ডিব্ৰুগড় : পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে তৎপৰ হৈছে শাসক বিৰোধী সকলো ৰাজনৈতিক দল । পঞ্চায়ত সংশোধনী আইনৰ জৰিয়তে প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ বাবে দলীয় প্ৰতীক চিহ্ন নথকাকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও আঞ্চলিক আৰু জিলা পৰিষদৰ বাবে দলীয় চিহ্নত অনুষ্ঠিত হ'ব ।
বহু চৰ্চাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিজেপি আৰু অগপৰ নেতা-কৰ্মীৰ মাজত সম্পৰ্ক স্থাপন কৰি ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাক সামৰি থকা ডিব্ৰুগড় লোকসভা সমষ্টিত আছে বিজেপি আৰু অগপৰ মাজত ভিতৰি সংঘাত । চাবুৱা, লাহোৱালকে ধৰি বহুকেইটা সমষ্টিত বিজেপি-অগপৰ বিধায়কে পৃথকে পৃথকে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছিল ।
আমি প্ৰতিগৰাকী কাৰ্যকৰ্তা ৰাষ্ট্ৰৰ হকে সমৰ্পিত...
— Sarbananda Sonowal (@sarbanandsonwal) April 6, 2025
আজি ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ ৪৬সংখ্যক স্থাপনা দিৱস উদযাপন অনুষ্ঠানত দলীয় সতীৰ্থসকলৰ সৈতে#BJP4ViksitBharat pic.twitter.com/q2pBOt4bpF
তেনে সমস্যা আঁতৰ কৰাৰ বাবেই শনিবাৰে ডিব্ৰুগড়, তিনিচুকীয়া, ডিব্ৰুগড় জিলা বিজেপিৰ অগপ নেতা, মন্ত্ৰী-বিধায়কক লৈ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰদলৰ সভা অনুষ্ঠিত কৰে ।
ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণৰ বিপৰীতে পৰিয়ালতন্ত্ৰক প্ৰসাৰিত কৰি 'এক দল, এক পৰিয়াল' নীতিৰে ক্ষমতালোভী হোৱাটোৱেই কিছুমান ৰাজনৈতিক দলৰ প্ৰধান উদ্দেশ্য। অন্যহাতে, ভাৰতীয় জনতা পাৰ্টি হৈছে - Party with a difference। ভাৰতীয় মূল্যবোধৰ পৰম্পৰা তথা সমৰ্পণৰ দৃষ্টান্তৰে ভাৰত মাতাৰ চৰণত… pic.twitter.com/f93X3sX0mQ
— Sarbananda Sonowal (@sarbanandsonwal) April 6, 2025
অসমত বিৰোধীৰ প্ৰতি মানুহৰ আন্তৰিকতা নাই :
ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনক লৈ আজি বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই সন্দৰ্ভত তেওঁ কয়, "আমি মিত্ৰজোঁটৰ সৈতে মিলিত প্ৰচেষ্টাৰে অতি আন্তৰিকতাৰে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম । নিশ্চিতভাৱে যোৱা দিন বিলাকত ৰাইজৰ প্ৰতি যিখিনি সেৱা মিত্ৰজোঁট চৰকাৰে কৰিছে তাৰ বাবে বিভিন্ন সময়ত হোৱা নিৰ্বাচনত ৰাইজে আন্তৰিকতাৰে আমাক সহযোগ আৰু আশীৰ্বাদ দি আহিছে ।
সমাগত পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটে ঐক্যবদ্ধ প্ৰচেষ্টাৰে সফলতাৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আমি আশাবাদী।#BJP4ViksitBharat pic.twitter.com/OuyYOzHmvn
— Sarbananda Sonowal (@sarbanandsonwal) April 6, 2025
পঞ্চায়ত নিৰ্বাচনতো তেনেকুৱাই ফলাফল আহিব । অসমত বিৰোধীৰ প্ৰতি মানুহৰ আন্তৰিকতা নাই, বিৰোধীৰ চৰিত্ৰ ৰাইজে জানে ।"
.@BJP4India-ৰ ৪৬সংখ্যক স্থাপনা দিৱস উদযাপন উপলক্ষে @BJP4Assam ডিব্ৰুগড় জিলাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি দলৰ পতাকা উত্তোলন কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ এই দীঘলীয়া বৰ্ণিল যাত্ৰাৰ সময়ছোৱাত যিসকল স্বনামধন্য নেতা, কাৰ্যকৰ্তাই দলৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই গ'ল, তেখেতসকলক… pic.twitter.com/zBER5F1lc7
— Sarbananda Sonowal (@sarbanandsonwal) April 6, 2025
দলীয় নেতা কৰ্মীলৈ অভয়বাণী সোণোৱালৰ:
ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ উদ্যোগত জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ বৰ্ণিল যাত্ৰাৰ সময়ছোৱাত যিসকল স্বনামধন্য নেতা, কাৰ্যকৰ্তাই দলৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই গ'ল তেওঁলোকক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সৰ্বানন্দ সোণোৱালে ।
Live: Attending the Sthapna Diwas of @BJP4India in Dibrugarh. #BJP4ViksitBharat https://t.co/f92twMb380
— Sarbananda Sonowal (@sarbanandsonwal) April 6, 2025
এই দিৱসৰ দিনটোতে ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ পৰাই দলীয় নেতা কৰ্মীলৈ অভয়বাণী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । পঞ্চায়ত নিৰ্বাচন সফল কৰাৰ লগতে আগন্তুক ২৬ৰ নিৰ্বাচনত পুনৰ চৰকাৰ গঠন কৰিবলৈ দলীয় কৰ্মীক নিষ্ঠা আৰু দায়ৱদ্ধতাৰে ৰাইজৰ মাজত কাম কৰিবলৈ আহ্বান জনাই সোণোৱালে ।
Guided by the principles of Antyodaya, Seva aur Samarpan - @BJP4India is not only a political party but a Jan Bhagidari movement. On BJP Sthapna Diwas, hoisted the party flag at my home in Dibrugarh and took the pledge to dedicate myself towards building a Viksit Bharat.… pic.twitter.com/7FLtHw1AJ5
— Sarbananda Sonowal (@sarbanandsonwal) April 6, 2025
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ,ৰাজ্য়িক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আদি ।