যোৰহাট : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালী বিহুৰ উছাহ । আবাল-বৃদ্ধ-বণিতা ৰঙালীৰ ৰঙত মতলীয়া । বিশ্বাস আৰু পৰম্পৰাৰে পালন কৰা হয় সাতবিহু । তাৰ মাজতে যোৰহাটত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ । কঁকাল ভাঙি বিহুনাচত অংশগ্ৰহণ কৰিলে অশীতিপৰ আইতাই । দাঁত নাথাকিল তাতে কি হ'ল, মুখেৰে নিগৰিছে সোণসেৰীয়া কৃষ্টিৰ সুৰ ।
জাতীয় ঐক্য সম্প্ৰীতি সুদৃঢ় কৰাৰ স্বাৰ্থত সদৌ অসম সাতবিহু উদযাপন সমিতিৰ উদ্যোগত আৰু স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সহযোগত যোৰহাট ম'হবন্ধাস্থিত স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত 'জাতীয় ঐক্যত আৰু এখোজ' শ্লোগানেৰে সোমবাৰে সাতবিহু উদযাপন কৰা হয় । স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পিছত সমন্বয় ক্ষেত্ৰৰ বাকৰিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা জেংবিহুৰ দলে অংশগ্ৰহণ কৰি জেংবিহু পৰিৱেশন কৰে । এই জেংবিহুত গাভৰুৰ পৰা ৯০ৰ দেওনা গৰকিব ওলোৱা আইতায়ো কঁকাল ভাঙি নাচে ।
বয়সকো আওকাণ কৰি জেংবিহুত অংশগ্ৰহণ কৰে ৬০-৯০ বছৰীয়া আইতাই । সকলোৱে অতি হেঁপাহেৰে জেংবিহুত অংশগ্ৰহণ কৰি সমবেত ৰাইজক আপ্লুত কৰে । আনহাতে, আইতাৰ মুখত আমাৰ মাজৰ পৰা হেৰাই যোৱা পুৰণিক'লীয়া বিহুনাম আৰু যোজনাই ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ বাকৰি গুঞ্জৰিত কৰি তোলে ।
জেংবিহুত অংশগ্ৰহণ কৰি এগৰাকী প্ৰায় ৯০ বছৰীয়া আইতাই অতীতক স্মৰণ কৰি আপ্লুত হৈ পৰাৰ লগতে তাহানিৰ দিনৰ বিহু আৰু আজিৰ বিহুৰ মাজত কোনোধৰণৰ পাৰ্থক্য দেখা পোৱা নাই বুলি উল্লেখ কৰে । তেওঁৰ অনুভৱ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আইতাগৰাকীয়ে কয়, "এ মজা । একো নাই । খালী বজাব পাৰিলেই হ'ল আৰু গাব পাৰিলেই হ'ল । আগৰ বিহু আৰু এতিয়াৰ বিহু একেই । মোৰ বয়স এতিয়া চাৰিকুৰি ন বছৰ ।"

আনহাতে, সদৌ অসম সাতবিহু উদযাপন সমিতিৰ সভাপতি তথা শিক্ষা সংসদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে কয়, "ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সাতবিহুৱে সাতটা বছৰ অতিক্ৰম কৰিলে । ইয়াত আৰম্ভ হোৱা সাতবিহুৰ পৰাই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত বিহুৱে স্থান পালে । ফলত বিহুত অংশগ্ৰহণ কৰা বিহুৱা, বিহুৱতী তথা প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । এয়া আমাৰ বাবে শুভ লক্ষণ ।"
লগতে তেওঁ কয় যে অনাগত সময়ত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিহু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে আলোচনা-চক্ৰও অনুষ্ঠিত হৈছে ।

উল্লেখ্য যে সমন্বয় ক্ষেত্ৰৰ বাকৰিত জেংবিহুৰ লগতে পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় । উক্ত কণী যুঁজ প্ৰতিযোগিতাত সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ।