সুপ্রকাশ ভূঞালৈ সাহিত্য অকাডেমি যুৱ বঁটা
সুপ্রকাশ ভূঞাৰ উপৰি সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্ময়ো লাভ কৰিছে সাহিত্য অকাডেমি বঁটা ।

Published : June 18, 2025 at 9:09 PM IST
আমগুৰি : অসমৰ সাহিত্য জগতৰ বাবে আন এক সুখবৰ । অসমীয়া সাহিত্যৰ দুগৰাকী আৰু বড়ো সাহিত্যৰ এগৰাকী সাহিত্যিকে লাভ কৰিছে প্ৰতিষ্ঠিত তথা সন্মানীয় সাহিত্য অকাডেমি বঁটা । সুৰেন্দ্ৰ মোহন দাসে অসমীয়া ভাষাত শিশু সাহিত্য বঁটা লাভ কৰাৰ উপৰি বিনয় কুমাৰ ব্ৰহ্মই এই বঁটা লাভ কৰিছে বড়ো সাহিত্যত । আনহাতে, সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিছে সুপ্ৰকাশ ভূঞাই ।
শিৱসাগৰৰ দিখৌমুখৰ সুপ্রকাশ ভূঞাই 'কুঁচিয়ানামা' গল্প সংকলনৰ বাবে লাভ কৰিছে সাহিত্য অকাডেমি যুৱ বঁটা । ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ সুপ্রকাশ ভূঞাৰ গল্প সংকলন 'কুঁচিয়ানামা' প্ৰকাশ হৈছিল ২০২৩ বৰ্ষৰ ডিচেম্বৰত ।
উল্লেখ্য যে গৰীয়সী, প্ৰান্তিক, সাতসৰী আৰু প্ৰকাশ আলোচনীত নিয়মীয়াকৈ গল্প লিখি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে সুপ্ৰকাশ ভূঞাই । ১৯৯০ চনত শিৱসাগৰৰ দিখৌমুখত জন্মগ্ৰহণ কৰা সুপ্রকাশ ভূঞাৰ প্ৰথম গল্প সংকলন হৈছে 'ছিছিফাছৰ পৃথিৱী' ।
বর্তমান দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত সুপ্ৰকাশ ভূঞাৰ অসমৰ এখন প্ৰতিষ্ঠিত আলোচনী গৰীয়সীত প্রথম গল্প প্রকাশ হৈছিল । আনহাতে, ২০০৮ বর্ষত গৰীয়সীত চন্দ্রপ্রসাদ শইকীয়া চুটিগল্প প্রতিযোগিতাত 'কাঞ্চনজংঘাৰোহণ' গল্পৰ বাবে তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

তেওঁৰ প্রকাশিত গল্প সংকলন হৈছে দুখন । ইয়াৰে সাহিত্য অকাডেমিৰ বাবে নিৰ্বাচিত হৈছে পূর্বায়নৰ দ্বাৰা প্রকাশিত দ্বিতীয় গল্প সংকলন 'কুঁচিয়ানামা'। আনহাতে, সাহিত্য অকাডেমিৰ নৱোদয় প্রকল্পৰ অধীনত প্রকাশিত প্রথম গল্প সংকলন হৈছে 'ছিছিফাছৰ পৃথিৱী' ।
স্বকীয় কথনশৈলী আৰু উপজীৱ্যৰে সুপ্রকাশে সমাজ জীৱনৰ অনেক উপেক্ষিত দিশ গল্পৰ বিষয় কৰি লৈছে । অধ্যয়নৰ অনুষংগৰ লগতে সূক্ষ্ম পর্যবেক্ষণ আৰু তীক্ষ্ণ অন্তর্দৃষ্টিয়ে তেওঁৰ গল্পক সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে ।
প্রচলিত সমাজ-ৰাজনীতিত দেখা দিয়া বিভিন্ন সামাজিক আৰু ৰাজনৈতিক সমস্যাৱলীৰ সমান্তৰালভাৱে মানুহৰ অন্তৰ্জীৱনকো গল্পকাৰে গল্পসমূহত তুলি ধৰিবলৈ যত্ন কৰিছে । শান্তিৰাম ভূঞা আৰু ৰাণু ভূঞাৰ সন্তান সুপ্রকাশ ভূঞা বৰ্তমান লেখা-মেলাৰ সৈতে জড়িত হৈ আছে ।
সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ পিছত তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত সুপ্ৰকাশ ভূঞাই কয়, "মই কুঁচিয়ানামা গল্প সংকলনটোৰ বাবে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা পাইছোঁ । আপোনালোক আহিছে মোৰ ভাল লাগিছে । মই গৰীয়সা, সাতসৰী, প্ৰকাশ এই তিনিখন আলোচনীত প্ৰায় ২০১০ বৰ্ষৰ পৰা নিয়মিতভাৱে লিখি আছোঁ । তাত মোৰ গল্প প্ৰকাশ হৈ আহিছে । মই বৰ্তমানলৈকে প্ৰায় ২০-২৫ টামান গল্প লিখিছোঁ । সাহিত্য একাডেমিৰ নৱোদয় প্ৰকল্পৰ অধীনত মোৰ প্ৰথমখন গল্প সংকলন ছিছিফাছৰ পৃথিৱী প্ৰকাশ পাইছে । আৰু মোৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামা প্ৰকাশ পাইছে ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত । এইখন গ্ৰন্থৰ বাবেই মই সাহিত্য অকাডেমি বঁটা পাইছোঁ ।"

