কাজিৰঙা : অসমীয়াৰ স্বাভিমান ডিঙিত লৈ কাজিৰঙা ভ্ৰমণ ক্ৰিকেটৰ ভগৱান খ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ৷ পত্নী অঞ্জলি আৰু দুহিতা ছাৰাক লগত লৈ শচীন তেণ্ডুলকাৰে আজি (মঙলবাৰ) পুৱা খোলা জিপচীত উঠি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ নৈসৰ্গত সময় উদ্যাপন কৰে ৷
আজিৰ দিনটোত দুবাৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰি আপ্লুত হৈ পৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ৷ উদ্যানৰ অন্তৰ্ভাগত ছাফাৰি কৰি বিবিধ বন্যপ্ৰাণী স্বচক্ষে প্ৰত্যক্ষ কৰে ক্ৰিকেটাৰগৰাকীয়ে । তেওঁ কয়, ''কাজিৰঙা দৰ্শন কৰিবলৈ সকলো আহিব লাগে ৷ সেয়ে ময়ো আহিছো ৷''
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া পত্নী অঞ্জলি, কন্যা ছাৰা তথা পৰিয়াল-বন্ধুবৰ্গসহ কাজিৰঙাত উপস্থিত হৈ ক্ৰিকেটাৰ তেণ্ডুলকাৰে বৰগছ ৰিজ’ৰ্টত নৈশ যাপন কৰে । তাৰ পাচত মঙলবাৰে পুৱাই তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰি কৰে ৷
পুৱাৰ ভাগত সপৰিয়ালে খোলা জীপছিত উঠি উদ্যানৰ বাগৰি বনাঞ্চলত প্ৰৱেশ কৰে ক্ৰিকেটৰগৰাকীয়ে । বাগৰি বনাঞ্চলৰ বন বিষয়া বিবিত দিহিঙীয়াসহ কাজিৰঙাৰ বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছৰ তত্বাৱধানত জীপ ছাফাৰি কৰা তেণ্ডুলকাৰে দুঘণ্টাতকৈয়ো অধিক সময় উদ্যানৰ অন্তৰ্ভাগত কটাই উদ্যানৰ বন্যপ্ৰাণী, নৈসৰ্গিক দৃশ্যৰাজি উপভোগ কৰে ৷
এইসময়ছোৱাত উদ্যানত গঁড়, হাতী, বাঘ, ম’হ, দল হৰিণ, পহু, বিবিধ পক্ষী দেখা পাই আহ্লাদিত হৈ পৰে ক্ৰিকেটাৰগৰাকী ৷ ক্ৰিকেটাৰগৰাকীৰ সৈতে গাইড হিচাপে যোৱা বিতোপন কলিতাই জানিবলৈ দিয়া মতে, কাজিৰঙাত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিয়েই ‘বিগ ফাইভ’ দৰ্শন কৰি অতিশয় আনন্দিত হয় তেণ্ডুলকাৰ ৷
নিচেই কাষৰে পৰাই বন্যপ্ৰাণী প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰা ক্ৰিকেটাৰগৰাকীয়ে ঠায়ে ঠায়ে ৰৈ কেমেৰাৰে ফটো তোলাৰ লগতে বনশিবিৰত ৰৈ বনকৰ্মীৰ সৈতেও মত বিনিময় কৰে বুলি কয় কলিতাই ৷
কলিতাই লগতে কয়, ''বনশিবিৰৰ বনকৰ্মীৰ উপৰিও বন দুৰ্গা বাহিনীৰ মহিলা বনকৰ্মীৰ সৈতেও মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ ইপিনে, পুৱাৰ ভাগত উদ্যানৰ বাগৰি বনাঞ্চলত প্ৰৱেশ কৰাৰ পাছত বিয়লি কহঁৰা বনাঞ্চলত প্ৰৱেশ কৰে ক্ৰিকেটাৰগৰাকী ৷''
গাইড কলিতাই আৰু কয়, ''কহঁৰা বনাঞ্চলত অন্যান্য বন্যপ্ৰাণীৰ লগতে দুটাকৈ ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰি তেণ্ডুলকাৰে অনাবিল আনন্দ লাভ কৰে । ক্ৰিকেটাৰগৰাকীয়ে উদ্যানৰ অন্তৰ্ভাগত ‘সোণালী বাঘ’ দেখাৰো সৌভাগ্য ঘটে ৷''

উল্লেখ্য যে, কাজিৰঙাৰ অন্তৰ্ভাগত বিগত দুটা বৰ্ষ ধৰি সোণালী বাঘৰ আবিৰ্ভাৱে বিশেষ চৰ্চ্চা লাভ কৰিছে ৷ ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে নিচেই ওচৰতে সোণালী বাঘ আৰু গঁড় দেখিবলৈ পোৱাটো এক অনন্য অভিজ্ঞতা ৷ কহঁৰা বনাঞ্চলত প্ৰায় দুঘণ্টা অতিবাহিত কৰি ক্ৰিকেটাৰগৰাকী পৰিয়ালসহ কাজিৰঙাৰ বগৰীজুৰিস্থিত ‘নীলটাভা’ ৰিজ’ৰ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷
নীলটাভাত সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্য গ্ৰহণ কৰি সন্তোষ পাই নিশাৰ আহাৰো নীলটাভাতে গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ নীলটাভাত ক্ৰিকেটাৰগৰাকীয়ে চুঙাত দিয়া কুকুৰা, পাতত দিয়া মাছ, শাক, বৰটেঙা, আলু পিটিকা, অমিতা বুটৰ খাৰ, খাৰলি সহ দিনৰ আহাৰ গ্ৰহণ কৰে বুলি প্ৰকাশ ৷
ইফালে, আজি নিশা কাজিৰঙাৰ বৰগছ ৰিচৰ্টতে কটাই কালিলৈ তেণ্ডুলকাৰ গুৱাহাটী অভিমুখে ৰানা হ’ব বুলি জানিব পৰা গৈছে ৷