অসমৰ কোনখন চহৰত কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে চৰকাৰে কৰিছে পৰিকল্পনা ? - Assam Flood 2024
Artificial flood in Assam: অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী হ'লেও কৃত্ৰিম বানত ককবকাইছে চহৰবাসীয়ে । অসম চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি সকলোৱেই আছে । নাই পিচে পানী ওলাই যোৱা উপযুক্ত পথ ।

Published : July 6, 2024 at 10:57 PM IST
ডিব্ৰুগড়, ৬ জুলাই: ১৮৭৩ চনতে গঠিত ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰি পৌৰ নিগম কৰা হ'ল যদিও চহৰখন বৈজ্ঞানিক চিন্তাধাৰাৰে নিৰ্মাণ নকৰাত এইবাৰ ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত পৰিল । ফলস্বৰূপে ডিব্ৰুগড় চহৰক লৈ নতুন পৰিকল্পনা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । শনিবাৰে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । ডিব্ৰুগড়ৰ পৌৰনিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় পৌৰ নিগমৰ পাৰিষদ সকলৰ সৈতে হোৱা বৈঠকত কৃত্ৰিম বানপানী সমস্যা আৰু ইয়াৰ সামাধানৰ ক্ষেত্ৰত প্ৰতিগৰাকী পাৰিষদৰ পৰা মতামত গ্ৰহণ কৰে ।
এই পৰ্যালোচনা সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসে । ইয়াৰ উপৰি ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনা সন্দৰ্ভত বৈঠকত আলোচনা কৰা বুলি কয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ হ্ৰস্বকালীন পৰিকল্পনাত নলাসমূহৰ পৰা চহৰৰ পানী ওলাই যাব পৰাকৈ অহা ছমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দীৰ্ঘকালীন পৰিকল্পনাত আই আই টিৰ বিশেষজ্ঞৰ জৰিয়তে সমীক্ষা চলাই স্থায়ী সমাধানৰ প্ৰচেষ্টা চলোৱা বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক:যোৰহাটত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই - Assam Flood 2024
মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ যিকোনো পৰিকল্পনা তথা নিৰ্মাণৰ কাম নগৰ পৰিকল্পনা, পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগৰ মাজত সমন্বয় তথা আলোচনাৰ মাধ্যমেৰে কৰিবলৈ নিৰ্দেশ দিয়ে । আজি অনুষ্ঠিত পৰ্যালোচনা সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী, মেয়ৰ ডাঃ চৈকত পাত্ৰকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়াসকল, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

