ৰঙে-ৰূপে তিৰবিৰালে ৰংঘৰৰ ৰূপহী পথাৰত ৰংপুৰ মেলা
ৰংপুৰ মেলাক কেন্দ্ৰ কৰি উদুলি মুদুলি ৰংঘৰৰ বাকৰি । জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ মহা পয়োভৰ ।

Published : January 15, 2025 at 10:52 PM IST
শিৱসাগৰ: ৰাজ্যজুৰি ভোগালীৰ ব্যাপক উচাহ । উদুলি-মুদুলি হৈ পৰিছে ৰংঘৰৰ বাকৰি । কিয়নো আহোম ৰজাৰ দিনৰে পৰা উদযাপিত হৈ অহা ৰংপুৰ মেলা এইবাৰো উদযাপন কৰা হৈছে ব্যাপক আয়োজনৰে । টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে এই মেলা । টাই আহোম যুৱ পৰিষদৰ উদ্যোগত বুধবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত মাঘ বিহুৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰংপুৰ মেলা উদুলি মুদুলি হৈ পৰে ।
ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বন্ধ ঘোষিত হৈ থকা পৰম্পৰাগত ম'হ যুঁজ আজি ৰূপহী পথাৰত অনুষ্ঠিত কৰা হয় । এই উপলক্ষে আজি কেইবাযোৰো গোনা ম'হে পৰস্পৰৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নামিল ৰূপহী পথাৰত । ম'হ গুৱালে নিজস্ব আয়োজনেৰে কৰা এই পৰম্পৰাগত ম'হ যুজঁ চাবলৈ আজি ৰূপহী পথাৰত ব্যাপক জনসমাগম হোৱা দেখা যায় ।
ৰংপুৰ মেলাত আহোম, বড়ো, তিৱা আদিকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে । পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক আৰম্ভ হয় । কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰচী টনা, পিছল খুঁটা বগোৱা, কড়ী খেল আদিকে ধৰি ভালেমান পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হয় ।
মেলাত মুখ্য অতিথিৰূপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে আৰু আয়োজকসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী বৰুৱাই ৰাজ্য চৰকাৰে শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্ৰক গতিশীল কৰি তোলাৰ বাবে লোৱা পদক্ষেপসমূহে পৰ্যটনৰ মানচিত্ৰত শিৱসাগৰৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ।
কাৰ্যসূচীত ম্যানমাৰ ৰাজপৰিয়ালৰ পৰা অহা সদস্যসহ এটা বিদেশী প্ৰতিনিধিৰ দলেও অংশগ্ৰহণ কৰে । ৰংপুৰ মেলাৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ "চে-মুন" উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সব্যসাচী মহন্তই । উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে ।
চলিত বছৰত এই মেলা ১০ জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে । বিভিন্ন জনগোষ্ঠীয় খাদ্যসম্ভাৰ এই মেলাৰ এক অন্যতম আকৰ্ষণ আছিল আৰু বুধবাৰৰ দিনটোত আয়োজিত এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ।

