ETV Bharat / state

জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা লগতে ছয়জনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী পত্নীৰ মানহানি গোচৰ

চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে প্ৰাইড ইষ্ট এন্টাটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে মাটি সম্পৰ্কীয় এক অভিযোগ উত্থাপন কৰিছিল ।

RINIKI BHUYAN SARMA DEFAMATION CASE
ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma Facebook Account)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 7:34 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ এক ভূমি সংক্ৰান্তীয় অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই গুৱাহাটীৰ চি জি এম কোৰ্টত সোমবাৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা লগতে আৰু ছয়জনৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছে । ভাৰতীয় ন্যায় সংহিতা ৩৫৬ , ৩( ৫) , ৩(৬) অধীনত এই মানহানি গোচৰ তৰিছে । আদালতত এই গোচৰটো পঞ্জীয়ন হৈছে । অহা ১০ ফেব্ৰুৱাৰীত এই গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।

চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে গুৱাহাটীত কিছুদিন পূৰ্বে অনুষ্ঠিত কৰা এখন সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপম্যনু হাজৰিকাই এই গুৰুতৰ অভিযোগ কৰিছিল । সংবাদমেলত মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইড ইষ্ট এন্টাটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে মাটি সম্পৰ্কীয় তেওঁ এক অভিযোগ উত্থাপন কৰিছিল । এই‌ সংবাদমেলত চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ সভাপতি মিনু শইকীয়া আৰু সম্পাদক প্ৰদীপ লস্কৰ উপস্থিত আছিল । গোচৰটোত সভাপতি মিনু শইকীয়া আৰু সম্পাদক প্ৰদীপ লস্কৰৰ বিৰুদ্ধেও মানহানি গোচৰ ৰুজু কৰিছে ।

RINIKI BHUYAN SARMA DEFAMATION CASE
মুখ্যমন্ত্ৰী পত্নীৰ মানহানি গোচৰ (ETV Bharat Assam)

কলিয়াবৰৰ পৰা নুমলীগড়লৈ চাৰি লেনযুক্ত ৭১৫ নং (পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ) ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল । এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ চলি আছে । ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কলিয়াবৰৰ ৬৫ জনকৈ লোকে দাখিল কৰা ৩৮/২০২৪ নম্বৰৰ এই পি আই এলখনৰ যোৱা ২০ জানুৱাৰীত শুনানি লৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণসহ পাঁচটা চৰকাৰী পক্ষলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।

RINIKI BHUYAN SARMA DEFAMATION CASE
মুখ্যমন্ত্ৰী পত্নীৰ মানহানি গোচৰ (ETV Bharat Assam)

লক্ষণীয়ভাৱে এই গোচৰটোত চৰকাৰী পক্ষসমূহৰ উপৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডকে ধৰি কেইবাটাও ব্যক্তিগত প্রতিষ্ঠানক পক্ষ হিচাপে নাম সাঙোৰা হৈছে । আবেদনকাৰী পক্ষই ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা গুৰুত্বপূৰ্ণ তথ্য অনুসৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ এক বৃহৎ পৰিমাণৰ কৃষিভূমিৰ মাজেৰে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সৈতে বুজাবুজিৰে চৰকাৰী পক্ষসমূহে ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰা বুলিও গুৰুতৰ অভিযোগ ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰা হৈছিল ।

এই‌ সন্দৰ্ভত সংবাদমেলত উপম্যনু হাজৰিকাই উল্লেখ কৰিছিল- এই আবেদনত উল্লেখ কৰা হৈছে যে, প্ৰস্তাৱিত নতুন বিকল্প পথৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হ'ব Pride East Entertainments Private Limited ৰ পৰিচালন সঞ্চালিকা ৰিণিকা ভূঞা শর্মা । তেওঁ ১০০ বিঘাতকৈও বেছি মাটি ক্ৰয় কৰিছে ।

লগতে পঢ়ক: কাৰ স্বাৰ্থত সলনি কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ ?