ETV Bharat / state

ছাতি, ৰেইনকোট সাজু কৰক, পৰৱৰ্তী ২৪ ঘণ্টাত ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ ৷ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

ASSAM WEATHER REPORT
ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 6:57 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ ১৫ খন জিলাত পৰৱৰ্তী ২৪ ঘণ্টাত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে । গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১৫ খন জিলাৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে ।

কেন্দ্ৰটোৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, বজালী, নলবাৰী, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত পৰৱৰ্তী ২৪ ঘণ্টাত বিজুলী ঢেৰেকণিৰে মুষলধাৰ বৰষুণ হোৱাৰ উপৰিও ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত বতাহ বলিব পাৰে ।

ASSAM WEATHER REPORT
ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা (ETV Bharat Assam)

ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ অসমৰ বতৰৰ জিলাভিত্তিক আগজাননী অনুসৰি বুধবাৰৰ দিনটোত অসমৰ প্ৰায় সকলো ঠাইত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । জিলা বিশেষে দুই-এঠাইত বিজুলী-ঢেৰেকণি আৰু বজ্ৰপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠাই বিশেষে ধুমুহা বতাহ বলাৰো সম্ভাৱনা আছে ৷ এই সময়ছোৱাত বতাহৰ সৰ্বোচ্চ গতিবেগ হ’ব ৪০ কিলোমিটাৰৰ পৰা ৫০ কিলোমিটাৰ পৰ্যন্ত ৷

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণ আৰু তাপমাত্ৰাৰ অন্য পর্যবেক্ষণ অনুসৰি বিগত ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে মৰিগাঁৱত হৈছিল প্ৰবল বৰষুণ ৷ তদুপৰি দুই-এঠাইত প্রবল ধুমুহা বতাহ বলাও পৰিলক্ষিত হৈছিল । ৰাজ্যখনৰ দিনটোৰ তাপমাত্ৰা উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল ৷ আনহাতে, ৰাজ্যখনৰ দিনটোৰ তাপমাত্রা স্বাভাৱিকতকৈ কম আছিল ৷

গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলৰ বতৰৰ আগজাননী

বুধবাৰৰ পুৱাৰ ভাগত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব । বিজুলী-গাজনিসহ দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত সৰ্বোচ্চ তাপমাত্রা ২৯° ছেলচিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ২০° ছেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: বুধবাৰে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল