কুম্ভমেলাৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত গুৱাহাটীৰ পৰিয়াল, এজন নিহত
প্ৰয়াগৰাজৰ কুম্ভমেলাত পৱিত্ৰ স্নান কৰি গুৱাহাটীলৈ উভতি অহাৰ পথত বিহাৰত দুৰ্ঘটনাগ্ৰস্ত গাড়ী ।

Published : February 14, 2025 at 4:26 PM IST
গয়া : প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ পৰা ওভতাৰ পথত পুনৰ দুৰ্ঘটনা । পৱিত্ৰ স্নানৰ পিছত অসমলৈ ওভতাৰ পথত পুনৰ দুৰ্ঘটানত পতিত হৈছে ভক্ত । বিহাৰৰ গয়াত সংঘটিত এক পথ দুৰ্ঘটনাৰ বলি হৈছে গুৱাহাটীৰ এটা পৰিয়াল । পৰিয়ালটোৱে মহাকুম্ভত স্নান কৰাৰ পিছত প্ৰয়াগৰাজৰ পৰা নিজা ঘৰলৈ উভতি আহি আছিল । দুৰ্ঘটনাটোত এজন লোকৰ মৃত্যু হোৱাৰ উপৰি আন ৭ জন আহত হৈছে । আহতসকলক অনুগ্ৰহ নাৰায়ণ মগধ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । নিহত ব্যক্তিজনক গুৱাহাটীৰ ৩৫ বছৰীয়া আনন্দজ্যোতি মোহন বুলি চিনাক্ত কৰা হৈছে ।
গয়াত পথ দুৰ্ঘটনাত অসমৰ এজনৰ মৃত্যু
ঘটনাৰ বিৱৰণী মতে, গুৱাহাটীৰ একেটা পৰিয়ালৰ ভক্তসকলে কুম্ভমেলাৰ পৰা এখন ইন'ভা গাড়ীৰে ঘৰলৈ আহি আছিল । কিন্তু বাৰাচট্টি আৰক্ষী থানাৰ অধীনৰ চৌপ ভাদিয়াৰ ওচৰত অৱস্থিত কাঞ্চন বিঘা গাঁৱৰ ওচৰত এখন ৰৈ থকা ট্ৰাকত তীব্ৰবেগত খুন্দা মাৰে । এই দুৰ্ঘটনাটোত আনন্দজ্যোতি মোহন নামৰ ব্যক্তিগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় । আহাতে, পৰিয়ালটোৰ আন ৭ জন লোক আহত হয় । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় বাসিন্দাসকলৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
পৰিয়ালটো কুম্ভমেলালৈ গৈছিল
জানিব পৰা মতে, গুৱাহাটীৰ এটা পৰিয়ালৰ ৭ গৰাকী সদস্য কুম্ভমেলাত পৱিত্ৰ স্নানৰ পিছত প্ৰয়াগৰাজৰ পৰা উভতি আহি আছিল । কিন্তু চৌপ ভাদিয়াৰ ওচৰত তেওঁলোক দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটোত ৪০ বছৰীয়া ৰাজেশ দাস, ৩০ বছৰীয়া অমৰজিৎ দাস, ২৫ বছৰীয়া ৰূপা দাস, ৪৫ বছৰীয়া বিভূতি দাস, ১০ বছৰীয়া নবীতা দাস আৰু ৮ বছৰীয়া নিয়ন দাস আঘাতপ্ৰাপ্ত হয় । ঘটনাটোৰ পিছতে আহতসকলক উদ্ধাৰ কৰি প্ৰথমে স্থানীয় চিকিসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁলোকক তাৰ পৰা অনুগ্ৰহ নাৰায়ণ মগধ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
"আটাইকেইজন আমি কুম্ভৰ পৰা উভতি আহি আছিলো । আমি শুই আছিলো । ঘটনাটো কেনেকৈ ঘটিল গমেই নাপালো । আমি সকলোৱে গুৱাহাটীৰ । তিনিদিন পূৰ্বে আমি প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈছিলো আৰু কালি সন্ধিয়া প্ৰয়াগৰাজ এৰিছিলো ।" আহত ৰাজেশ দাসে কয় ।

