গুৱাহাটী: সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ প্ৰসংগত বৃহস্পতিবাৰে প্ৰায় পাঁচ ঘণ্টা এছ আই টিৰ জেৰাৰ সন্মূখীন হ'ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা । পুৱাৰ ভাগত গুৱাহাটীৰ ৰূপনগৰস্থিত চি এম ভিজিলেঞ্চত হাজিৰ হোৱা ৰিপুণ বৰাক এছ আই টিয়ে প্ৰায় পাঁচ ঘণ্টা জেৰা চলায় । জেৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য ।
বৰাই এই সন্দৰ্ভত কয়,"এছ পি ৰ'জী কলিতাৰ নেতৃত্বত এছ আই টিৰ এটা টীমে মোক জেৰা কৰিলে । তদন্তৰ খাতিৰত ভিতৰত হোৱা সকলোখিনি কথা মই নকওঁ । মোক যিখিনি সোধাপোছা কৰিছিল তাৰ মই উত্তৰ দিছোঁ । তেওঁলোকে মোক সংবাদমেলৰ কথাখিনি সুধিছিল । কিয় মই গৌৰৱ গগৈৰ ইমান ডিফেন্স দিছোঁ আৰু মোৰ হাতত কি তথ্য আছে সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিল । বিভিন্ন প্ৰসংগত তেওঁলোকে মোক প্ৰশ্ন কৰিছিল । মই সকলো প্ৰশ্নৰ যথাযথ উত্তৰ দিছোঁ । এছ আই টিয়ে বহুত ফ্ৰেণ্ডলী কথাবিলাক সুধিছে আৰু তেওঁলোকে মোৰ পৰা বহুত কথা উলিয়াবলৈ যত্ন কৰিছিল ।"
তেওঁ লগতে কয়, "মই এছ আই টিক কেইটামান কথা কৈছোঁ । মোক মাতি পঠিওৱাৰ দৰে আৰু দুজনক মাতিবৰ বাবে মই কৈছোঁ । তাৰ ভিতৰত এজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কাৰণ ইমান প্ৰমাণ থকা বুলি কোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কিয় দুখন ফটো খেলিমেলি কৰিছিল । তাৰ বাবে মুখ্যমন্ত্ৰীক মাতিব লাগে ।"
ইয়াৰোপৰি বৰাই কয়,"আনহাতে মুখ্যমন্ত্ৰীয়ে তথ্যৰ বাবে পাকিস্তানৰ লগত যোগাযোগ কৰাৰ কথা কৈছে । পাকিস্তানৰ লগত যুদ্ধ চলি থকাৰ সময়ত তেখেতে কেনেকৈ যোগাযোগ কৰিলে । সেই কথা সোধাৰ বাবে তেখেতক মাতিবৰ বাবে কৈছোঁ । আমি জানো যে নামাতে তথাপিও যুক্তি দি কৈছোঁ । আন এজন হৈছে বিধায়ক দিগন্ত কলিতা । ফেচবুকত তেওঁ গৌৰৱ গগৈয়ে পাকিস্তানত ১৫ দিন কিদৰে গৈ, ক'ত আছিল তাৰ সমস্ত তথ্য দাঙি ধৰিছিল । মই আজি এছ আই টিক কৈছো যে এই তথ্যৰ পৰা এনেকুৱা লাগে যে দিগন্ত কলিতাও গৌৰৱ গগৈৰ লগত পাকিস্তানলৈ গৈছিল নেকি ? লগত নগ'লে ইমানবোৰ কথা কেনেকৈ ক'ব পাৰিব । ২০১৩ চনত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল আৰু সেই সময়ত দিগন্ত কলিতা কংগ্ৰেছ দলত আছিল । গতিকে যাবও পাৰে । সেইবাবে দিগন্ত কলিতাকো মাতিব লাগে বুলি মই এছ আই টিক কৈছোঁ ।"
ৰিপুণ বৰাই আৰু কয়, "কাৰণ, লগত নাথাকিলে ইমান কথা কেনেকৈ জানিব । দিগন্ত কলিতাক মাতিলে সকলোখিনি কথা জানিব পাৰিব ।" সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "দৰকাৰ হ'লে পুনৰ মাতিব বুলি কৈছে । তেওঁলোকে এশবাৰ মাতিলে মই এশবাৰ আহিম । সংবাদমেলত কোৱা কথাবোৰক লৈ তেওঁলোকে মোক প্ৰশ্ন কৰিছিল । এছ আই টিক মই সন্মান কৰোঁ ।"
উল্লেখ্য যে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অভিযোগসমূহ খণ্ডন কৰাৰ বাবে ৰিপুণ বৰাই সম্বোধন কৰিছিল এখন সংবাদমেল । যিখন সংবাদমেলত ৰিপুণ বৰাই বহুকেইটা বিষয় উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কেইবাটাও প্ৰশ্ন কৰিছিল । তাৰ পাছতেই কংগ্ৰেছ নেতাজনে বুধবাৰে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ পৰা চমন লাভ কৰে । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত জেৰাৰ বাবে আজি তেওঁক মাতি পঠিওৱা হৈছিল । সেইমৰ্মে আজি ৰিপুণ বৰাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত উপস্থিত হৈ জেৰাৰ সন্মূখীন হয় ।
ইফালে পুনৰ এছ আই টিৰ জেৰাৰ সন্মুখীন হ’ব লাগিব ৰিপুণ বৰা । গৌৰৱ গগৈৰ প্ৰসংগত ৰিপুণ বৰাৰ উত্তৰত সন্তুষ্ট নহ'ল এছ আই টি । সংবাদমেলত ৰিপুণ বৰাই কৰা মন্তব্যৰ যথাযথ উত্তৰ তথা তথ্য দিব নোৱাৰিলে ৰিপুণ বৰাই । এই কথা সদৰী কৰিছে তদন্তকাৰী বিষয়া ৰ’জী কলিতাই ।
বিষয়াগৰাকীয়ে জেৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত কয়, "তেওঁ আমাক সহযোগ কৰিছে । কিন্তু সংবাদমেলত তেওঁ কোৱা কথাবোৰৰ কোনো তথ্য দিব পৰা নাই । দিল্লীলৈ কিবা মিটিঙৰ বাবে তেওঁ যাবলগীয়া আছে বুলি আমাক জনোৱাত আজি আমি তেওঁক যাবলৈ দিছোঁ । পুনৰ তেওঁক জেৰা কৰাৰ বাবে মাতি পঠিওৱা হ'ব । তেওঁ কৈছে যে কিছুমান কথা দলৰ ডেমেজ কণ্ট্ৰলৰ বাবে ক'বলগীয়া হ'ল । তেওঁ যিটো কৈছিল তাৰ বাবে ভুল কৰা বুলি স্বীকাৰ কৰিছে । ক'ব নালাগিছিল বুলি তেওঁ কৈছে । সেইটো ৰাজনৈতিক ষ্টেটমেণ্ট আছিল বুলি কৈছে । তেওঁক শীঘ্ৰেই পুনৰ মাতি পঠিওৱা হ'ব ।"