ETV Bharat / state

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ: সপ্তাৰ্শ্ব বৰদলৈ

৯৮.৩৩ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত দ্বিতীয়স্থান লাভ কৰিবলৈ সক্ষম হোৱা সপ্তাৰ্শ্ব বৰদলৈৰ অনুভৱ ।

Saptarsha Bordoloi came second in the state with 98.33 per cent marks in HSLC
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয়স্থান সপ্তাৰ্শ্ব বৰদলৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 11, 2025 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এইবাৰ অসমৰ ভিতৰতে 'অৰ্ডাৰ অৱ মেৰিট'ৰ শীৰ্ষ ৩ টা স্থান দখল কৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুগৰাকী, অসম জাতীয় বিদ্যালয়, নুনমাটিৰ এগৰাকী শিক্ষাৰ্থীয়ে । অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তাৰ্শ্ব বৰদলৈয়ে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

৯৮.৩৩ শতাংশ নম্বৰ লাভ কৰি সপ্তাৰ্শ্ব বৰদলৈয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰজনৰ এই সফলতাত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে কৃতজ্ঞতা প্রকাশ কৰি ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । গুৱাহাটীৰ মঠঘৰীয়াৰ বাসিন্দা সপ্তাৰ্শ্ব বৰদলৈয়ে সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰি এই সফলতা লাভ কৰে । দৈনিক ১০ ৰ পৰা ১২ ঘণ্টা অধ্যয়ন কৰা ছাত্ৰগৰাকীয়ে ভৱিষ্যতে এগৰাকী সু-নাগৰিক হোৱাৰ লগতে এজন সু-চিকিৎসক হোৱাৰ সপোন দেখিছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয়স্থান সপ্তাৰ্শ্ব বৰদলৈৰ (ETV Bharat Assam)

তবলা বজাই আৰু কাৰাটে খেলি ভাল পোৱা ছাত্ৰগৰাকীয়ে চিকিৎসক হৈ মানৱ সেৱাত ব্ৰতী হ'বলৈ সপোন পুহি ৰাখিছে । কৃতি ছাত্ৰগৰাকীৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, ভাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ কৃতিত্ব থকা বুলি ব্যক্ত কৰে । ছাত্ৰজনে কয়,"আজি বহুত ভাল লাগিছে । শিক্ষক-শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো । কাৰণ তেওঁলোক অবিহনে এয়া সম্ভৱ নহ'লহেতেন । তেওঁলোকৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ । পিতৃ-মাতৃক শ্ৰদ্ধা কৰা আৰু শিক্ষক-শিক্ষয়িত্ৰীক শ্ৰদ্ধা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা । কাৰণ তেওঁলোকৰ আশীৰ্বাদেই আমাক আগুৱাই যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।"

মহানগৰীৰ মঠঘৰীয়াৰ বাসিন্দা অমৰ জ্যোতি বৰদলৈ আৰু মমিতা শইকীয়া বৰদলৈৰ সু-পুত্ৰ সপ্তাৰ্শ্ব বৰদলৈ । ছাত্ৰজনৰ এই সফলতাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ, অঞ্চলবাসী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক: ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ; শীৰ্ষ স্থান দখল যোৰহাটৰ আমিশীৰ - ASSAM HSLC RESULT 2025

আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল; ক'ত কেনেকৈ চাব? - HSLC 2025 RESULTS