গুৱাহাটী: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এইবাৰ অসমৰ ভিতৰতে 'অৰ্ডাৰ অৱ মেৰিট'ৰ শীৰ্ষ ৩ টা স্থান দখল কৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুগৰাকী, অসম জাতীয় বিদ্যালয়, নুনমাটিৰ এগৰাকী শিক্ষাৰ্থীয়ে । অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তাৰ্শ্ব বৰদলৈয়ে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
৯৮.৩৩ শতাংশ নম্বৰ লাভ কৰি সপ্তাৰ্শ্ব বৰদলৈয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰজনৰ এই সফলতাত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে কৃতজ্ঞতা প্রকাশ কৰি ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । গুৱাহাটীৰ মঠঘৰীয়াৰ বাসিন্দা সপ্তাৰ্শ্ব বৰদলৈয়ে সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰি এই সফলতা লাভ কৰে । দৈনিক ১০ ৰ পৰা ১২ ঘণ্টা অধ্যয়ন কৰা ছাত্ৰগৰাকীয়ে ভৱিষ্যতে এগৰাকী সু-নাগৰিক হোৱাৰ লগতে এজন সু-চিকিৎসক হোৱাৰ সপোন দেখিছে ।
তবলা বজাই আৰু কাৰাটে খেলি ভাল পোৱা ছাত্ৰগৰাকীয়ে চিকিৎসক হৈ মানৱ সেৱাত ব্ৰতী হ'বলৈ সপোন পুহি ৰাখিছে । কৃতি ছাত্ৰগৰাকীৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, ভাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ কৃতিত্ব থকা বুলি ব্যক্ত কৰে । ছাত্ৰজনে কয়,"আজি বহুত ভাল লাগিছে । শিক্ষক-শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো । কাৰণ তেওঁলোক অবিহনে এয়া সম্ভৱ নহ'লহেতেন । তেওঁলোকৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ । পিতৃ-মাতৃক শ্ৰদ্ধা কৰা আৰু শিক্ষক-শিক্ষয়িত্ৰীক শ্ৰদ্ধা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা । কাৰণ তেওঁলোকৰ আশীৰ্বাদেই আমাক আগুৱাই যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।"
মহানগৰীৰ মঠঘৰীয়াৰ বাসিন্দা অমৰ জ্যোতি বৰদলৈ আৰু মমিতা শইকীয়া বৰদলৈৰ সু-পুত্ৰ সপ্তাৰ্শ্ব বৰদলৈ । ছাত্ৰজনৰ এই সফলতাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ, অঞ্চলবাসী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰিছে ।