জুবিনৰ মৃত্যু ৰহস্যক লৈ মুখ খুলিলে ড০ সঞ্জীৱ নাৰায়ণে
ছিংগাপুৰলৈ কিয় গৈছিল সঞ্জীৱ নাৰায়ণ ? জুবিনৰ বাবে য়াট কোনে বুকিং কৰিছিল ?

Published : September 24, 2025 at 8:23 PM IST
গুৱাহাটী : জুবিনৰ ৰহস্যঘন মৃত্যুত নাম সাঙোৰ খাই পৰা ড০ সঞ্জীৱ নাৰায়ণৰ আত্মপক্ষ সমৰ্থন । নিজৰ কাৰ্যালয়ত সংবাদমেল পাতি চাফাই গালে প্ৰাগ নিউজৰ স্বত্ত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণে ।
ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুৰ অন্যতম অভিযুক্ত হৈছে ড০ সঞ্জীৱ নাৰায়ণ । জুবিন গাৰ্গ সাগৰত ডুব যোৱাৰ সময়ত ড০ সঞ্জীৱ নাৰায়ণ তাত উপস্থিত থকাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে জুবিন অনুৰাগীসকল সোচ্চাৰ হৈ পৰিছে ড০ সঞ্জীৱ নাৰায়ণৰ ওপৰত । লগতে তেওঁক গ্ৰেপ্তাৰৰো দাবী উত্থাপন হৈছে । তেনে পৰিপ্ৰেক্ষিতত বুধবাৰে ড০ সঞ্জীৱ নাৰায়ণে প্ৰাগ নিউজৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি নিজৰ বক্তব্য আগবঢ়ায় ।
সংবাদমেলত ড০ সঞ্জীৱ নাৰায়ণে কয়, "আমি দেখিছোঁ কিছুমান মানুহে নিজে কিছুমান কাহিনী বনাই আমাক সাঙোৰ খুৱাবলৈ চেষ্টা কৰিছে । ইতিমধ্যে সামাজিক মাধ্যমত মোক লৈ অপপ্ৰচাৰ চলাই আছে বা বিভিন্ন মন্তব্য কৰি আছে । সেয়ে আজি মই কথাবোৰ ক'ব বিচাৰিছোঁ । যদিহে কথাবোৰ কোৱাৰ পাছত মই দোষী সাব্যস্ত হওঁ, তেতিয়া মই নিজেই ফাঁচিকাঠত ওলমিম ।"
ছিংগাপুৰলৈ কিয় গৈছিল সঞ্জীৱ নাৰায়ণ
লগতে ছিংগাপুৰলৈ যোৱা আৰু সমগ্ৰ অভিযোগ সন্দৰ্ভত সঞ্জীৱ নাৰায়ণে কয়, "প্ৰথম কথা, নৰ্থ-ইষ্ট ফেষ্টিভেল মোৰ নিজৰ নহয়, মোক তালৈ নিমন্ত্ৰণহে কৰা হৈছিল । শ্যামকানু মহন্তই মোক ছিংগাপুৰলৈ নিমন্ত্ৰণ কৰিছিল । তেওঁ কৈছিল নর্থ- ইষ্ট ফেষ্টিভেলত নাগালেণ্ড, মিজোৰাম, মেঘালয়ৰ মুখ্যমন্ত্ৰীসকলৰ উপৰি কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু পবিত্র মাৰ্ঘেৰিটা উপস্থিত থাকিব । মই ভাবিলোঁ এই মঞ্চখনতে মই ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে প্রকাশ কৰা ইংৰাজীত লিখা কিতাপখন মুকলি কৰিলে আন্তর্জাতিক স্তৰত কিতাপখনৰ কথা জানিব পাৰিব । সেয়ে মই ছিংগাপুৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ ।"

তেওঁ লগতে কয়, "কিন্তু মই শ্যামকানু মহন্তক জনাওঁ যে মই মাত্র ১৯ ছেপ্টেম্বৰ দিনটোহে তাত থাকিব পাৰিম । কাৰণ ২০ ছেপ্টেম্বৰত মই ডুবাইলৈ যাবৰ বাবে টিকট পূৰ্বৰে পৰা কৰা আছে । এইখিনিতে মই কওঁ যে ছিংগাপুৰলৈ যোৱা আৰু হোটেলৰ খৰচ এইবোৰ মই নিজে বহন কৰিছিলোঁ । কাৰো আতিথ্য গ্ৰহণ কৰা নাছিলোঁ ।"

উত্থাপিত অভিযোগ সন্দৰ্ভত কি কয়
উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয়, "মোৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন হৈছে । প্রথম অভিযোগ ১৮ ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰৰ এখন হোটেলত হোৱা নিশাৰ পাৰ্টীটো মই সংগঠিত কৰিছিলো । য'ত স্বয়ং জুবিন গাৰ্গ আছিল । ১৮ ছেপ্টেম্বৰৰ নিশাৰ পাৰ্টী মই সংগঠিত কৰা নাছিলো আৰু মই তাত উপস্থিতো নাছিলোঁ । এই পাৰ্টীৰ বিষয়ে মই একো নাজানো ।"
তেওঁ কয়, "১৮ ছেপ্টেম্বৰৰ সন্ধিয়া আমাৰ নতুন ছবি 'শ্বহীদ প্রণামো তোমাক'ৰ প্রিমিয়াৰ শ্ব'ত আছিলোঁ । আইদেউ টকিজত অনুষ্ঠিত প্রিমিয়াৰ শ্ব'ৰ পৰা বাহিৰে বাহিৰে মই গুৱাহাটী বিমানবন্দৰলৈ গৈছিলোঁ । সন্ধিয়া ৭.৫০ বজাৰ বিমানযোগে মই কলকাতালৈ যাত্রা কৰিছিলোঁ । ভাৰতীয় সময়মতে নিশা ১১.৩০ বজাত মই ছিংগাপুৰ অভিমুখে যাত্ৰা কৰোঁ । যিসময়ত ছিংগাপুৰত পার্টী চলি আছিল সেই সময়ত মই কলকাতা বিমানবন্দৰত ছিংগাপুৰ অভিমুখী বিমানৰ বাবে অপেক্ষা কৰি আছিলোঁ ।"
তেওঁ আৰু কয়, "পাৰ্টীৰ ভিডিঅ' এটা সকলোৰে লগত শ্বেয়াৰ কৰা হৈছে । এই ভিডিঅ'টো ছিংগাপুৰৰ সময় নিশা ৯.৩৯ বজাত লোৱা হৈছে । ভাৰতীয় সময় সন্ধিয়া ৭.০৯ বজাত । সেই সময়ত মই গুৱাহাটী বিমানবন্দৰত কলকাতা অভিমুখী বিমানৰ বাবে অপেক্ষা কৰি আছিলোঁ ।"

জুবিনৰ য়াট বুকিং কৰিছিল নেকি সঞ্জীৱ নাৰায়ণে
লগতে তেওঁ কয়, "মোৰ ওপৰত উত্থাপন হোৱা দ্বিতীয় অভিযোগ আছিল সাগৰত হোৱা দুৰ্ঘটনাৰ পূৰ্বে জুবিন গার্গে যিখন য়টত উঠি এটা দ্বীপলৈ গৈছিল, সেইখন মই বুক কৰিছোঁ আৰু সকলো খৰচ মই দিছোঁ । এই অভিযোগটোৰ প্রসংগত মই কওঁ যে মই ১৮ ছেপ্টেম্বৰৰ ভাৰতীয় সময় নিশা ১১.৩০ বজাত ছিংগাপুৰ অভিমুখে ৰাওনা হওঁ । ১৯ ছেপ্টেম্বৰৰ পুৱা ছিংগাপুৰৰ সময় ৬.৩০ বজাত, ভাৰতীয় সময় অনুসৰি পুৱা ৪ বজাত ছিংগাপুৰৰ ছাংগি বিমানবন্দৰত অৱতৰণ কৰোঁ । বিমানবন্দৰৰ আনুষ্ঠানিকতা সমাপ্ত কৰি ওলাই আহোঁতে ছিংগাপুৰৰ সময় ৯ আৰু ভাৰতীয় সময় প্রায় পুৱা ৬.৩০ বাজিছিল ।"
তেওঁ কয়, "হোটেল পাওঁতে ছিংগাপুৰৰ সময় অনুসৰি পুৱা ১০ আৰু ভাৰতীয় সময় পুৱা ৭.৩০ বাজিছিল । হোটেল সোমায়েই মই অলপ জিৰণি লৈ মোৰ বন্ধু মৃগাংক হাজৰিকা আৰু মই ভাৰতীয় সময় দুপৰীয়া ১২.৩০ বজামানত টোপনিৰ পৰা উঠি দুয়ো দুপৰীয়াৰ আহাৰৰ বাবে ৰেস্তোৰাঁলৈ ওলাই আহোঁ । সেই সময়লৈকে জুবিন গাৰ্গ আৰু তেওঁৰ সংগীবৃন্দ কোনখন হোটেলত আছে বা কি কৰি আছে আমি একো নাজানো ।"
