ETV Bharat / state

ভাৰতত ৰোহিংগীয়াৰ অনুপ্ৰৱেশ; উন্মুক্ত সীমান্তই মাতিছে বিপদ - ROHINGYA INFILTRATION IN INDIA

বাংলাদেশৰ কক্স বজাৰৰ শৰণাৰ্থী শিবিৰত সক্রিয় বিশেষ চক্ৰ ৷ ধৃত ৰোহিংগীয়াই সদৰী কৰিলে এই ভয়ংকৰ বিষয় ৷

ROHINGYA INFILTRATION IN INDIA
সীমান্তৰ প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 6:51 PM IST

8 Min Read

গুৱাহাটী: অসমত অবৈধভাৱে প্রৱেশ কৰা তথা প্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশী নাগৰিক নিয়মীয়াকৈ আৰক্ষী অথবা সীমান্ত সুৰক্ষা বাহিনীৰ হাতত ধৰা পৰাটো নতুন কথা নহয় । সেইবিষয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে সময়ে সময়ে অৱগত কৰি আহিছে ।

একে সময়তে ধৰা নপৰাকৈও বহু বাংলাদেশীয়ে অসম তথা ভাৰতত প্ৰৱেশ কৰাৰ বিষয়টোও গোপন হৈ থকা নাই । ইফালে ৰাজ্যখনত সময়ে সময়ে ধৰা পৰি আহিছে ৰোহিংগীয়া মুছলমান লোকো । ইয়াৰ মাজতে শেহতীয়াকৈ এগৰাকী যুৱতীসহ তিনিজন ৰোহিংগীয়া লোক ধৰা পৰা ঘটনাক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে অসম আৰক্ষীৰ লগতে বিভিন্ন নিৰাপত্তা সংস্থাসমূহ ।

কক্স বজাৰৰ শৰণার্থী শিবিৰত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্র

অলপতে শ্রীভূমি জিলাৰ ভাংগা ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ হৈছিল তিনি ৰোহিংগীয়া ক্ৰমে জুবেইৰ, কাউছাৰ আৰু উন্মাই ছালিমা । গুৱাহাটী অভিমুখী ৰে'লৰ অপেক্ষাত ৰৈ থকা অৱস্থাত ধৰা পৰিছিল তেওঁলোক । আৰক্ষীয়ে তেওঁলোকৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছিল ।

এই সন্দৰ্ভত শ্ৰীভূমি জিলাৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াই জনাই যে তেওঁলোকে দিয়া স্বীকাৰোক্তি অনুসৰি বাংলাদেশৰ কক্স বজাৰত থকা অন্যতম বৃহৎ শৰণার্থী শিবিৰটোৰ পৰা ওলাই তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল । ম্যানমাৰত ৰোহিংগীয়া মুছলমানৰ বিৰুদ্ধে চলা অভিযানৰ পাছত সেই সম্প্ৰদায়ৰ হেজাৰ হেজাৰ লোকে বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰিছিল ।

পলায়ন কৰা তেনে ৰোহিংগীয়াসকলৰ আশ্ৰয়ৰ বাবেই কক্স বজাৰত শৰণার্থী শিবিৰ স্থাপন কৰা হয় । ধৃত কেউজনে দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোক ৯ বছৰ শৰণার্থী শিবিৰত আছিল । শেহতীয়াকৈ তেওঁলোকে তেওঁলোকৰ পূর্বসূৰী কেইজনমানৰ দৰে ভাৰতত প্ৰৱেশৰ সিদ্ধান্ত লৈছিল । এইক্ষেত্ৰত বাংলাদেশৰ বিশেষ কিছুমান লোকে তেওঁলোকক উৎসাহিত কৰিছিল ।

ROHINGYA INFILTRATION IN INDIA
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat Assam)

