অৱশেষত বিমানত ভ্ৰমণৰ সপোন পূৰণ হ'ল ১২ গৰাকী ছাত্ৰৰ
দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰক ছিংগাপুৰ ভ্ৰমণৰ সুযোগ দিছে ৰাউণ্ড টেবল ইণ্ডিয়া নামৰ এটা বেচৰকাৰী সংস্থাই ।

Published : October 13, 2025 at 11:36 AM IST
মিৰ্জা : বিমানত কেতিয়াও উঠি নোপোৱা একাংশ ছাত্ৰই এতিয়া আকাশমাৰ্গেৰে ভ্ৰমণ কৰিব প্ৰায় ৩০০০ কিঃমিঃ । বিমানত ৰাজ্য বা দেশৰ ভিতৰত নহয় একেবাৰে বিদেশলৈ যোৱাৰ সুবিধা লাভ কৰিছে ছাত্ৰকেইজনে । ছাত্ৰকেইজনৰ সপোন পূৰণ কৰিলে ৰাউণ্ড টেবল ইণ্ডিয়া নামৰ এটা বেচৰকাৰী সংস্থাই । অসমৰ বিভিন্ন জিলাৰ ১২ গৰাকী ছাত্ৰক লৈ ছিংগাপুৰলৈ উৰা মাৰিলে সংস্থাটোৰ প্ৰতিনিধি ।
অৱশেষত সপোন পূৰণ হ'ল ১২ গৰাকী ছাত্ৰৰ । কিয়নো আকাশত উৰি থকা বিমান দেখি এবাৰ উঠিবলৈ যথেষ্ট হেঁপাহ আছিল তেওঁলোকৰ । কিন্তু বিমানত উঠি পোৱাতো দূৰৈৰে কথা, বিমান ওচৰৰ পৰা দেখা নাছিল তেওঁলোকে । কিন্তু ৰাউণ্ড টেবল ইণ্ডিয়া নামৰ এটা বেচৰকাৰী সংস্থাটোৰ বাবে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰকেইজনৰ সপোন পূৰণ হ'ল । বেচৰকাৰী সংস্থাটোৰ 'Flight of Fantasy' নামৰ এক আঁচনিৰ অধীনত ১২ গৰাকী ছাত্ৰৰ লগতে দুজন শিক্ষকক বিদেশ ভ্ৰমণৰ সুবিধা দিয়া হৈছে । কামৰূপ, দৰং, উত্তৰ লখিমপুৰ আদিৰ ছাত্ৰসকলে প্ৰথমবাৰৰ বাবে বিমানত উঠিবলৈ পাই আনন্দিত ।
নিশা পৰিয়ালৰ সৈতে ছাত্ৰকেইজন উপস্থিত হয় গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰি যথেষ্ট আনন্দিত ছাত্ৰকেইজন । তেওঁলোকৰ মুখৰ হাঁহিয়ে সকলো কথা স্পষ্ট কৰিছে । এনে পদক্ষেপৰ বাবে ছাত্ৰকেইজন আৰু তেওঁলোকৰ পৰিয়ালে সংস্থাটোক ধন্যবাদো জ্ঞাপন কৰে ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি সংস্থাটোৱে অসমত শৈক্ষিক উত্তৰণৰ দিশত কাম কৰি আছে । এই ধৰণৰ শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে ছাত্ৰ সমাজৰ উন্নয়নৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সংস্থাটোৱে । সমগ্ৰ ভাৰততে দুৰ্গম অঞ্চলত শিশুসকলৰ বাবে বিদ্যালয় নিৰ্মাণত সহায় কৰে সংস্থাটোৱে ।
সংস্থাটোৰ এগৰাকী প্ৰতিনিধিয়ে এই সন্দৰ্ভত কয়, "আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰৰ বিমানত ভ্ৰমণ কৰাৰ সপোন বাস্তৱত ৰূপায়ণ কৰাটোৱে আমাৰ লক্ষ্য । এইবাৰ আমি লখিমপুৰৰ ৬ জন, চাংসাৰিৰ ৫ জন আৰু দৰঙৰ এজন মুঠ ১২ জন ছাত্ৰ আৰু ২ জন শিক্ষকক অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈ আছোঁ । প্ৰথমবাৰৰ বাবে আমি ভাৰতত এই পদক্ষেপ লৈছো । ছাত্ৰসকলে তাত চায়েন্স চেণ্টাৰ পৰিদৰ্শন কৰিব, পৰ্যটনস্থলীলৈ যাব আৰু তাৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব । যোৱা ২৫ বছৰত আমি গোটেই ভাৰতত প্ৰায় ৯৫০০ টা শ্ৰেণীকোঠা বনাইছো । অসমত ১০০০ অধিক শ্ৰেণীকোঠা বনাইছো ।" সংস্থাটোৰ এই পদক্ষেপক বিভিন্নজনে আদৰণি জনাইছে ।
লগতে পঢ়ক :জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে সষ্টম ডিমা হাছাও প্ৰশাসন

