আৰ টি আই কৰ্মী হিচাপে নহয়, অপৰাধী হিচাপে গণ্য কৰা হ’ব দুলাল বৰাক- মুখ্যমন্ত্ৰী - Dulal Bora in controversy
RTI activist Dulal Bora: দুলাল বৰাৰ কোনো আৰ টি আইৰ উত্তৰ নিদিবলৈ সকলো চৰকাৰী বিভাগক নিৰ্দেশ দিব মুখ্যমন্ত্ৰীয়ে ৷ দুলাল বৰাক অপৰাধী হিচাপে গণ্য কৰিবলৈও ৰাজ্যিক তথ্য আয়োগক আহ্বান ড৹ শৰ্মাৰ ৷

Published : September 25, 2024 at 12:33 PM IST
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: চমনৰ পাছতো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ সমুখত হাজিৰ নোহোৱা দুলাল বৰাক শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে । গুৱাহাটীত বুধবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি শৰ্মাই কয়, ‘‘দুলাল বৰাক কোনো আৰ টি আই কৰ্মী হিচাপে নহয় এজন অপৰাধী হিচাপে গণ্য কৰা হ'ব । দুলাল বৰা সন্দৰ্ভত কেবিনেটত আলোচনা হৈছে । দুলাল বৰাৰ কোনো আৰ টি আইৰ উত্তৰ নিদিবলৈ সকলো চৰকাৰী বিভাগক নিৰ্দেশ দিয়া হৈছে । লগতে ৰাজ্যিক তথ্য আয়োগকো দুলাল বৰাক কোনো আৰ টি আই কৰ্মী হিচাপে নহয়, এজন অপৰাধী হিচাপে গণ্য কৰাৰ কথা কোৱা হৈছে ।’’
উল্লেখ্য যে চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বিতর্কিত আৰ টি আই কর্মী, ব্যৱসায়ী দুলাল বৰাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অবৈধ ধন লেনদেন সম্পর্কীয় এটা গোচৰত জেৰাৰ বাবে চমন দিছিল যদিও তেওঁ ২৩ ছেপ্টেম্বৰত হাজিৰ নহ'ল ।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত চলাই থকা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নিলম্বিত চিকিৎসক ডাঃ মৃদুপৱন নাথৰ সৈতে থকা ধনৰ লেন-দেনৰ তথ্য লাভ কৰাৰ পাছত এটা নিউজ প'ৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰা আৰু তেওঁৰ পত্নী মাধুৰিমা বৰাৰ লগতে প্রবন্ধক গকুল বৰ্মনক জেৰাৰ বাবে চমন দিয়া হৈছিল ।
বৰাৰ প'ৰ্টেলত ডাঃ মৃদুপৱন নাথে ধন বিনিয়োগ কৰাৰ তথ্য তদাৰকী কোষে লাভ কৰিছিল । চমনৰ মতে, ২৩ ছেপ্টেম্বৰত দুলাল বৰাৰ প্ৰতিষ্ঠানৰ প্ৰবন্ধক বৰ্মন নথি-পত্ৰলৈ তদন্তকাৰী বিষয়াৰ আগত হাজিৰ হয় যদিও দুলাল বৰা আৰু তেওঁৰ পত্নী হাজিৰ নহ'ল । বৰ্মনক তদন্তকাৰী বিষয়াই দীর্ঘ সময় ধৰি কৰা জেৰাৰ পাছত যাবলৈ দিয়ে ।
উল্লেখ্য যে চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাক স্থানীয় সাংবাদিকৰ সৈতে মিলি দুলাল বৰাই ব্লেকমেইল কৰি ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ।

