বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠান
মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয় । এইবাৰ বাগদেৱীৰ তিথি দুদিনীয়াকৈ মিলিছে ।

Published : February 3, 2025 at 8:06 PM IST
নিউজ ডেস্ক: আজি বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ল ৰাজ্যৰ শিক্ষানুষ্ঠান । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী বন্দনাৰে মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত দুদিন ধৰি শিক্ষানুষ্ঠানত চলিল বাগদেৱীৰ বন্দনা । কাৰণ এইবাৰ তিথি দুদিনীয়াকৈ মিলা বাবে আজি পুৱা ৯.৪৭ বজালকৈ শুক্লা পঞ্চমীত বাগদেৱীৰ আশিস ল'লে সকলোৱে ।
ৰাজ্যৰ আন ঠাইৰ লগতে মহানগৰীৰ শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত সমূহতো সৰস্বতী পূজা উপলক্ষে পুৱাৰে পৰা দেখা গ'ল আধ্যাত্মিক পৰিৱেশ । মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা । সৰস্বতী পূজা উপলক্ষে ৰাজ্যজুৰি পুৱাৰে পৰা বিৰাজ কৰে উখল-মাখল পৰিৱেশ । সুন্দৰকৈ সাজি-কাঁচি আহি মাৰ ওচৰত আশিস ল'লে ছাত্ৰ-ছাত্ৰীসকলে ।
মহানগৰীৰ কটন বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়,গুৱাহাটী কমাৰ্চ কলেজকে ধৰি মহানগৰীৰ বিদ্যালয়-মহাবিদ্যালয়, হোষ্টেলসমূহত পুৱাৰে পৰা মুখৰিত হৈ পৰিল বাগদেৱীৰ মংগল ধ্বনিৰে । ইফালে, সৰস্বতী পূজা উপলক্ষে আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হয় প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয় তথা প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদ । সমান্তৰালভাৱে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ লগতে হোমাগ্নি, ধূপ-চাকিৰ সুবাসেৰে সুশোভিত হৈ পৰিছে সমগ্র পৰিৱেশ ।
উল্লেখ্য়ে যে সৰস্বতী পূজা বুলি ক’লেই যুৱপ্ৰজন্মৰ মাজত থাকে দুগুণ উৎসাহ । বিশেষকৈ সৰস্বতী পূজা বুলি ক'লে যুৱতীসকলৰ মাজত দেখা যায় বিশেষ প্ৰস্তুতি । সৰস্বতী পূজা উপলক্ষে কি সাজ পৰিধান কৰি যাব তাক লৈ দেখা যায় বিশেষ তৎপৰতা ।
মাজুলীত ব্যতিক্ৰমী পূজা মণ্ডপ :
সত্ৰ নগৰী মাজুলীতো সৰস্বতী পূজাক লৈ ছাত্র- ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা যায় । মাজুলীৰ বনগাঁওস্থিত শংকৰদেৱ শিশু নিকেতনে প্ৰতি বছৰে সমাজলৈ এটা বাৰ্তা দিব পৰাকৈ পূজা মণ্ডপ তৈয়াৰ কৰি আহিছে । এইবাৰ বিদ্যালয়খনে হেলমেট আকাৰত পূজা মণ্ডপ নিৰ্মাণ কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "সমাজলৈ বিশেষ বাৰ্তা দিব পৰাকৈ প্ৰতি বছৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰি অহা হৈছে । এইবাৰ মানুহৰ মাজত পথ সুৰক্ষা সজাগতা বৃদ্ধিৰ বাবে এইদৰে মণ্ডপ নিৰ্মাণ কৰা হৈছে ।"
শিৱসাগৰ:
ইপিনে,আজি শিৱসাগৰৰ বিভিন্ন শিক্ষানুষ্ঠানো মুখৰিত হৈ পৰে দেৱী বন্দনাৰে । এই সন্দৰ্ভত এগৰাকী শিক্ষায়িত্ৰী কয়, "সকলো ছাত্ৰ-ছাত্ৰীয়ে এই দিনটোলৈ অপেক্ষা কৰি থাকে । ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো আহে । তেওঁলোকক আপ্য়ায়ন কৰি ভাল লাগে । এই আনন্দৰ মাজেৰে আশা কৰো যাতে সৰস্বতী মাতৃয়ে সকলোকে আশীৰ্বাদ দিয়ে ।"

