কাজিৰঙা: বৰ্তমান সময়ত কাজিৰঙা ভ্ৰমণত ব্যস্ত আছে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ । তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ সপৰিয়ালে আহিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী ।
সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে অহা ক্ৰিকেটাৰগৰাকীৰ আগমনক লৈ উখল-মাখল হৈ পৰে কাজিৰঙাৰ বাকৰি । অনুৰাগীসকলৰ মনতো অপাৰ আনন্দ । অৱশ্যে কাজিৰঙাত প্ৰৱেশ কৰাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি আলহীক আদৰে ।
সোমবাৰে বিয়লিৰ ভাগত কাজিৰঙাৰ কঁহৰাত উপস্থিত হোৱা শচীন তেণ্ডুলকাৰে অঞ্চলটোৰ প্ৰাকৃতিক নৈসৰ্গৰাজি উপভোগ কৰে । পত্নী অঞ্জলি আৰু কন্যা ছাৰাৰ সৈতে সোমবাৰৰ নিশাটো ব্যয়বহুল ৰিজ’ৰ্ট বৰগছত পাৰ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । ৰিজ’ৰ্ট পৰিচালনা সমিতিয়ে তেণ্ডুলকাৰ পৰিয়ালক জনায় উষ্ম আদৰণি । শচীন তেণ্ডুলকাৰৰ আগমনৰ কথা জানিব পাৰি ৰিজ’ৰ্টৰ বাহিৰে-ভিতৰে গোট খাই উৎসাহী অনুৰাগীসকল ।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে মঙলবাৰে পুৱা প্ৰায় ৬.৩০ বজাত জীপ ছাফাৰীৰ সহায়ত কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে । তেণ্ডুলকাৰ পৰিয়ালে কাজিৰঙাৰ বাগৰি ৰেঞ্জ ভ্ৰমণ কৰাৰ পিছত ৰিজ’ৰ্টলৈ উভতি আহি পুৱাৰ আহাৰ গ্ৰহণ কৰে ।

পুনৰায় তেওঁলোকে মঙলবাৰে সন্ধিয়াৰ ভাগত জীপ ছাফাৰীৰ আনন্দ উপভোগ কৰাৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে । মঙলবাৰে নিশাটো একেখন ৰিজ’ৰ্টতে অতিবাহিত কৰাৰ পিছত বুধবাৰে পুৱা বাগৰি ৰেঞ্জলৈ যাব শচীন তেণ্ডুলকাৰ সহিতে পত্নী-কন্যা ।

বাগৰি ৰেঞ্জৰ পৰা উভতি আহি বিয়লিৰ ভাগত তেওঁলোক গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ কথা । তেণ্ডুলকাৰ পৰিয়ালক অসমীয়া খাদ্য পৰিৱেশন কৰি আতিথ্য প্ৰদান কৰে হোটেল কৰ্তৃপক্ষই ।

সততে খেলৰ সৈতে জড়িত বিষয়ক লৈ চৰ্চাত থকা ক্ৰিকেটাৰগৰাকীয়ে অৱসৰৰ সময় কটোৱাৰ উদ্দেশ্যে কাজিৰঙা ভ্ৰমণ কৰাত সন্তোষ প্ৰকাশ কৰে স্থানীয় বাসিন্দাসকলে ।

আনহাতে, কাজিৰঙা ফুৰিবলৈ আহি প্ৰিয় খেলুৱৈ শচীন তেণ্ডুলকাৰক লগ পাই আনন্দিত হৈ পৰে মুম্বাইৰ পৰা কাজিৰঙা ভ্ৰমণৰ বাবে অহা এটা পৰিয়াল । পৰিয়ালটোত থকা বৈহান বৈভৱ দলৱি নামৰ শিশুটোৰ সৈতে কৰমৰ্দন কৰে শচীন তেণ্ডুলকাৰে ।
লগতে পঢ়ক: পুৱাই জীপ ছাফাৰী কৰি কাজিৰঙা ভ্ৰমণৰ পৰিকল্পনা ক্ৰিকেটৰ ভগৱানৰ