ETV Bharat / state

বহিৰাগত আৰ এছ এছ নেতাই অসমত সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে:গৌৰৱ গগৈ

মঙলদৈৰ এক অনুষ্ঠানত বিজেপি আৰু আৰ এছ এছক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ । কংগ্ৰেছ দলৰ বিজেপি সমৰ্থক নেতাসকলকো দিলে সকীয়নি ।

Gaurav Gogoi at Mangaldai
বিজেপি আৰু আৰ এছ এছক আক্ৰমণ গৌৰৱ গগৈৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 8:20 AM IST

4 Min Read
Choose ETV Bharat

মঙলদৈ : "অসমত বিধানসভা নিৰ্বাচনৰ পূৰ্বে গাঁৱে গাঁৱে প্ৰৱেশ কৰিছে অন্য ৰাজ্যৰ আৰ এছ এছ নেতাই । সেই নেতাসকলে মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে, ঘৃণাৰ ভাৱ সৃষ্টি কৰিব বিচাৰিছে ।" এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ।

নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপি আৰু আৰ এছ এছয়ে অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ তুলি তেওঁ কয়, "এইটো কোনো নতুন কথা নহয়, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়াও এনেকুৱা আই বি, ইণ্টেলিজেন্সৰ ৰিপ'ৰ্ট আমি পাইছিলো । বাহিৰৰ মানুহ আহি বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক প্ৰদূষিত আৰু অসমৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিও । ভয়-ভাবুকি, সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ ।" এই ক্ষেত্ৰত অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাই গৌৰৱ গগৈয়ে । প্ৰতিখন থানাতে বাহিৰৰ পৰা অহা আৰ এছ এছ নেতাসকলৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈ গৌৰৱ গগৈয়ে অসম আৰক্ষীক আহ্বান জনায় ।

উল্লেখ্য যে দেওবাৰে মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে দলীয় নেতা-কৰ্মীক সম্বোধন কৰে । য'ত তেওঁ বিজেপিৰ দুৰ্নীতিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায় ৷

কংগ্ৰেছ নেতাৰ দেহৰ পৰা আঁতৰাব বিজেপিৰ ভাইৰাছ

ইফালে কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন কৰা নেতাসকলকো সকীয়নি প্ৰদান কৰে গৌৰৱ গগৈয়ে । সঠিক চিকিৎসাৰ জৰিয়তে সেইসকল নেতাৰ দেহৰ পৰা বিজেপি ভাইৰাছ আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈয়ে । উল্লেখ্য যে কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে মুকলিকৈ বিজেপিক সমৰ্থন কৰি আহিছে । কংগ্ৰেছত থাকি বিজেপিৰ চোৰাংচোৱা কৰা বহু নেতাও আছে !

বিজেপিক মুকলি সমৰ্থন কৰা মঙলদৈৰ বিধায়ক বসন্ত দাসকলৈ দলৰ স্থিতি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, "মন বেলেগ ফালে আৰু দেহ বেলেগ ফালে কেনেকৈ থাকিব । মন যিফালে বডীও সেইফালে থাকিব লাগিব । আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও যদি কাৰোবাৰ মনবোৰ অলপ দোধোৰ-মোধোৰ হৈ আছে, অলপ দিনৰ পিছত আমি তেওঁলোকৰ মনৰ পৰা আৰু দেহৰ পৰা এই বিজেপি ভাইৰাছটো আঁতৰাই দিম । কিছুমান কংগ্ৰেছৰ মানুহৰ মাজত যদি বিজেপিৰ এই বেমাৰী ভাইৰাছটো সোমাই গৈছে আমি ভাল 'ট্ৰিটমেণ্ট' দি ভাইৰাছটো মোহাৰি দিম । যদি ভাইৰাছটো মোহাৰিব নোৱাৰো তেনেহ'লে ছাৰ্জাৰী কৰিবলৈ প্ৰস্তুত হৈ আছোঁ ।"

মঙলদৈত সভাপতি গৌৰৱ গগৈক উষ্ম আদৰণি (ETV Bharat)

মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ

ইফালে সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয়, "বিজেপি দলৰ অৰাজকতা ৰাইজৰ মাজলৈ লৈ যাব কংগ্ৰেছে । বৰ্তমান সময়ত মাত্ৰ দুই তিনিজন ব্যক্তিৰ হাতত আছে সকলো ধন, সম্পত্তি, টকা-পইচা । সকলো মাত্ৰ মুখ্যমন্ত্ৰী আৰু দুই এজনৰ হাততে আছে । সাধাৰণ জনতাৰ হাতত একো নাই ।" সেয়েহে অহা ২৬ত এখন ডাঙৰ যুদ্ধ হ'ব বুলি তেওঁ দাবী কৰে । শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এন আৰ চি সন্দৰ্ভত কৰা মন্তব্য সম্পূৰ্ণ অ-সংবিধানিক বুলিও তেওঁ অভিযোগ কৰে । ধুবুৰীকে ধৰি বিভিন্ন স্থানত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভতো গৌৰৱ গগৈয়ে মন্তব্য কৰে ।

উল্লেখ্য যে দৰং জিলাৰ মঙলদৈত অনুষ্ঠিত কৰ্মী আৰু সম্বৰ্ধনা সভাত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস, মেঘনাথ চেত্ৰী, জিলা সভাপতি মাধৱ ৰাজবংশীকে ধৰি কেইবাগৰাকী নেতা আৰু কৰ্মী উপস্থিত থাকে । ইফালে গৌৰৱ গগৈক বৃহৎ ৰেলীৰে অনুষ্ঠানলৈ আদৰণি জনায় দলীয় কৰ্মী তথা সমৰ্থকসকলে ।

লগতে পঢ়ক :আমি ৰজা বুলি নাভাবো, হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক : কিয় ক'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ? - PRADYUT BORDOLOI SLAMS ASSAM CM

লগতে পঢ়ক :মন্দিৰৰ সমীপত গো-মাংস পেলোৱাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ : সৰৱ মুখ্যমন্ত্রী - DHUBRI BEEF CASE