চিকিৎসালয়সমূহ কেৱল চিকিৎসাৰ কেন্দ্ৰ নহয়, আনন্দ আৰু নিৰাময়ৰ কেন্দ্ৰও হ’ব লাগে : সৰ্বানন্দ সোণোৱাল
AIIMS গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এইমছ গুৱাহাটীত আইএনআই ৰেডিঅ’লজী আপডেট ২০২৫ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ ।

Published : August 31, 2025 at 12:02 PM IST
|Updated : August 31, 2025 at 12:43 PM IST
গুৱাহাটী: এইমছ গুৱাহাটীৰ সহযোগত ৰেডিঅ’লজিকেল ফ’ৰাম ফৰ ইনষ্টিটিউটছ অৱ নেচনেল ইম্প’ৰ্টেন্সৰ সহযোগত আয়োজিত আই এন আই ৰেডিঅ’লজি আপডেট ২০২৫ উদ্বোধন কৰা হয় । এই সন্মিলনত ভাৰত আৰু বিদেশৰ বহু ৰেডিঅ’লজিষ্ট, ক্লিনিচিয়ান, গৱেষক আৰু বিজ্ঞানীসকল একত্ৰিত হয়, য’ত সকলো এইমছ, পিজিআইএমইআৰ চণ্ডীগড়, নিমহান্স বেংগালুৰু, এছচিটিআইএমএছটি তিৰুৱনন্তপুৰম, এছজিপিজিআইএমএছ লক্ষ্ণৌ আৰু অন্যান্য আগশাৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
'এডভান্সিং ইমেজিং এণ্ড ইণ্টাৰভেনচনেল ৰেডিঅ’লজি' বিষয়বস্তুৰ অধীনত অনুষ্ঠিত এই শৈক্ষিক সমাৱেশে ৰেডিঅ’লজি আৰু সংশ্লিষ্ট শাখাসমূহত সহযোগিতা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰিব । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ডাঃ অশোক পুৰাণিক, এইমছ নতুন দিল্লীৰ কাৰ্ডিয়েক-নিউৰ’ চেণ্টাৰৰ মুৰব্বী অধ্যাপক ডাঃ শৈলেশ বি গাইকৱাড; এইমছ গুৱাহাটীৰ অধ্যাপক ডাঃ প্ৰাঞ্জল ফুকন আৰু এইমছ ভূপাল, ঋষিকেশ, ৰায়পুৰ আৰু অন্যান্য আগশাৰীৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ৰেডিঅ’লজিষ্টসকল উপস্থিত থাকে ।
ভাষণ প্ৰসংগত সোণোৱালে এই সন্মিলনক এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে । যিয়ে কেৱল শৈক্ষিক বিনিময় সুদৃঢ় কৰাই নহয়, ভাৰতৰ সুলভ আৰু উদ্ভাৱনীমূলক স্বাস্থ্যসেৱাৰ দৃষ্টিভংগীকো শক্তিশালী কৰে । তেওঁ এইমছ গুৱাহাটী আৰু আয়োজক সমিতিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষজ্ঞ আৰু যুৱ চিকিৎসকসকলক একত্ৰিত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলক চিকিৎসাৰ উৎকৰ্ষতাৰ উত্থানশীল কেন্দ্ৰ হিচাপে স্থান দিছে বুলি উল্লেখ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনৰ পৰা ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে । তেওঁ উল্লেখ কৰে যে স্বাস্থ্য ব্যৱস্থাটোক আন্তঃগাঁথনিৰ পৰা আহৰণলৈ, ব্যয়সাধ্যতাৰ পৰা উদ্ভাৱনলৈ নতুন ৰূপ দিয়া হৈছে । তেওঁ এইমছ নেটৱৰ্কৰ দ্ৰুত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি কয়, "২০১৪ চনত মাত্ৰ সাতখন এইমছ থকা ভাৰতত এতিয়া গুৱাহাটীকে ধৰি তেত্ৰিশখন এইমছ প্ৰতিষ্ঠান আছে । যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ দুৱাৰ মুখলৈ বিশ্বমানৰ স্বাস্থ্যসেৱা উপলব্ধ কৰিছে ।"
গুৱাহাটীৰ এইমছত অনুষ্ঠিত আই এন আই ৰেডিঅ'লজী আপডেট ২০২৫ অনুষ্ঠানত অংশগ্ৰহণৰ কিছু মুহূৰ্ত pic.twitter.com/BLIKdFu2kq
— Sarbananda Sonowal (@sarbanandsonwal) August 30, 2025
তেওঁ ৫৫ কোটিৰো অধিক নাগৰিকক আৰ্থিক সুৰক্ষা প্ৰদান কৰা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য নিশ্চয়তা আঁচনি আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জনআৰোগ্য যোজনা আৰু ১১ হাজাৰৰো অধিক কেন্দ্ৰৰে লাখ লাখ পৰিয়ালক সুলভ মূল্যৰ ঔষধ যোগান ধৰা জন আৰোগ্য পৰিযোজনাৰ দৰে ধ্বজাবাহী সংস্কাৰৰ কথাও উল্লেখ কৰে । তেওঁ আঙুলিয়াই দিয়ে যে চিকিৎসা শিক্ষাৰো ঐতিহাসিক সম্প্ৰসাৰণ হৈছে, যোৱা দশকত কলেজ আৰু এমবিবিএছৰ আসনৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত চিকিৎসক আৰু বিশেষজ্ঞৰ অভাৱ দূৰ হৈছে ।
Realisation of Hon'ble PM Shri @narendramodi ji vision - AIIMS at Guwahati is a big achievement for the people of Northeast. pic.twitter.com/h8EpK6kgRI
— Sarbananda Sonowal (@sarbanandsonwal) August 30, 2025
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে দৃঢ়তাৰে কয়, ‘‘সমগ্ৰ এইমছ আৰু জিলা চিকিৎসালয়সমূহত কৰ্কট, ষ্ট্ৰোক আৰু হৃদৰোগৰ দৰে ৰোগৰ আগতীয়া ধৰা পেলোৱা আৰু চিকিৎসা শক্তিশালী কৰাৰ বাবে আধুনিক নিদানমূলক সুবিধা স্থাপন কৰা হৈছে ।’’ তেওঁ এইমছ গুৱাহাটীক পৰিৱেশ অনুকূল চিকিৎসালয়ৰ ডিজাইনৰ আৰ্হি হিচাপে উল্লেখ কৰি চৰকাৰে সেউজ আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, যিয়ে প্ৰগতি আৰু পৰিৱেশ সচেতনতাৰ মাজত ভাৰসাম্য প্ৰতিফলিত কৰে ।
তেওঁ লগতে কয়, "উন্নত সংযোগ, নতুন চিকিৎসা প্ৰতিষ্ঠান আৰু বৰ্ধিত স্বাস্থ্যসেৱা আঁচনিৰ ফলত উত্তৰ-পূব দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে । স্বাস্থ্যসেৱাই হওক, সংস্কৃতিয়েই হওক, ব্যৱসায়েই হওক বা শিক্ষাই হওক, এই অঞ্চলটোৱে বিকাশ আৰু সহযোগিতাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ অপৰিসীম সম্ভাৱনা আছে । চিকিৎসালয়সমূহ কেৱল চিকিৎসাৰ কেন্দ্ৰ নহয়, আনন্দ আৰু নিৰাময়ৰ কেন্দ্ৰও হ’ব লাগে ।"
Wonderful to interact with respected doctors & the brightest minds in radiology at INI Radiology Update 2025 at AIIMS, Guwahati.
— Sarbananda Sonowal (@sarbanandsonwal) August 30, 2025
Events like these reinforce Hon'ble PM Shri @narendramodi ji's vision of a future-ready healthcare ecosystem driven by innovation, collaboration and… pic.twitter.com/ttRyAKuGLv
তিনিদিনীয়া আইএনআই ৰেডিঅ’লজি আপডেট ২০২৫ত ইমেজিং, হস্তক্ষেপমূলক ৰেডিঅ’লজি আৰু স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ শেহতীয়া উদ্ভাৱনসমূহৰ ওপৰত বক্তৃতা, পেনেল আলোচনা আৰু কৰ্মশালা অনুষ্ঠিত হ’ব । এই কনক্লেভে ভবিষ্যতে আই এন আইৰ ৰেডিঅ’লজিকেল এছ’চিয়েশ্যনৰ ভেটি স্থাপন কৰিব বুলি আশা কৰা হৈছে, যিয়ে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহত জ্ঞান-বিনিময়, প্ৰশিক্ষণ আৰু সহযোগিতাৰ প্ৰসাৰ ঘটাব ।

