স্বচ্ছতাই সেৱা, ৫০০ চাফাই কৰ্মীৰ শপত বাক্য পাঠ - Swachhata Hi Seva 2024
Swachhata Hi Seva 2024: ডিব্ৰুগড়ত ৫০০ চাফাই কৰ্মীক স্বচ্ছতাৰ শপত বাক্য পাঠ কৰালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত স্বচ্ছতাই সেৱা কাৰ্যসূচীত অংশগ্ৰহণ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ চাফাই কৰ্মীৰ ।

Published : September 21, 2024 at 8:27 PM IST
ডিব্ৰুগড়,২১ ছেপ্টেম্বৰ: দেশত স্বচ্ছতাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰাৰ বাবে স্বচ্ছতামূলক বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে । ইতিমধ্যে স্বচ্ছ অভিযান আঁচনি ৰূপায়ণ কৰি সফল হ'বলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰ । স্বচ্ছ অভিযানৰ পাছত 'স্বচ্ছতাই সেৱা' নামেৰে আন এক কাৰ্যসূচীত ৰূপায়ণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে সমগ্ৰ দেশতে 'স্বচ্ছতাই সেৱা' শীৰ্ষক অভিযান সমগ্ৰ দেশতে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
আনকি দেশৰ সকলো শ্ৰেণীৰ লোকক এই 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শনিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হয় 'স্বচ্ছতাই সেৱা' । এই কাৰ্যসূচীৰ বাবে ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হয় বিশেষ সভা । এই সভাতে ৫০০ চাফাই কৰ্মীক স্বচ্ছতাৰ শপতগ্ৰহণ কৰালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পুৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ অসামৰিক চিকিৎসালয়ত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, লগতে চাফাই কৰ্মীসকল আৰু স্থানীয় লোকসকলৰ সৈতে 'স্বচ্ছতাৰ বাবে জন অংশীদাৰ' কাৰ্যসূচীত অংশগ্ৰহণ কৰে । নিজেই হাতত ঝাৰু লৈ পৰিবেশ পৰিষ্কাৰ কৰি চাফাই কৰ্মীসকলক উৎসাহিত কৰে ।
ইয়াৰ পাছতে চৌকিডিঙী খেলপথাৰত ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ পৌৰসভা আৰু পৌৰ নিগমৰ চাফাই কৰ্মীসকলক লৈ অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানতে চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি সকলোৱে যাতে স্বচ্ছতাৰ ক্ষেত্ৰত নিজক সজাগ কৰি ৰাখে তাৰ বাবে স্বচ্ছতাৰ শপত বাক্য পাঠ কৰোৱাই সোণোৱালে । এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষাণ, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।
স্বচ্ছতাই সেৱা কাৰ্যসূচী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,"অসম চৰকাৰৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত স্বচ্ছতাই সেৱা সফল কৰা হৈছে । তিনিচুকীয়া-ডিব্ৰুগড়ৰ পৰা অহা ৫০০ চাফাই কৰ্মী এই অনুষ্ঠানত সংকল্পবদ্ধ হৈছে স্বচ্ছতাৰ ক্ষেত্ৰত । আমি সকলোৱে স্বচ্ছতাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব লাগিব । এনেবিলাক কাৰ্যসূচীৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে আগুৱাই নিয়াত সফল হ'ব পাৰিম ।"

