খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব অক্ষুন্ন থাকিব; NSCNৰ দাবীক নস্য়াৎ বিশ্বজিৎ ফুকনৰ
দুষ্ট চক্ৰৰ প্ৰৰোচনাত নগা দুৰ্বৃত্তই কৰিছে দাবী । কাক উদ্দেশ্য়ি ক'লে বিধায়কে ? Sarupathar MLA Biswajit Phukan reacts over nscn Statement

Published : July 28, 2025 at 7:25 PM IST
সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চলিব বুলড'জাৰ । গোলাঘাট জিলাৰ সীমামূৰীয়া অঞ্চলটোৰ ৰেংমা বনাঞ্চলৰ ভূমিত চলা বেদখলত চলিব উচ্ছেদ । বেদখল কাৰীৰ বিৰুদ্ধে ২৯ জুলাইত ৰেংমা বনাঞ্চলৰ প্ৰায় ১১ হাজাৰ বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ । প্ৰশাসন, বন বিভাগ, আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষী সাজু হোৱাৰ সময়তেই এন এছ চি এনে জাৰি কৰা এক বিবৃতিক লৈ হৈছে চৰ্চা ।
দুষ্ট চক্ৰৰ প্ৰৰোচনা :
নাগালেণ্ডৰ সংগঠনটোৱে অসম-নাগালেণ্ডৰ সীমান্তত চলাবলগীয়া উচ্ছেদক লৈ বিবৃতি প্ৰকাশ কৰাৰ পিচতেই সৰুপথাৰ সমজিলাৰ লগতে সীমান্ত অঞ্চলৰ লোকসকলক শংকিত কৰিছে । দুষ্ট চক্ৰৰ প্ৰৰোচনাত নগা দুৰ্বৃত্তই এনে দাবী কৰা বুলি অভিযোগ কৰিছে স্থানীয় দল-সংগঠনে ।
ইপিনে, পূৰ্বে এনএছচিএনে হাতে হাতে বন্দুক লৈ অসম-নাগালেণ্ড সীমান্তৰ উচ্ছেদক লৈ সক্ৰিয় হোৱাৰ দৃশ্য দেখা গৈছিল । ইয়াৰ মাজতেই নাগালেণ্ডৰ সংগঠনটোৰ বিবৃতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ।
নগা উগ্ৰপন্থীৰ দাবী অযুক্তিকৰ :
নগা উগ্ৰপন্থীৰ দাবীক অযুক্তিকৰ বুলি সৰুপথাৰৰ বিভিন্ন দল সংগঠনে আখ্য়া দিয়াৰ সময়তেই বিধায়ক বিশ্বজিৎ ফুকনে কয়, "অসম-নাগালেণ্ড সীমান্তৰ এটা নিৰ্দিষ্ট সীমাত দৈয়াং নদীৰ সিপাৰে নাগালেণ্ড আৰু ইপাৰে অসম । গতিকে দৈয়াং নৈৰ সিপাৰে নাগালেণ্ডৰ এনএছচিএন, অন্য সামাজিক দল, ৰাজনৈতিক দলৰ সক্ৰিয়তা থাকিব পাৰে; কিন্তু অসমৰ মূল ভূমিখণ্ডত এনএছচিএনৰ কোনো কাৰ্য হোৱা নাই আৰু ভৱিষ্যতলৈ নহয় । ইয়াত অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব অক্ষুন্ন থাকিব । যিসকল অবৈধ মিঞা, বেদখলকাৰী ইয়াৰ পৰা গুচি গৈছে, যিখিনি বাকী আছে যাব । বেদখলকাৰীসকল যোৱাৰ পিছত এই অঞ্চলটো সুন্দৰকৈ সুৰক্ষা দিয়া হ'ব ।"

নাগালেণ্ড চৰকাৰে আদৰণি জনাইছে উচ্ছেদক :
বিধায়কগৰাকীয়ে পুনৰ কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যিকোনো ঠাইতে খিলঞ্জীয়া লোক সুৰক্ষিত । সৰুপথাৰৰ ৰাইজ নিশ্চিন্ত হৈ আছে । কোনো ধৰণৰ শংকা নাই । ইয়াত উচ্ছেদ হোৱাৰ পিছত সৰুপথাৰৰ জনগাথঁনি আমি বিচৰা ধৰণে হ'ব।"
নগা উগ্ৰপন্থীৰ বিবৃতি সন্দৰ্ভত তেওঁ পুনৰ কয়, "এটা বিষয় আমাৰো কৰ্ণ গোচৰ হৈছে যে কিছুমান ব্যক্তি যিসকল আমাৰ খিলঞ্জীয়া নহয়, দালাল চক্ৰই কওক বা অবৈধ দখলকাৰী বুলিয়েই কওক, মিঞা বুলিয়ে কওক, তেওঁলোকে নাগালেণ্ডলৈ গৈ আশ্ৰয় বা সংস্থাপন বিচৰাৰ সংবাদ আমি পাইছো ৷ কিন্তু সু-খবৰ যে বিভিন্ন সংবাদ মাধ্যমত আমি দেখিছো যে অসমৰ এই উচ্ছেদ কাৰ্যক নাগালেণ্ডৰ মানুহৰ লগতে নাগালেণ্ড চৰকাৰে আদৰণি জনাইছে । আনকি এন এছ চি এনৰ লোকেও আদৰণি জনোৱাৰ ভিডিঅ' মই পাইছো । গতিকে ইয়াৰ পৰা গৈ দুষ্কৃতিকাৰীয়ে কিবা কৰিব মই ভবা নাই ।"
বিধায়কগৰাকীয়ে লগতে কয়, "সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তত ইতিমধ্যেই সহস্ৰাধিক সেনা,আৰক্ষী বাহিনী, ফ'ৰেষ্ট বেটেলিয়ান, কমাণ্ডো ফ'ৰ্চেই হওক ২০০০তকৈ অধিক ইয়াত মোতায়েন কৰা হৈছে । তেওঁলোকে নিৰাপত্তাৰ দিশটো পুংখানুপুংখভাৱে চাইছে । কোনো ধৰণৰ নিৰাপত্তাত সুৰুঙা ইয়াত থাকি নাযায় । ইতিমধ্যে উৰিয়ামঘাট সীমান্তৰ পৰা ১৪০০ তকৈ অধিক গাড়ী ওলাই গৈছে । প্ৰায় ৯০০ পৰিয়াল ইয়াৰ পৰা একেবাৰে ওলাই গৈছে । বয়-বস্তু সকলো লৈ উভতি নহাকৈ তেওঁলোক ওলাই গৈছে । কিছু পৰিয়ালে ঘৰ-দুৱাৰ ভাঙিছে, বয়-বস্তু লৈ মহিলা, শিশু পঠিয়াই দিছে যদিও পৰিয়ালৰ এজন বা দুজন লোক ইয়াতে আছে । হাজাৰৰো অধিক তেনে ব্যক্তি আছে । সেইখিনিও উচ্ছেদ কৰা হ'ব ।"

