ETV Bharat / state

পথত প্লাষ্টিক পেলাবলৈ বাদ দিয়ক, প্লাষ্টিকৰে নিৰ্মাণ কৰক পথ !

বিশেষ প্ৰযুক্তি ব্যৱহাৰেৰে নিৰ্মাণ কৰা হৈছে এটা পথ । লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা পথত ব্যৱহাৰ হৈছে পেলাই দিয়া প্লাষ্টিকো । পঢ়ক এই প্ৰতিবেদন ।

Road is being constructed using plastic by PWD in Barpeta
বৰ্জিত প্লাষ্টিক ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পথছোৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 2:52 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা: ৰাজ্যত পথৰ দুৰাৱস্থাৰ প্ৰসংগক লৈ সততে বাতৰি সম্প্ৰচাৰ হৈ আছে যদিও প্ৰান্তে প্ৰান্তে অব্যাহত আছে পথ নিৰ্মাণৰ কাম । পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাত এইবাৰ সংযুক্ত হৈছে বৰ্জিত প্লাষ্টিক ।

আপুনি মই ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক এতিয়াৰে পৰা পুনৰ ব্যৱহৃত হ'ব পথ নিৰ্মাণৰ কামত । বিতুমিন আদিৰ সমান্তৰালকৈ উন্নতমানৰ প্ৰযুক্তিৰে বৰ্জিত প্লাষ্টিকক পথ নিৰ্মাণৰ বাবে ব্যৱহাৰযোগ্য কৰি তোলা হৈছে ।

বিশেষ প্ৰযুক্তি ব্যৱহাৰৰে নিৰ্মাণ কৰা হৈছে এটা পথ (ETV Bharat Assam)

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে বৰপেটা জিলাৰ ভবানীপুৰ–সৰভোগ–পাকা বেতবাৰী ক্ষেত্ৰীয় সংমণ্ডলৰ অধীনত হাঁহচৰাৰ পৰা বাগোদিলৈ ১ কিলোমিটাৰ ১৩০ মিটাৰ দৈৰ্ঘৰ এক নতুন পথ নিৰ্মাণ কৰি এই উদ্ভাৱনী চিন্তাৰ নিদৰ্শন দেখুৱাইছে ।

পথটো নিৰ্মাণত পৰম্পৰাগত পদ্ধতিৰ পৰিৱর্তে ৯০ শতাংশ বিতুমিনৰ সৈতে ১০ শতাংশ পৰিমাণে পুনঃব্যৱহাৰযোগ্য বৰ্জিত প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে ।

Road is being constructed using plastic by PWD in Barpeta
শোধনৰ পূৰ্বে সংগ্ৰহ কৰা বৰ্জিত প্লাষ্টিক (ETV Bharat Assam)

প্ৰদূষণ ৰোধৰ বাবে লোৱা হৈছে এই পদক্ষেপ:

প্ৰায় ২১ লাখ টকা ব্যয় সাপেক্ষে সম্পূৰ্ণৰূপে পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা এই পথটোত পৰিৱেশ সংৰক্ষণ আৰু পথৰ গুণমান বৃদ্ধিৰ লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Road is being constructed using plastic by PWD in Barpeta
প্লাষ্টিকক ব্যৱহাৰযোগ্য কৰি তোলা প্ৰক্ৰিয়া (ETV Bharat Assam)

সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা মণিৰুল ইছলামে এই সন্দৰ্ভত কয়, "ইয়াৰ মূল উদ্দেশ্য আছিল, যিটো বৰ্জিত প্লাষ্টিক তাক কেনেকৈ আমি পুনৰ ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰিব পাৰোঁ । তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । কিয়নো তেওঁৰে প্ৰচেষ্টাত আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত এইটো আমি পাইলট প্ৰজেক্ট হিচাপে বৰপেটা জিলাৰ হাঁহচৰা-বাগোদি পথটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ ।"

Road is being constructed using plastic by PWD in Barpeta
বৰ্জিত প্লাষ্টিক ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পথছোৱা (ETV Bharat Assam)

তেওঁ লগতে কয়, "যিটো বৰ্জিত প্লাষ্টিক, তাৰ কাৰণে দিনে দিনে প্ৰদূষণ বাঢ়ি গৈ আছে । সেইটোৱে হয়তো অদূৰ ভৱিষ্যতে বিপদৰ সংকেত কঢ়িয়াই আনিব । সেইবোৰ কথা চিন্তা কৰি অসম চৰকাৰৰ তৰফৰ পৰা কেনেকৈনো এই সংকতটো কমাব পাৰি বা কেনেকৈ তাক হ্ৰাস কৰাব পাৰোঁ তেনেকৈ চিন্তা কৰি বৰ্জিত প্লাষ্টিক ব্যৱহাৰ কৰি এই পথ নিৰ্মাণ কৰা হৈছে ।"

Road is being constructed using plastic by PWD in Barpeta
পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ চলি থকা সময়ৰ দৃশ্য (ETV Bharat Assam)

কেনেকৈ ব্যৱহাৰযোগ্য কৰা হয় বৰ্জিত প্লাষ্টিক:

এই সন্দৰ্ভত কাৰ্যবাহী অভিযন্তা মণিৰুল ইছলামে কয়,"সাধাৰণতে আমাৰ পি এন আৰ ডি বিভাগৰ ব্লক কাৰ্যালয়ৰ তৰফৰ পৰা মানুহৰ ঘৰে ঘৰে গৈ বৰ্জিত প্লাষ্টিক সংগ্ৰহ কৰে । তেওঁলোকে সেইখিনি তেওঁলোকৰ কাৰ্যালয়ত সেইখিনি শোধন কৰে । শোধন কৰি তেওঁলোকে সেই প্লাষ্টিক সংৰক্ষণ কৰি থৈ দিয়ে । তাৰ পৰা আমাৰ যি পথ নিৰ্মাণকাৰী সংস্থা আছে বা ঠিকাদাৰসকলে তেওঁলোকৰ পৰা ক্ৰয় কৰি লয় ।"

Road is being constructed using plastic by PWD in Barpeta
১০ শতাংশ বৰ্জিত প্লাষ্টিক ব্যৱহাৰ কৰি নিৰ্মাণ কৰি থকা হৈছে পথ (ETV Bharat Assam)

লগতে ইছলামে কয়, "সেইখিনি বিতুমিনৰ লগত মিহলাই পথ নিৰ্মাণত ব্যৱহাৰ কৰে । যিটো পৰিমাণ থাকে, তাৰে ৯০ শতাংশ বিতুমিন থাকে আৰু ১০ শতাংশ বৰ্জিত প্লাষ্টিক ব্যৱহাৰ কৰা হয় । আমাৰ অসম চৰকাৰৰ এইটো পাইলট প্ৰজেক্ট, আমি আশাবাদী যে আমি ভাল ফল এটা পাম । ইয়াৰ যিটো স্থায়িত্ব তাত প্ৰভাৱ পৰি আৰু স্থায়িত্ব বাঢ়ি যাব ।"

লগতে পঢ়ক: এক্সকেভেটৰে এফালৰ পৰা মহতিয়াই নিছে ঘৰ-বাৰী, আৰম্ভ চৰকাৰৰ উচ্ছেদ অভিযান - URIAMGHAT EVICTION

গঁড়ৰ সমান্তৰালকৈ ব্য়াঘ্ৰ পৰ্যটনৰ দিশে আগুৱাইছে কাজিৰঙা - KAZIRANGA NATIONAL PARK