ডিব্ৰুগড় : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা আৰু হেণ্ডকাফ লগোৱা বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । আনকি বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰাক্তন আছু নেতাজনক হেণ্ডকাফ নলগাবলৈ তেওঁ ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিছে । কিন্তু তাৰ পিছত মুখ্যমন্ত্ৰীয়ে পুনৰ সংবাদমেলত শংকৰজ্যোতি বৰুৱাক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰে ।
মুখ্যমন্ত্ৰীয়ে কৈছিল যে শংকৰজ্যোতিৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু হৈছিল । ৩০৭ ধাৰাত গোচৰ ৰুজু হৈছিল সেয়ে ডিব্ৰুগড় আৰক্ষীয়ে হেণ্ডকাফ লগাইছিল। এই মন্তব্যৰ পাছতে ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডেয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে ৰাইজক ভুল তথ্য দিছে ।
জ্যেষ্ঠ অধিবক্তাৰ অভিযোগ
শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ নিয়াক লৈ বিভিন্নজনে আৰক্ষীক সামাজিক মাধ্যমত সমালোচনা কৰাৰ লগতে দল-সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰিছে । এনে সময়তে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতলৈ নিয়া বিষয়ত অসম মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দিছে অধিবক্তা বিজয় পাণ্ডেয়ে ।
এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, "এই সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দিছো । ইতিমধ্যে আৰক্ষী দায়বদ্ধতা আয়োগে অভিযোগ গ্ৰহণ কৰিছে ।"
মুখ্যমন্ত্ৰীয়ে ৰাইজক ভুল তথ্য দিছে !
শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ লৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰা পাছতেই জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডেয়ে কয়,"মুখ্যমন্ত্ৰীয়ে ৰাইজক ভুল তথ্য দিছে । যিটো গোচৰত হেণ্ডকাফ লগাই শংকৰজ্যোতি বৰুৱাক আদালতলৈ অনা হৈছিল তাত ৩০৭ ধাৰা অন্তৰ্ভুক্ত নাছিল । সেই গোচৰত জামিনো লাভ কৰিছিল । ৩০৭ ধাৰা থাকিলেও শংকৰজ্যোতি বৰুৱাৰ দুৰ্ধৰ্ষ অপৰাধ ৰেকৰ্ড নাই যে হেণ্ডকাফ লগাব লাগে । এফালে মুখ্যমন্ত্ৰীয়ে হেণ্ডকাফ নলগাবলৈ নিৰ্দেশ দিছে আনফালে এই মন্তব্য ৰখাৰ কি যুক্তি আছে । মুখ্যমন্ত্ৰীয়ে পুলিচক নিৰ্দেশ দিছে আনফালে আৰক্ষীক সমৰ্থন কৰিছে । হেণ্ডকাফ লগাব পৰা আৰু হেণ্ডকাফ লগোৱাৰ মাজত পাৰ্থক্য আছে, হয়তো ডিব্ৰুগড় আৰক্ষীয়ে মুখ্যমন্ত্ৰীক ভুৱা তথ্য দিছে বা মুখ্যমন্ত্ৰীয়ে ৰাইজক বিপথে পৰিচালিত কৰিছে ।"
লগতে পঢ়ক :শংকৰৰ হাতত হেণ্ডকাফ লগোৱাত মোৰ বুকুখন বিষাইছে: পবিত্ৰ মাৰ্ঘেৰিটা - SANKOR JYOTI BARUAH CASE