ETV Bharat / state

মুখ্য সচিব-ধুবুৰীৰ আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ উচ্চ ন্যায়ালয়লৈ চিঠি ৰকিবুল হুছেইনৰ

হেলিকপ্টাৰেৰে কোনে চাই গ'ল ধুবুৰীৰ উচ্ছেদিত অঞ্চল ? কৈ দিলে ৰকিবুল হুছেইনে ৷

Rokibul Hossain is sending a letter to the High Court to file case against the Chief Secretary and DC of Dhubri
উচ্ছেদৰ বিৰুদ্ধে সৰৱ সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: নামনি অসমত হোৱা উচ্ছেদ ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ হিচাপে ৰাজ্যৰ সৰ্বত্ৰে চর্চা অব্যাহত থকাৰ মাজতে ধুবুৰীৰ উচ্ছেদক লৈ নগাঁৱৰ সংবাদ মাধ্যমৰ সন্মুখত সৰৱ হৈ পৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । ধুবুৰীত হোৱা উচ্ছেদক নীতিবহিৰ্ভূত তথা অবৈধ উচ্ছেদ আখ্যা দি উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ।

ধুবুৰীত তিনি শ্ৰেণীৰ ভূমিত চৰকাৰ তথা প্ৰশাসনে উচ্ছেদ চলোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব, ধুবুৰী জিলা আয়ুক্ত, স্থানীয় চক্ৰ বিষয়াৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে ।

উচ্ছেদৰ বিৰুদ্ধে সৰৱ সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)

উচ্ছেদৰ প্ৰসংগ উল্লেখ কৰি সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত কয়, “কিছুদিন পূৰ্বে পুঁজিপতি ব্যৱসায়ী আদানীৰ পুত্ৰই হেলিকপ্টাৰেৰে ধুবুৰী অঞ্চল পৰিদৰ্শন কৰি গৈছে । আদানীৰ পুত্ৰই পৰিদৰ্শন কৰাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো হেলিকপ্টাৰেৰে ধুবুৰী অঞ্চল পৰিদৰ্শন কৰিছিল ।"

তেওঁ লগতে কয়,"তাৰ পাছতেই পট্টা ভূমিসহ তিনি শ্ৰেণীৰ বৃহৎ ভূমিত উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । ন্যায়ালয়ৰ কোনো নীতি-নিয়ম নামানি চৰকাৰে অতি অমানৱীয়ভাৱে উচ্ছেদ চলাইছে । চৰকাৰৰ নীতিবহিৰ্ভূত নিৰ্দেশক অগ্ৰাধিকাৰ দি প্ৰশাসনে উচ্ছেদ চলাইছে ধুবুৰীত । সেয়ে উচ্চ ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে ৰুজু কৰিব লাগে নিজাববীয়া গোচৰ ।”

আনহাতে বিৰোধীত থকাৰ কথাও উল্লেখ কৰি সাংসদ ৰকিবুল হুছেইনে উচ্ছেদিতসকলক ভৱিষ্যতে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । আগন্তুক সময়ত কংগ্ৰেছৰ চৰকাৰ হ'লে উচ্ছেদ হোৱা প্ৰতিগৰাকী লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: মানুহ ইমান বেয়া হ'ব নাপায়, শাসক ইমান দুই নম্বৰী হ'ব নাপায়: আবেগিক অখিল গগৈ - MLA AKHIL GOGOI

মুখ‍্যমন্ত্ৰীৰ প্ৰিয় হাতুৰী আৰু বুলড'জাৰ : কিয় ক'লে মীৰা বৰঠাকুৰ গোস্বামীয়ে - MIRA BORTHAKUR GOSWAMI