ETV Bharat / state

চি আই ডি কাৰ্যালয়ত হাজিৰ ৰূপকমল কলিতা, এতিয়াও খবৰ নাই বাকী ছিংগাপুৰীয়া অসমীয়াৰ

অৱশেষত চি আই ডিৰ কাৰ্যালয়ত ভাষ্য প্ৰদানৰ বাবে ছিংগাপুৰৰ পৰা আহিল এজন ।

Rupkamal Kalita from Singapore appeared to give a statement at the CID office
চি আই ডি কাৰ্যালয়ত হাজিৰ ৰূপকমল কলিতা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 7, 2025 at 1:04 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ১৯ দিনৰ পিছত চি আই ডিত হাজিৰ হ'ল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা । হার্টথ্রৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাই পৰা ছিংগাপুৰৰ প্রবাসী অসমীয়া ৰূপকমল কলিতা মঙলবাৰে হাজিৰ হয় চি আই ডি কাৰ্যালয়ত । দুপৰীয়া ১২:১০ বজাত চি আই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় ৰূপকমল কলিতা । চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ মুখ্যমন্ত্রীয়ে দিয়া ১০ দিনৰ সময়সীমা সোমবাৰে উকলি গৈছিল যদিও জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা প্ৰথমজন প্ৰবাসী অসমীয়া আজি আহি এছ আই টিত হাজিৰ হয় ।

বৰ্তমান চি আই ডিৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰখা হৈছে ৰূপকমল কলিতাক । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত চাক্ষুস প্ৰমাণ আছিল তেওঁ । গতিকে তেওঁৰ ভাষ্য অতি গুৰুত্বপূৰ্ণ হ'ব । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত য়ট পাৰ্টিত ছিংগাপুৰত থকা ১১ জনকৈ প্ৰবাসী অসমীয়া আছিল । তাৰ ভিতৰত য়টত আছিল গুৱাহাটী কাহিলীপাৰা নিবাসী প্রবাসী অসমীয়া ৰূপকমল কলিতাও ।

চি আই ডি কাৰ্যালয়ত হাজিৰ ৰূপকমল কলিতা (ETV Bharat Assam)

সাগৰত জুবিন গার্গে ভাগৰুৱা তথা ক্লান্ত হৈ মৃত্যুৰ যন্ত্ৰণাত চটফটাই থকা সময়ত হাতত বীয়েৰৰ বটল লৈ য়টত বহি জুবিনৰ মৃত্যু চাই আছিল ছিংগাপুৰৰ প্রবাসী অসমীয়া কেইজনে । জুবিন গাৰ্গৰ শেষ সময়ৰ সংগী য়াটত থকা ৰূপকমল কলিতাৰ বাহিৰে বাকী কোনো এজন প্ৰবাসী অসমীয়াই বৰ্তমানলৈ এছ আই টিৰ তদন্তত সহযোগ কৰিবলৈ ইচ্ছা প্রকাশ কৰা নাই । ছিংগাপুৰ পুলিচৰ বাধা, চাকৰি হেৰুওৱাৰ ভয় আদিৰ দোহাই দি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগ নকৰাৰহে ইংগিত দিছে তেওঁলোকে ।

Rupkamal Kalita from Singapore appeared to give a statement at the CID office
ভাষ্য প্ৰদানৰ বাবে উপস্থিত ৰূপকমল কলিতা (ETV Bharat Assam)

সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ৰূপকমল কলিতা আজি এছ আই টিত হাজিৰ হ'ব বুলি মন্তব্য কৰিছিল । তেওঁ কৈছিল,"ছিংগাপুৰৰ পৰা এজন অসমীয়া এছ আই টিৰ ওচৰলৈ আহিব । চি আই ডিক ফোন কৰি ৰূপকমল কলিতাই অহাৰ সিদ্ধান্তৰ কথা জনাইছে । বাকীসকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই । আমি হেঁচা অব্যাহত ৰাখিছোঁ । মই ভাবো আজি নহ'লে কাইলৈ হ'লেও আহিব লাগিব । যিমান সোনকালে আহে, সিমান সোনকালেই তদন্ত শেষ কৰিব পাৰিম ।"

লগতে পঢ়ক: গৰিমা শইকীয়া গাৰ্গৰ শূন্য বুকু, পামীৰ শুনিবলৈ মন ‘মমন’ মাতষাৰ

উন্নয়ন মানেই জধেমধে গছ কটা নচলিব ! জুবিন গাৰ্গৰ নামত আৰবান ফৰেষ্টৰ দাবী