ETV Bharat / state

ফ্ৰী ম্যে খানে ৱালা আদমি হ্যে... ক্ষমা প্ৰাৰ্থনা তনু শ্বাহীৰ

দুলীয়াজান পেট্ৰ'ল পাম্পৰ ঘটনাক লৈ আন এক বিতৰ্ক । তীব্ৰ সমালোচনাৰ অন্তত কৰ্মচাৰী তনু শ্বাহীয়ে অসমৰ ৰাইজৰ ওচৰত বিচাৰিলে ক্ষমা ।

Sankor Jyoti Baruah case
ফ্ৰী ম্যে খানে ৱালা আদমি হ্যে...ক্ষমা প্ৰাৰ্থনা তনু শ্বাহীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 11:29 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : তৈল নগৰী হিচাপে পৰিচিত ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এটা পেট্ৰ'ল পাম্পত যোৱা ১৭ মে'ত সংঘটিত ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দিন দুপৰতে পেট্ৰ'ল পাম্পত একাংশ যুৱকে প্ৰৱেশ কৰি কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ উঠিছে । আনকি ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে ।

প্ৰচণ্ড মাৰপিটৰ ঘটনাত আহত মহিলা কৰ্মচাৰী তনু শ্বাহীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে । ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শংকৰজ্যোতি বৰুৱাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

  • কি কৈছিল তনু শ্বাহীয়ে ?

কিন্তু ঘটনাৰ সময়ত তনু শ্বাহীয়ে কৰা কিছুমান মন্তব্যক লৈ আন এক বিতৰ্কৰ সূচনা হৈছে । ঘটনাৰ সময়ত যুৱকৰ দলটোক লক্ষ্য কৰি তনু শ্বাহীয়ে গালি গালাজ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত তনু শ্বাহীয়ে কৈছিল, "য়ে লোগ চব ফ্ৰী ম্যে খানে ৱালা আদমি হ্যে, চব ফ্ৰী ম্যে খানে ৱালা আদমি হ্যে, চব দালাল লোগ খাড়া হ্যে...।"

ফ্ৰী ম্যে খানে ৱালা আদমি হ্যে...ক্ষমা প্ৰাৰ্থনা তনু শ্বাহীৰ (ETV Bharat)

তনু শ্বাহীৰ এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অসমীয়াক উদ্দেশ্যি এনেধৰণৰ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি বিভিন্নজনে তনু শ্বাহীক গ্ৰেপ্তাৰৰো দাবী জনাইছে । আনকি তনু শ্বাহীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰো দাখিল কৰা হৈছে ।

  • তনু শ্বাহীৰ ক্ষমা প্ৰাৰ্থনা

ইয়াৰ পিছতে ভুল স্বীকাৰ কৰিলে তনু শ্বাহীয়ে । সামাজিক মাধ্যমৰ জৰিয়তে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী তনু শ্বাহীয়ে ৰাজ্যবাসীৰ ওপৰত ক্ষমাও বিচাৰিছে ।

তনু শ্বাহীয়ে কয়, "যোৱা ১৭ তাৰিখে বি.এন.সিঙ পেট্ৰ'ল পাম্পত যি ঘটনা সংঘটিত হ'ল, তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো । কাজিয়া হোৱা সময়ত মোৰ মুখৰ পৰা যি শব্দ ওলাইছে তাক লৈ মই বহুত দুঃখিত । এই শব্দটো মই কোনো অসমীয়া মানুহ, জাতি, দল- সংগঠনৰ উদ্দেশ্যে কোৱা নাই । এটা পৰিস্থিতিত পৰি ভয়ত মই এইবোৰ কৈ পালো । সেইদিনা মোৰ ভাইটিক মাৰিছিল সেয়ে ভয়ত এইবোৰ কৈ পালো । ... কিন্তু এইটো মই অসমীয়া জাতিৰ বাবে কেতিয়াও ক'ব নোৱাৰো । কিয়নো মই নিজেই অসমীয়া ছোৱালী । এই শব্দ মই প্ৰকাশ কৰিব নালাগিছিল তাৰ বাবে মই দুখ প্ৰকাশ কৰিছো । মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰিব ।"

লগতে পঢ়ক :প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ - SHANKARJYOTI BARUAH

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে ৰাইজক বিপথে পৰিচালিত কৰিছে ! - SANKOR JYOTI HANDCUFF CONTROVERSY

লগতে পঢ়ক :শংকৰৰ হাতত হেণ্ডকাফ লগোৱাত মোৰ বুকুখন বিষাইছে: পবিত্ৰ মাৰ্ঘেৰিটা - SANKOR JYOTI BARUAH CASE