা নাই ৷’’

লগতে পঢ়ক: আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

বগীবিল দলঙৰ পৰা জঁপিয়াই আত্মহত্যা অভিযন্তাৰ

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)