জুবিনৰ দুৰ্ঘটনা সন্দৰ্ভত বক্তব্য
জুবিনৰ দুৰ্ঘটনা সন্দৰ্ভত কয়, "ছিংগাপুৰৰ সময় অনুসৰি ৩.৪০ আৰু ভাৰতীয় সময় দুপৰীয়া ১.১০বজাত আমাৰ ভাত আহিল । ঠিক সেই সময়তে মই শ্যামকানু মহন্তৰ পৰা এটা ফোন পাওঁ । তেতিয়া তেওঁ মোক জনালে যে সাগৰত জুবিনৰ এটা দুর্ঘটনা হৈছে । আপুনি তালৈ লৰালৰিকৈ যাওক । মই সুধিলোঁ যে মই কাক যোগাযোগ কৰোঁ, কোনখিনিলৈ গ'লে জুবিনক লগ পাম ? তেতিয়া মোক মহন্তই অভিমন্যু তালুকদাৰৰ নম্বৰ দিয়ে ।"
তেওঁ কয়, "মই অভিমন্যু তালুকদাৰক যোগাযোগ কৰাত তেওঁ মোক এটা নির্দিষ্ট জাহাজঘাটলৈ আহিবলৈ কয় । ততাতৈয়াকৈ মই আৰু মৃগাংকই এখন টেক্সি লৈ তালৈ যাওঁ । তাত গৈ আমি দেখিবলৈ পাওঁ জুবিনক পাৰলৈ আনি CPR দি থকা হৈছে আৰু এখন এম্বুলেন্স ৰৈ আছে । মই নামিয়েই তাত ৰৈ থকা সকলোকে উদ্দেশ্যি লগতে সিদ্ধাৰ্থক বহুত বেয়াকৈ গালি দিওঁ । তাক প্ৰশ্ন কৰিছিলোঁ কি কাৰণত সি সকলো জানিও জুবিনক সাগৰলৈ যাবলৈ দিলে । লগতে মই CPR দিয়াতকৈ হাস্পতাললৈ নিনিয়ে কিয় বুলি প্রশ্ন কৰিলোঁ ।"
জুবিনক হাস্পতাললৈ নিয়া প্ৰসংগত কয়, "তেতিয়া ছিংগাপুৰ পুলিচে ক'লে- 'আপুনি হাস্পতাললৈ যাব পাৰিব, কিন্তু বাকীসকলক আমি জিম্মাত ৰাখিব লাগিব ।' তেতিয়া মই ক'লোঁ- জুবিনৰ স্বাস্থ্যৰ সকলো তথ্য সিদ্ধার্থইহে জানে, তেওঁক ডাক্তৰে বিচাৰিব, তেওঁক যাবলৈ দিয়ক । পুলিচে তেতিয়া সিদ্ধার্থৰ হাতত থকা নথি-পত্ৰ জব্দ কৰি তেওঁক এম্বুলেন্সত যাবলৈ দিয়ে । সেইখিনি সময়ত ছিংগাপুৰস্থিত ভাৰতীয় উপ-উচ্চায়ুক্তজন সাগৰ তীৰত উপস্থিত হৈছিলগৈ । মই আৰু মৃগাংক তেওঁৰ গাড়ীতে হাস্পতাললৈ আহোঁ ।"
হাস্পতালত কি হৈছিল
তেওঁ লগতে কয়, "হাস্পতালত জুবিনক ICUত বহু সময় চিকিৎসা প্রদান কৰা হয়, কিন্তু দুর্ভাগ্যজনকভাৱে তেওঁৰ জীৱন ঘূৰাই আনিব পৰা নগ'ল । হাস্পতালত তেতিয়া মই, মৃগাংক আৰু সিদ্ধাৰ্থ আৰু ইণ্ডিয়ান হাইকমিছনাৰ আছিল । ছিংগাপুৰৰ সময় ৫.১৫ বজাত (ভাৰতীয় সময় প্রায় দুপৰীয়া ২.৪৫) জ্যেষ্ঠ চিকিৎসকে জুবিনক মৃত্যু হোৱা বুলি ঘোষণা কৰে । তাৰ পাছত ডাক্তৰে আহি আমাক সেই বেয়া খবৰটো দিয়ে । তাৰ পাছত প্ৰায়কেইগৰাকী মন্ত্ৰী, বিধায়কৰ লগত ফোনত কথা পাতি কথাবোৰ জনাওঁ । তাৰে চিকিৎসকে মোক সোমবাৰলৈ আহিব কয়, কাৰণ তাত শনিবাৰ আৰু দেওবাৰে সকলোবোৰ বন্ধ থাকে । তেতিয়া মই হাস্পতালৰ পৰাই মই মন্ত্রী পীযুষ হাজৰীকা, পবিত্র মাৰ্ঘেৰিটা, বিমল বড়া আদিৰ লগত যোগাযোগ কৰো ।"
