মাতৃ-পুত্ৰক হাত-ভৰি বান্ধি ডকাইতৰ দলৰ লুটপাত : আৰক্ষীৰ জালত দুই অভিযুক্ত - Robbery in Noonmati
Crime in Guwahati: মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ হাত-ভৰি বান্ধি ছয়জনীয়া ডকাইতৰ দলে লুটি নিলে নগদ ধনৰ লগতে বৃহৎ মূল্যৰ সোণ ৷ গোচৰ ৰুজু ৷ আৰক্ষীৰ জালত দুই অভিযুক্ত ৷ জেৰা অব্যাহত ৷

Published : July 20, 2024 at 10:44 AM IST
|Updated : July 20, 2024 at 2:27 PM IST
গুৱাহাটী, 20 জুলাই : মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল চাঞ্চল্যকৰ ডকাইতিকাণ্ড । খিৰিকীৰ ৰ’ড ভাঙি মাতৃ-পুত্ৰ থকা এটা গৃহত প্ৰৱেশ কৰে ডকাইতৰ এটা বৃহৎ দলে ৷ চোকা অস্ত্ৰৰ ভয় দেখুৱাই ঘৰটোৰ পৰা ডকাইতৰ দলে লৈ যায় নগদ 60 হাজাৰ টকা আৰু চাৰি লাখ টকাৰ সোণৰ অলংকাৰ । গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত 1 নং আনন্দনগৰত সংঘটিত হৈছে এই ঘটনাটো ।
উল্লেখ্য যে, নুনমাটিৰ 1 নং আনন্দ নগৰৰ বাসিন্দা তথা বিধৱা মহিলা ইভা আইন কুল্লুৰ গৃহত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ৷ শুকুৰবাৰৰ মাজনিশা 2.30 বজাত ছয়জনীয়া ডকাইতৰ দলে পাকঘৰৰ খিৰিকীৰ ৰ’ড ভাঙি ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰে আৰু 15 বছৰীয়া পুত্র বাবু আইন কুল্লুৰ সৈতে শুই থকা মাতৃ ইভা আইন কুল্লুৰ মুখত সোপা দি হাত-ভৰি বান্ধি দিয়ে ।
আনকি, ডকাইতৰ দলটোৱে মাতৃ-পুত্ৰৰ ডিঙিত চোকা অস্ত্ৰ লগাই চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে উপৰ্যুপৰি প্ৰহাৰ কৰে বুলিও জনায় ভুক্তভোগী মাতৃ-পুত্ৰই ৷ ইয়াৰ পিছতেই ডকাইতৰ দলটোৱে গডৰেজৰ চাবি কাঢ়ি লৈ গডৰেজ খুলি নগদ 60 হাজাৰ টকা আৰু চাৰি লাখ টকাৰ সোণৰ গহণা লুট কৰি লৈ যায় ।

উল্লেখ্য যে, ইভা আইন কুল্লুৱে তেওঁলোকৰ এক কঠা পাঁচ লেচা ভূমি 80 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল । উক্ত 80 লাখ টকা লুট কৰিবলৈকে ছয়জনীয়া ডকাইতৰ দলটোৱে ঘৰত প্ৰৱেশ কৰা বুলি পৰিয়ালটোৱে সন্দেহ প্রকাশ কৰিছে ।

ঘটনা সন্দৰ্ভত ইভা আইন কুল্লুৱে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে আৰু নুনমাটি আৰক্ষীয়ে তদন্ত অভিযান চলাই শুকুৰবাৰৰ নিশা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুটা ক্ৰমে আব্দুল আলি আৰু খবিৰ আলি বুলি জানিব পৰা গৈছে । নুনমাটিৰ নিজৰাপাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ।
ইপিনে, আৰক্ষীয়ে ঘটনাস্থলীত অভিযান চলাই হৈ এযোৰ চেণ্ডেল, এপাত লোৰ চাবুল, ভঙা তলা জব্দ কৰিবলৈ সক্ষম হয় ।