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে আৰক্ষীৰ জেৰাত তেওঁলোকে মানৱ সৰবৰাহকাৰী চক্ৰৰ সহায় লৈ ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছে । মানৱ সৰবৰাহকাৰী চক্র কক্স বজাৰৰ শৰণার্থী শিবিৰত এতিয়া অত্যন্ত সক্ৰিয় আৰু সেইসকলে মানুহ ভাৰতত প্ৰৱেশ কৰোৱাত উঠি-পৰি লাগিছে । তাৰে কিছুসংখ্যক শৰণার্থীয়ে নিজে ভাৰতলৈ আহিবলৈ ইচ্ছুক হোৱাৰ বিপৰীতে আন একাংশক ভাৰতলৈ প্ৰেৰণ কৰিবলৈ কেতবোৰ চক্ৰ সক্ৰিয় হৈ আছে ।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে ‘‘বাংলাদেশত বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ পাছত তেনে ৰহস্যময় চক্ৰৰ তৎপৰতা বৃদ্ধি হোৱাৰ তথ্য পোৱা গৈছে । শৰণাৰ্থী শিবিৰৰ পৰা ওলাই ভাৰতত প্ৰৱেশ কৰা লোকৰ তথ্য শেহতীয়াকৈ ধৃত তিনিজনৰ জৰিয়তে পোহৰলৈ অহাত বিষয়টোক অসমৰ গৃহ বিভাগৰ লগতে কেন্দ্রীয় গৃহ মন্ত্রণালয়েও গুৰুত্ব সহকাৰে লৈছে ।’’

ভাৰতত সক্ৰিয় দালাল চক্ৰ

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটাৰ পাছতে ৰাষ্ট্ৰখনৰ অস্থিৰ হৈ পৰাৰ লগতৰ বৰ্তমানৰ তদর্থ চৰকাৰখনৰ স্থিতিও সলনি হৈছে । ইফালে বাংলাদেশত জীৱন-জীৱিকাৰ সমস্যা যথেষ্ট বৃদ্ধি হোৱাত ভাৰতলৈ অনুপ্ৰৱেশৰ ঘটনাও বৃদ্ধি হৈছে । তাৰ মাজতে দেশখনৰ ভাৰত বিৰোধী চক্ৰই ভাৰতৰ আভ্যন্তৰীণ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰৰে শৰণার্থী শিবিৰৰ লোকক ভাৰতলৈ প্ৰেৰণত তৎপৰ হৈছে নেকি বুলি সন্দেহ কৰি এই ধৃত তিনি ৰোহিংগীয়াৰ বিষয়টোক বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হৈছে ।

আৰক্ষী বিষয়াগৰাকীয়ে জনাই যে এই তিনি ৰোহিংগীয়াই কিদৰে আৰু কোন পথেৰে অসমত প্ৰৱেশ কৰিছিল তাৰ অনুসন্ধানো অব্যাহত আছে । লগতে ভাৰতত তেওঁলোকৰ কোনোবা এজেণ্ট আছিল নেকি তাৰো তদন্ত চলাই থকা হৈছে ।

আনহাতে, ভাৰতত প্ৰৱেশ কৰাই দিয়াৰ বিনিময়ত ধৃত তিনিওজনৰ প্রত্যেকে ভাৰতৰ দালালক বাংলাদেশী মুদ্রাত চাৰি হেজাৰকৈ 'টাকা' আদায় দিছিল । শ্ৰীভূমিৰ ভাংগা ষ্টেচনতো দুই দালাল তেওঁলোকৰ ওচৰতে আছিল । কিন্তু আৰক্ষীয়ে তিনিওজনক ধৰা পেলোৱাত দালাল দুটাই পলায়ন কৰে । আৰক্ষীৰ জেৰাত তিনিওজনে অসমত কোনটো পথেৰে প্ৰৱেশ কৰিছিল, সেই সন্দৰ্ভত স্পষ্ট তথ্য দিব পৰা নাই যদিও পাহাৰীয়া পথেৰে তেওঁলোকক লৈ অহা হৈছিল বুলি স্বীকাৰ কৰিছে ।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে বাংলাদেশী অনুপ্রৱেশকাৰীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলেৰে ভাৰতত প্ৰৱেশৰ বহু নতুন পথ সৃষ্টি কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে । অসম, মেঘালয় আৰু ত্ৰিপুৰাত তেনে নতুন কেইবাটাও পথৰ সন্ধান সীমান্ত সুৰক্ষা বাহিনীয়ে লাভ কৰিছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰে ৷

