ETV Bharat / state

মানুহে কিতাপ নিকিনে বাবে বেয়া লাগে; সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিনয় কুমাৰ ব্ৰহ্ম

বিনয় কুমাৰ ব্ৰহ্মৰ 'খান্ঠি বৗসৗন আৰৗ আখু দানায়' (নীতি পৰামৰ্শ আৰু চৰিত্ৰগঠন) নামৰ গল্পপুথিখনৰ বাবে শিশু সাহিত্য পুৰস্কাৰ লাভ । দোতমাত আনন্দৰ বন্যা ।

Sahitya Akademi Awards 2025
গ্ৰন্থখনৰ সৈতে সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিনয় কুমাৰ ব্ৰহ্ম (Sahitya Akademi Awards 2025)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 8:39 AM IST

4 Min Read
Choose ETV Bharat

কোকৰাঝাৰ: বুধবাৰে ঘোষণা কৰা ২০২৫ বৰ্ষৰ সাহিত্য একাডেমি শিশু সাহিত্য বঁটা (বড়ো শিতানত) কোকৰাঝাৰ জিলাৰ দোতমা দ্বিতীয় খণ্ড নিবাসী শিক্ষক বিনয় কুমাৰ ব্ৰহ্মই লাভ কৰাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে । পেছাত এগৰাকী শিক্ষক বিনয় কুমাৰ ব্ৰহ্ম (৫৬) বৰ্তমান হাব্ৰুবাৰী, সেৰফাংগুৰিৰ ইউ এন বি ভোকেচনেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত ।

বিনয় কুমাৰ ব্ৰহ্মই 'खान्थि बोसोन आरो आखु दानाय' (খান্ঠি বৗসৗন আৰৗ আখু দানায়, নীতি পৰামৰ্শ আৰু চৰিত্ৰগঠন) নামৰ গল্প পুথিখনৰ বাবে এইবাৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছে ।

সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিনয় কুমাৰ ব্ৰহ্মৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ইপিনে বিনয় কুমাৰ ব্ৰহ্মই বড়ো ভাষা শিতানত সাহিত্য একাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰাৰ খবৰটো বিয়পি পৰাৰ লগে লগে দোতমা অঞ্চলৰ বহু লোকে তেওঁৰ বাসভৱনলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।

আনহাতে, শিশু সাহিত্য বঁটা লাভ কৰি কেনে লাগিছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিনয় কুমাৰ ব্ৰহ্মই কয় যে তেওঁ কেতিয়াও সাহিত্য একাডেমি বঁটা লাভ কৰিব বুলি ভবাই নাছিল । এই খবৰটো সাহিত্য একাডেমিৰ আহ্বায়ক তৰেণ বড়োৰ পৰা পোৱা বুলি সদৰী কৰি সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে । লগতে কেতিয়াও নভবা কথাটো বাস্তৱত পৰিণত হোৱাত তেওঁ সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰে ।

বঁটা লাভ কৰাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "আজি মই ২০২৫ চনৰ সাহিত্য অকামেডি পাই খুবেই ভাল লাগিছে । মনটো খুব উৎফুল্লিত লাগিছে । মই যাতে ভৱিষ্যতেও এনেদৰে কাম কৰি যাব পাৰোঁ সেইটো মই কামনা কৰিছোঁ । 'খান্ঠি বৗসৗন আৰৗ আখু দানায়' বড়ো ভাষাত গ্ৰন্থখনৰ বাবে এই বঁটা পাইছোঁ ।"

বিনয় কুমাৰ ব্ৰহ্মই বৰ্তমানলৈকে ৩০ খন কিতাপ ৰচনা কৰিছে । ইয়াৰে ভিতৰত ২৫ খন কিতাপ প্ৰকাশিত হৈছে আৰু আন পাঁচখন অপ্ৰকাশিত ৰূপত আছে বুলিও তেওঁ সদৰী কৰে ।

আনহাতে, সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাপ্ৰাপক বিনয় কুমাৰ ব্ৰহ্মই কয় যে বৰ্তমান সময়ত আটাইতকৈ দুখলগা কথাটো হ'ল পঢ়ুৱৈয়ে কিতাপ কিনি নপঢ়ে । কিতাপ কিনা আৰু কিতাপ পঢ়া মানুহৰ অভাৱ ৷ বঁটা-বাহন নাপালেও কোনো দুখ নালাগে, কিন্তু বৰ্তমান মানুহবোৰে কিতাপ নিকিনা আৰু নপঢ়া কথাটোৱেহে মনত বৰ দুখ দিয়ে বুলি মন্তব্য কৰে ।

তেওঁ কয়, "মই সাহিত্য অকাডেমি বঁটা পাম বুলি কেতিয়াও ভবা নাছিলোঁ । মই কেৱল লিখি যাম আৰু লিখি যাম । এইটো মোৰ দুখ লাগে যে সাহিত্য অকাডেমি পোৱাটো বা পুৰস্কাৰ পোৱাটো বেলেগ কথা, মই এইটোত দুখ পাওঁ মানুহবিলাকে কিতাপ আজিকালি নিকিনে । এইটোকে মোৰ বেয়া লাগে ।"

উল্লেখ্য যে ২০০৮ চনৰ পৰাই কিতাপ লিখা কাম আৰম্ভ কৰা বিনয় কুমাৰ ব্ৰহ্মই ২০১৯ চনত এই গ্ৰন্থখনৰ কাম হাতত লৈছিল । ক'ভিড-১৯ ৰ সময়ত স্কুল-কলেজ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ল'ৰা-ছোৱালীৰ নীতিজ্ঞান নোহোৱা হোৱা বুলি তেওঁৰ মনত অনুভৱ হৈছিল ।

ডাঙৰক, পিতৃ-মাতৃক কেনেদৰে সন্মান কৰিব লাগে সেয়া পাহৰি যোৱা বুলি উল্লেখ কৰি সেই কথাটোৱে তেওঁৰ মনত গভীৰভাৱে ৰেখাপাত কৰাৰ পৰিণতিতে ২০১৯ চনৰ পৰা চৰিত্ৰপাঠৰ দৰে এখন কিতাপ ৰচনা কৰাৰ কাম আৰম্ভ কৰে । সেইখন গ্ৰন্থ 'खान्थि बोसोन आरो आखु दानाय'ৰ (নীতি পৰামৰ্শ আৰু চৰিত্ৰগঠন) বাবেই তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰে ।

তেওঁ সাহিত্যৰ ওপৰত ভৱিষ্যতেও কাম কৰি যাব বুলি মন্তব্য কৰি কিতাপ কিনি পঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

উল্লেখ্য যে, বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি ড৹ সুৰথ নাৰ্জাৰীয়ে বিনয় কুমাৰ ব্ৰহ্মকে ধৰি সাহিত্য অকাডেমি বঁটাপ্ৰাপক আটাইকেইগৰাকীকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনায় ।

লগতে পঢ়ক :অসমৰ তিনি সাহিত্যিকলৈ সন্মানীয় সাহিত্য অকাডেমি বঁটা - SAHITYA AKADEMI AWARDS 2025
লগতে পঢ়ক :সুপ্রকাশ ভূঞালৈ সাহিত্য অকাডেমি যুৱ বঁটা - SAHITYA AKADEMI YUVA PURASKAR