গুৱাহাটী : প্ৰতিবছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰে । বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী চেতনা দাস আৰু আছুৰ সভাপতি উৎপল শর্মাই সদৌ অসম ছাত্ৰ সন্থাৰ বিহুৰ পতাকা উত্তোলন কৰে ।
মুকলি বিহুৰ শ্বহীদ তর্পণ কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে ।
অনুষ্ঠানটোত বিগত বছৰটোত অসমলৈ সুনাম কঢ়িয়াই অনা বিভিন্ন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । তাৰ ভিতৰত পদ্মভূষণ বঁটা প্ৰাপক, পদ্মশ্রী বঁটা প্রাপক, সংগীত নাটক একাডেমী বঁটা প্রাপক, সাহিত্য অকাডেমী বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রাপক, সাহিত্য অকাডেমী অনুবাদ বঁটা প্রাপক, সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্রাপকসকলক সম্বর্ধনা জনোৱা হয় । উক্ত অনুষ্ঠান সন্দৰ্ভত মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়,"জজ খেলপথাৰত এই মুকলি বিহুৰ এটা ঐতিহ্য আছে । অসম আন্দোলনৰ সময়ত এক সাংস্কৃতিক শোভাযাত্ৰাৰে এই অনুষ্ঠানৰ আৰম্ভণি হৈছিল । সেই বছৰতে ড৹ ভূপেন হাজৰিকা, ক্ষিৰোদা কান্ত বিষয়া আদিকে ধৰি বহুকেইগৰাকী বৰণ্য ব্যক্তিয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব দিছিল..।"
লগতে ভট্টাচাৰ্যই এই বিহুতলীৰ মঞ্চৰ পৰা সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । সমান্তৰালভাৱে এই খেলপথাৰৰ পৰাই সমগ্ৰ অসমবাসীক জজ খেলপথাৰৰ মুকলি বিহুৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে আছুৰ সভাপতি উৎপল শর্মাৰ লগতে সাধাৰণ সম্পাদক সমীৰণ ফুকনে ।
উল্লেখ্য যে মুকলি বিহুৰ অনুষ্ঠানত আছুৱে মুঠ ৩১ গৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে । তাৰ ভিতৰত পদ্মভূষণ বঁটা প্রাপক নৃত্যাচার্য যতীন গোস্বামী অন্যতম । সম্বৰ্ধনা জনোৱা ব্যক্তিসকলৰ ভিতৰত আছে পদ্মশ্রী ড৹ অনিল বড়ো, জয়নাচাৰণ বাথাৰী, গীতা উপাধ্যায় ।
আনহাতে সাহিত্য অকাডেমী বঁটা প্রাপক অৰণৰাজা বসুমতাৰী, ড৹ দীপক কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রাপক কুলনন্দিনী মহন্ত, হিৰণ্ময় গগৈ, ভাস্কৰ হাজৰিকা, সুনীল আগৰৱালা, শ্যাম বৰা, ড৹ পাৰ্থসাৰথি মহন্ত, ইন্দ্রানী বৰুৱা, মীনা মহন্ত, ড৹ ববী শৰ্মা বৰুৱা, বসন্ত কুমাৰ বৰুৱা, সুলক্ষণা বৰুৱা, ৰাতুল ডেকা, নবপন ডেকা, মালা বৰুৱাক সম্বৰ্ধনা জনোৱা হয় । সমান্তৰালভাৱে সাহিত্য অকাডেমী অনুবাদ বঁটা প্রাপক উত্তৰা বিছমুথিয়াৰী, বাসুদেৱ দাস, অঞ্জন শর্মা, সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্রাপক বন্ধু হাজৰিকা, ভাৰ্জিন জেকোভা মুছাহাৰী, সাহিত্য অকাডেমী যুৱ বঁটা প্রাপক ছেলফ মেদ ৰাণী বড়ো আৰু সুতপা চক্রবর্তীক সম্বৰ্ধনা জনোৱা হয় ।
উল্লেখ্য যে এই জজ খেলপথাৰৰ মুকলি বিহুৰ আছে এক সুকীয়া ইতিহাস । অসম আন্দোলনৰ সময়ত গুৱাহাটীৰ সকলো বিহু সন্মিলনীৰ সহযোগিতাত এই খেলপথাৰৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিল । সেই সময়ত এই বিহুখনৰ নেতৃত্ব দিছিল অসমৰ বহু কেইগৰাকী বৰণ্য ব্যক্তিয়ে । আনহাতে অসম চুক্তিৰ সময়ৰ পৰা এই জজ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত কৰি অহা হৈছে । এই বৰ্ষত অনুষ্ঠিত হোৱা মুকলি বিহুত চৰাইদেউ হুঁচৰি দল, ৰাভা জনগোষ্ঠীৰ 'চাথাৰ নৃত্য'ৰ লগতে 'ৰমেন দা উভতি আহিব...' শীৰ্ষক বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ ওপৰত এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :আজি গৰু বিহু: অসমীয়াৰ নজহা-নপমা পৰম্পৰাত বিলীন বিদেশী পৰ্যটকো - BOHAG BIHU 2025