ROHINGYA INFILTRATION IN INDIA
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat Assam)

ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ প্ৰসংগত কি কৈছিল মুখ্যমন্ত্রীয়ে

লক্ষণীয় বিষয় যে কিছদিন পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰোহিংগীয়াৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । দিছপুৰৰ লোকসেৱা ভৱনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে নিজৰ প্ৰতিক্ৰিয়াত কৈছিল, "ৰোহিংগীয়াৰ অনুপ্ৰৱেশ ভাৰতৰ বাবে গভীৰ সমস্যাৰ বিষয় । ৰাজ্যসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই অনুপ্ৰৱেশ বন্ধ হ'ব । কিন্তু পশ্চিমবংগ আৰু ঝাৰখণ্ডে নীৰৱতা অৱলম্বন কৰিছে । ভাৰতত ৰোহিংগীয়া মুছলমানৰ অনুপ্ৰৱেশ হৈ আছে । অসম আৰু ত্রিপুৰাই এক্সন লৈছে যদিও পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ চৰকাৰ নীৰৱে আছে । কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্রীয়ে আশ্ৰয় দিয়াৰ কথা কৈছে । এগৰাকী মুখ্যমন্ত্রীৰ এনে বক্তব্যই তেওঁলোকক উৎসাহিত কৰিব । ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ পৰিণাম দেশে ভূগিব লাগিব ।’’

মুখ্যমন্ত্রীয়ে লগতে কৈছিল, "অসমত অনুপ্ৰৱেশ কৰিব নোৱাৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । সীমান্ত বন্ধ হৈ আছে । কিন্তু পশ্চিমবংগত সীমান্ত উন্মুক্ত হৈ আছে । ত্রিপুৰাত বহু ৰোহিংগীয়‍া ধৰা হৈছে । ৰোহিংগীয়াৰ অনুপ্ৰৱেশ এটা ছিৰিয়াছ বিষয় । এইক্ষেত্রত অসম সজাগ । সজাগ নোহোৱা বাবে কেইবাখনো ৰাজ্যই আজি ভূগিবলগীয়া হৈছে ।"

ভাবুকি স্বত্বেও উন্মুক্ত হৈ আছে ভাৰত-বাংলাদেশ সীমান্ত

বাংলাদেশীৰ সমস্যাই দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পাছতো ভাৰত-বাংলাদেশ সীমান্তৰ ৮৬৪.৪৮২ কিলোমিটাৰ এলেকা আজিও উন্মুক্ত হৈ আছে । লক্ষণীয় বিষয় যে বিগত কেইবাটাও দশক ধৰি অসমে যুঁজ দি অহা অবৈধ বাংলাদেশীৰ সমস্যাই এতিয়া দেশৰ বিভিন্ন ৰাজ্যত প্ৰভাৱ বিস্তাৰ কৰিছে । যাৰ ফলত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ।

দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত অত্যন্ত স্পর্শকাতৰ এলেকা হিচাপে বিবেচিত ভাৰত-বাংলাদেশ সীমান্তৰ ৮৬৪.৪৮২ কিলোমিটাৰ এলেকা আজিও উন্মুক্ত হৈ আছে । এই কথা উন্মোচিত হৈছে সংসদৰ মজিয়াত ।

শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত সদনত দিয়া তথ্য অনুসৰি ভাৰত-বাংলাদেশ সীমান্তৰ ৮৬৪.৪৮২ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈ আছে । ইয়াৰ ভিতৰত ১৭৪.৫১৪ কিলোমিটাৰ এলেকাত ভৌগোলিক কাৰণত কাঁইটীয়া বেৰা দিয়া সম্ভৱ নহয় ।