তেওঁ কয়, "জুবিনক কোনে জাহাজলৈ নিলে, কোনে জাহাজ (য়ট) বুক কৰিছিল তেতিয়ালৈকে মই একো নাজানো । পাছত ৰাজহুৱাভাৱে প্রকাশ পাইছে যে ছিংগাপুৰ অসমীয়া সমাজৰ জনৈক তন্ময়ে এই সকলো ব্যৱস্থা কৰিছিল । ইয়াৰ পৰা এইটো স্পষ্ট যে জাহাজ বুক কৰা, জুবিনক সাগৰলৈ লৈ যোৱা ঘটনাৰ লগত মই কোনো কাৰণতেই জড়িত নহয় ।"
ষড়যন্ত্ৰৰ বলি হৈছে নেকি সঞ্জীৱ নাৰায়ণ
জুবিনৰ স্বাস্থ্য সন্দৰ্ভত সঞ্জীৱ নাৰায়ণে কয়, "মই জানিব পৰা অনুসৰি সেইদিনা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰা নাছিল জুবিনে । সেয়ে আনদিনাতকৈ পূৰ্বে হোটেলৰ পৰা ওলাই আহিছিল জুবিন । জুবিনৰ লগত সম্পর্ক মোৰ দীৰ্ঘদিনীয়া । এইকেইদিন মই সদায় যোগাযোগ কৰি আছোঁ । তাক লৈ মোৰ আবেগ নাছিল নেকি ? জুবিনক মদ খাবলৈ সদায় বাধা দি আহিছোঁ । সামাজিক মাধ্যমযোগে মোৰ বিৰুদ্ধে চলা এই ষড়যন্ত্রই মোক গভীৰ আঘাত দিছে । এই ষড়যন্ত্ৰৰ ফলশ্ৰুতিত মোৰ ৩৫ বছৰৰ পুৰণি বন্ধু, পৰিয়ালৰ এজন জুবিন গাৰ্গক অন্তিম সময়ত ৰাজহুৱাভাৱে শেষ শ্রদ্ধা জনাব নোৱাৰিলোঁ ।"
আবেগিক হৈ সঞ্জীৱ নাৰায়ণে কয়, "মই আৰু মোৰ পৰিয়ালৰ কাতৰ অনুৰোধ সত্ত্বেও প্রশাসনে আমাক বাৰে বাৰে অন্তিম সংস্কাৰলৈ নাযাবৰ বাবে সতৰ্ক কৰি দিয়ে । একমাত্র সামাজিক মাধ্যমত কেইজনমান ব্যক্তিয়ে উদ্দেশ্যপ্রণোদিতভাৱে আমাক হেয় কৰিবলৈ ষড়যন্ত্ৰ কৰিলে । যাৰ ফলত জুবিনক আমি অন্তিম শয়নত এবাৰো চাবলৈ যাব নোৱাৰিলোঁ ।"
ড০ সঞ্জীৱ নাৰায়ণক অনা অসমীয়া বুলি কৰা মন্তব্যৰ বিষয়ত কি কয়
সামাজিক মাধ্যমযোগে সঞ্জীৱ নাৰায়ণক অনা অসমীয়া বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়, "মই আৰু কিমান প্ৰমাণ দিব লাগিব অসমীয়া হ'বলৈ । 50 খনৰো অধিক মই অসমীয়া ছবি নিৰ্মাণ কৰিলোঁ । পইচা আহক নাহক কথা নাই, মই দিয়া সেই প্ৰতিশ্ৰুতি পালন কৰি আহিছোঁ । এইখিনি কৰাৰ পাছতো যদি মোক অনা অসমীয়া বুলি কয়, তেন্তে মোক অসমীয়াৰ সংজ্ঞাটো বুজাই দিয়ক ।"
জুবিনৰ লগত ষড়যন্ত্ৰ হৈছিল নেকি
এই সন্দৰ্ভত তেওঁ কয়, "এই ঘটনাৰ পাছত মোক লৈ বহুজনৰ বিভিন্ন মন্তব্য কৰা দেখা গৈছে । কিন্তু মোৰ তাত কি দোষ আছিল ? জুবিনক হস্পিটেললৈ নিয়াটো মোৰ কি ভুল আছিল নেকি ? মই তাক তাত এৰি পলাই আহিব লাগিছিল নেকি ? অসমৰ ৰাইজে ভাবিছে মই কিয় নাই যোৱা । মোক মানা কৰাৰ বাবে মই যোৱা নাই । এই ঘটনাৰ তদন্ত হওক । ময়ো জুবিনক হেৰুৱালোঁ । মই ষড়যন্ত্ৰ বুলি ক'ব নোৱাৰোঁ । যদি হৈছে তদন্তৰ কৰক বা যদি অৱমাননা যদি হৈছে সেয়াও তদন্ত হওক । CID-এ নহয়, CBI-ৰ তদন্ত হওক । মই থাকিলে যাব নিদিলোঁ হয় । সিদ্ধাৰ্থ শৰ্মাই যাব দিব নালাগিছিল ।"

