ETV Bharat / state

বাজেট : নাৰীকেন্দ্ৰিক তিনিখন আঁচনিত ৮৪২৯ কোটি টকা

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ‘অসম বাজেট ২০২৫-২৬’ ৷ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হ’ল শেষৰখন পূৰ্ণাংগ বাজেট ।

ASSAM BUDGET 2025-26
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 10, 2025 at 2:14 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : বিত্তমন্ত্রী অজন্তা নেওগে আজি সদনত দাখিল কৰিলে ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট । বাজেটত নাৰীকেন্দ্ৰিক তিনিখন আঁচনিৰ নামত ধাৰ্য কৰা হৈছে মুঠ ৮৪২৯ কোটি টকা । ইয়াৰে ৫ হাজাৰ কোটি টকা অৰুণোদয় ৩.০ আঁচনি, ৩০৩৮ কোটি টকা মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযান আৰু ৩৯১ কোটি টকা মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিত আবণ্টন দিয়া হৈছে ।

অৰুণোদয় ৩.० আঁচনি :

বিত্তমন্ত্রী অজন্তা নেওগে আজি দাখিল কৰা বাজেটত কোৱা হৈছে যে অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তর্ভুক্তিকৰণৰ দিশত এক গণ আন্দোলনৰূপে পৰিহণিত হৈছে । আঁচনিখনে অর্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে । বিভিন্ন লাভালাভক একত্ৰ কৰি এই আঁচনিৰ অধীনত মাহিলি ১,২৫০ টকাকৈ আগবঢ়োৱা নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্রয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অগ্ৰাধিকাৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে ।

তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানলৈ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে । প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটকটীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে ।

ASSAM BUDGET 2025-26
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ (ETV Bharat Assam)

বিত্তমন্ত্রীয়ে বাজেট ভাষণত কয়, "ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী যে বিধৱাসকলৰ পেন্সন যাতে অৰুণোদয়ৰ সমপৰ্যায়ৰ হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনিৰ হিতাধিকাৰীলৈ টপ-আপ পেন্সন আগবঢ়াব । আমি ২০২০ চনত অৰুণোদয় আৰম্ভ কৰি ১৮ লাখ মহিলাক সামৰি লৈছিলো, যিটো ২০২৩ চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ ২৪ লাখ হয়গৈ । ম‍ই ঘোষণা কৰিলোঁ যে ২০২৫-২৬ বিত্তীয় বৰ্ষত অৰুণোদয় ৩.০ৰ অধীনত আমি হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰিম । ২০২৫ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্রাদেশীয় অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্রস্তুত কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিম । মই আঁচনিখনৰ বাবে ৫,০০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ ল'লো।"

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান :

অসম চৰকাৰৰ মহিলাকেন্দ্ৰিক আন এখন আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান । অসমত আজিলৈকে গ্ৰহণ কৰা আত্ম-সংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান (এম এম ইউ এ) আঁচনিখনেই হ'ল সর্ববৃহৎ । বাজেট ভাষণত আঁচনিখন সন্দৰ্ভত বিত্তমন্ত্রীয়ে কয়, "প্ৰাৰম্ভিক মূলধন হিচাপে ১০,০০০ টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই গ্ৰামাঞ্চলৰ ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম । এই পুঁজিৰ সদব্যৱহাৰ কৰিবলৈ সক্ষম হ'লে বেংকৰ জৰিয়তে ২৫,০০০ টকাৰ ঋণ আগবঢ়োৱা হ'ব । এই ঋণৰ বিপৰীতে ৰাজসাহায্য আগবঢ়োৱাৰ মই ঘোষণা কৰিলোঁ । ২০২৫ বৰ্ষৰ ১ এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা অৱগত কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ । মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে ৩,০৩৮ কোটি টকা ব্যয় কৰিব ।"

মুখ্যমন্ত্ৰীৰ নিযুত মইনা :

ছাত্রীৰ বাবে অসম চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি । বাজেট ভাষণত আঁচনিখন সন্দৰ্ভত বিত্তমন্ত্রীয়ে কয়, "মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকৈয়ে বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্যবিবাহৰ দৰে কু-সংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক । ১০ মাহৰ বাবে প্রতিমাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ১,০০০ টকা, স্নাতক প্রথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে ১,২৫০ টকা আৰু স্নাতকোত্তৰ তথা বি এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ ২,৫০০ টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছোঁ ।"

তেওঁ আৰু কয়, "যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্রায় ১.৮ লাখ ছাত্রী উপকৃত হৈছিল । এই বৰ্ষত আমি ৪.৩ লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ । এই সম্প্রসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব । তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়ৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকললৈ এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ ম‍ই প্ৰস্তাৱ লৈছোঁ । প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩৯১ কোটি টকা আবণ্টন কৰিলোঁ ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ

অসমত ভেকুলীৰ বিয়া পতা কেতিয়া শেষ হ’ব ? বিধানসভাত অখিল গগৈৰ প্ৰশ্ন

বিধানসভাত অখিল গগৈ শুব, অনুমতি লাগে অধ্যক্ষৰ