তথ্য মতে ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ হৈছে ৪০৯৬.৭ কিলোমিটাৰ । ইয়াৰ ভিতৰত এতিয়ালৈকে ৩২৩২.২২ কিলোমিটাৰত বেৰা দিয়া হৈছে । বাকী এই বৃহৎ এলেকাত ভূমি অধিগ্ৰহণৰ সমস্যাৰ লগতে বাংলাদেশ ব'ৰ্ডাৰ গাৰ্ডৰ বিৰোধিতাৰ বাবে বেৰা দিয়া সম্ভৱ হোৱা নাই বুলি সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল ।

অসম-বাংলাদেশ সীমান্তৰ কিমান অংশ উন্মুক্ত

অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় ৪০ বছৰ হ’ল যদিও আজিও চুক্তি অনুসৰি বাংলাদেশ সীমান্ত ছীল নহ'ল । এতিয়াও অসম-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা উন্মুক্ত হৈ আছে ।

সংসদত দিয়া তথ্য অনুসৰি অসম-বাংলাদেশ সীমান্তৰ দৈৰ্ঘ হ'ল মুঠ ২৬৩ কিল'মিটাৰ । ইয়াৰ ভিতৰত এতিয়ালৈকে প্রায় ১৯০ কিলোমিটাৰ এলেকাতহে প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে । বাকী ৭৩ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈয়ে আছে । উন্মুক্ত এলেকাৰ অধিকাংশ এলেকা নদী অঞ্চল হোৱাৰ লগতে আন কিছু অংশ স্থল এলেকা ।

উন্মুক্ত এলেকাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ ছেক্টৰৰ ৮.৩৫৬ কিল'মিটাৰ এলেকাত ভৌগোলিক কাৰণত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ নোহোৱাৰ বাবে উক্ত অঞ্চল উন্মুক্ত হৈ আছে । কৰিমগঞ্জ জিলাৰো ৪.৩৫ কিল'মিটাৰ এলেকা বাংলাদেশৰ বিৰোধিতাৰ বাবে আজিলৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ হৈ উঠা নাই ।

তদুপৰি নদী এলেকাত থকা ৬০.৫৬৪ কিল'মিটাৰ অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে । কেন্দ্ৰীয় চৰকাৰে নদী এলেকা সুৰক্ষাৰ বাবে উন্নত প্রযুক্তিৰ আধুনিক কেমেৰা স্থাপনকে ধৰি কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে যদিও প্ৰকৃতাৰ্থত আজিলৈকে নদী এলেকা সুৰক্ষিত হোৱা নাই । যাৰ বাবে নদী এলেকা এতিয়া হৈ পৰিছে চোৰাং ব্যৱসায়ীৰ ভূ-স্বৰ্গ । প্রতিদিনেই নদী এলেকাৰে বাংলাদেশলৈ চোৰাংভাৱে গৰু, ড্ৰাগছৰ পৰা আৰম্ভ কৰি চাউললৈকে সৰবৰাহ হৈ আছে । অব্যাহত আছে নকল টকাকে ধৰি নকল সোণৰ সৰবৰাহ ।

ইফালে উন্মুক্ত সীমান্তৰে জেহাদী তথা মৌলবাদীৰ প্ৰৱেশৰ ফলত দেশৰ অখণ্ডতাৰ প্ৰতিও ভাবুকি আহি পৰিছে । অবৈধ অনুপ্ৰৱেশৰ সমস্যাই বিশেষভাৱে অসমক প্ৰভাৱিত কৰি আহিছে । অসমৰ সীমান্তত প্ৰায়ে ধৰা পৰে অনুপ্ৰৱেশকাৰী । এক কথাত দশক দশক ধৰি অবৈধ বাংলাদেশী সামস্যাৰে যুঁজ দি আহিছে অসমে ।

লগতে পঢ়ক: ভাৰতত ৰোহিংগীয়াৰ অনুপ্ৰৱেশ এক উদ্বেগৰ বিষয় : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.