ETV Bharat / state

চাহ শ্ৰমিকৰ মাজলৈ গৈ সমস্যাৰ বুজ ল'বলৈ বিষয়াক নিৰ্দেশ শ্ৰমমন্ত্ৰীৰ

চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা ।

review meeting of Tea Tribe Welfare Department
চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2025 at 12:17 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : অসমৰ দুশ বছৰীয়া উদ্যোগ উজ্জীৱত কৰা মূল চালিকা শক্তিয়েই হ'ল চাহ শ্ৰমিক । কিন্তু চাহ শ্ৰমিকৰ সমস্যাৰ যেন অন্ত নপৰে । কম মজুৰিত কাম কৰি জীৱন নিৰ্বাহ কৰি ৰাজ্য তথা দেশৰ অৰ্থনীতিত অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে নিতৌ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । ক’ৰবাত যদি ভূমিহীন হৈছে চাহ শ্ৰমিক, আন ক’ৰবাত স্বাস্থ্য সেৱা, বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ।

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ এক দীৰ্ঘ দিনীয়া দাবী আজি পৰ্যন্ত কোনো এখন চৰকাৰে কাৰ্যকৰী কৰিব পৰা নাই । চাহ বাগিচাৰ শ্ৰমিকৰ ক্ষোভ-অসন্তুষ্টি আঁতৰ কৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিছে বিজেপি চৰকাৰ । শুকুৰবাৰে ডিব্ৰুগড়ৰ লাহোৱালৰ গ্ৰীণউড চাহ বাগিচাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় অসম চৰকাৰৰ শ্রম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক ।

চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠক (ETV Bharat Assam)

এই বৈঠকত অংশগ্ৰহণ কৰি শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাই জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা চাহ বাগিচাসমূহত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজৰ সম্পৰ্কে বুজ লয় । শ্ৰমিকৰ দৈনিক মজুৰিৰ সমস্যা, গৃহ নিৰ্মাণ, শিক্ষা, স্বাস্থ্য, পানী যোগান আদিকে ধৰি মৌলিক সমস্যাসমূহ যাতে সোনকালে সমাধান হয় তাৰ বাবে জিলাখনৰ প্ৰতিটো বিভাগৰ বিষয়াসকলক খৰতকীয়াকৈ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ শ্ৰমমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰে ।

চাহ শ্ৰমিকৰ সমস্যাক লৈ চৰকাৰী বা ব্যক্তিগত কোম্পানী সমূহৰ ভূমিকা যাতে বিভাগীয় বিষয়াসকলে শ্ৰমিকৰ মাজলৈ গৈ বুজ লয় তাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানটোত বিধায়ক পোনাকন বৰুৱা, বিধায়ক চক্ৰধৰ গগৈ, অসম চৰকাৰৰ শ্ৰমিক কল্যাণ, বীজ নিগম তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তী, শ্ৰম বিভাগৰ আয়ুক্ত অনামিকা তিৱাৰী, উপ-শ্ৰম আয়ুক্ত কনপাই দাস, জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীকে ধৰি বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।

শ্ৰমিকৰ সমস্যাৰ বুজ ল'বলৈ নিৰ্দেশ :

শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাই চাহ শ্ৰমিকৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি কয়, "ইয়াৰ পূৰ্বে লখিমপুৰত চাহ শ্ৰমিকক লৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছিল । সেই সভাৰ পৰা যথেষ্ট লাভাম্বিত হৈছো । ডিব্ৰুগড় যিহেতু অধিক চাহ বাগিচা থকা জিলা সেয়ে এই জিলাৰ চাহ শ্ৰমিকৰ সমস্যাক লৈ পৰ্যালোচনা কৰা হয় । এই পৰ্যালোচনা সভাত শ্ৰমিকৰ সমস্যা বুজ লোৱা হৈছে । শ্ৰম বিভাগে যাতে শ্ৰমিকৰ মাজলৈ গৈ শ্ৰমিকৰ সমস্যা বুজ লয় তাৰ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰা হৈছে । এতিয়াৰে পৰা শ্ৰম বিভাগৰ কাম-কাজ ক্ষীপ্ৰতাৰে বৃদ্ধি পাব আৰু বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকক নিজৰ অধিকাৰ প্ৰদান কৰিব ।"

ভূমিৰ অধিকাৰ লাভ কৰিব কোনে ?

চাহ শ্ৰমিকৰ ভূমি অধিকাৰ এক দীৰ্ঘদিনীয়া সমস্যা । প্ৰতিখন চৰকাৰে চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও কাৰ্যকৰী হোৱা নাই । শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাই এই ক্ষেত্ৰত কয়, "চাহ বাগিচাৰ শ্ৰমিকৰ ভূমিপট্টা প্ৰদানৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিধানসভাত উল্লেখ কৰিছে শ্ৰমিকসকলে যিখিনি ঠাইত বাস কৰি আছে সেই ভূমিৰ অধিকাৰ প্ৰদান কৰিব । এই ক্ষেত্ৰত অসমৰ চৰকাৰে কাম কৰি আছে । ভৱিষ্যতে চাহ শ্ৰমিকে বাস কৰি থকা ভূমিৰ অধিকাৰ লাভ কৰিব ।"

লগতে পঢ়ক:ৰাজকোষ উদং: বিধায়ক পুঁজিৰ দেখাদেখি নাই, চাহ নিগমৰ সম্পত্তিও নিলামৰ দিশে - ASSAM GOVT LOAN