প্ৰণৱজ্যোতি বৰাৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়: ৰকিবুল হুছেইন
চামগুৰি সমষ্টিৰ এগৰাকী যুৱ কংগ্ৰেছ নেতাৰ মৃত্যুক লৈ ৰহস্য । শোক প্ৰকাশ কৰি প্ৰণৱজ্যোতিৰ মৃত্যুৰ তদন্তৰ দাবী ৰকিবুল হুছেইনৰ ।

Published : March 9, 2025 at 1:47 PM IST
চামগুৰি: চামগুৰি সমষ্টিত যুৱ কংগ্ৰেছৰ এগৰাকী নেতাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ । চামগুৰি সমষ্টিৰ যুৱ কংগ্ৰেছৰ নেতা পুৰণিগুদাম মুঢ়ানি গাঁৱৰ প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল শুকুৰবাৰে পুৱাই । নগাঁৱৰ বাৰপূজীয়াৰ পৰা এখন বিয়া খাই উভতি অহাৰ পাছত চুবুৰীয়াৰ চোতালত উদ্ধাৰ হৈছিল যুৱ কংগ্ৰেছ নেতাগৰাকীৰ মৃতদেহ ।
শুকুৰবাৰৰ দিনটোত যুৱ কংগ্ৰেছ নেতা প্ৰণৱজ্যোতি বৰাৰ মৃত্যুয়ে সমগ্ৰ অঞ্চল শোকাকুল কৰি তোলে ৷ প্ৰণৱৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাছিল পৰিয়ালৰ লোকৰ লগতে স্থানীত লোকে । তাৰ মাজতেই দুই একে সন্দেহ কৰিছিল হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হোৱা বুলি । বৰাক কোনো দুৰ্বৃত্তই হত্যা কৰি চুবুৰীয়া চোতালত পেলাই থৈ যোৱা বুলিও সন্দেহ কৰিছিল একাংশই ।
যুৱ কংগ্ৰেছৰ নেতা প্ৰণৱজ্যোতি বৰাৰ মৃত্যুৰ খবৰ পাই শনিবাৰে পুৱাই তেওঁৰ বাসগৃহত উপস্থিত হয় সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । পুৱাই বৰাৰ ঘৰত উপস্থিত হৈ সাংসদ ৰকিবুল হুছেইন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । লগতে তেওঁৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয় বুলি দাবী কৰে ৰকিবুল হুছেইনে ।
প্ৰণৱজ্যোতি বৰাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰাকৈ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি কৈ দিয়াটো উচিত নহয় বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে । যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ মৃত্যুত ৰহস্যৰ গোন্ধ পোৱা বুলি উল্লেখ কৰি তেওঁৰ মৃত্যুৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে সাংসদ হুছেইনে ।
প্ৰয়াত যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ বাসগৃত উপস্থিত হৈ সাংসদগৰাকীয়ে কয়, "প্ৰণৱজ্যোতি বৰা মোৰ পৰিয়ালৰ এজন সদস্যৰ দৰে আছিল । মাকে যিদৰে বিনাইছে, এই সময়খিনিত মই কথা ক'ব পৰা অৱস্থাত নাই । ইমান সৰুতে এনেকৈ হেৰাই যাব বুলি মই ভবা নাছিলোঁ । ঘৰখনে বিচৰা ধৰণে উচিত বিচাৰ হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে ।"

