আজি সংক্ৰান্তি : ৰাজ্যৰ সত্ৰ-নামঘৰত আৰম্ভ ভাদমহীয়া নাম-প্ৰসংগ - Auspicious Bhado month
Naam prasanga at Satra Namghor : আজি শাওন-ভাদৰ সংক্ৰান্তি ৷ আৰম্ভ হ’ল পৱিত্ৰ ভাদ মাহৰ নাম-কীৰ্তন ৷ সমগ্ৰ ভাদ মাহত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ ৰজনজনাব চাৰি প্ৰসংগৰে ৷ পালন কৰা হ’ব গুৰু দুজনাৰ পৱিত্ৰ তিথি ৷ মুঠৰ ওপৰত এই সংক্ৰান্তিৰ পৰাই ৰাজ্যৰ চৌদিশে নাম-প্ৰসংগই এক অন্যতম আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিব ৷

Published : August 17, 2024 at 6:56 PM IST
কলিয়াবৰ, ১৭ আগষ্ট : বাৰিষাৰ কৃষিকৰ্মৰ প্ৰায় সামৰণি পৰিল । বৰ্ষাৰ অন্তত মোহনীয় শৰৎ আহিবৰে হ’ল । আজি সিংহ মাহ ভাদৰ সংক্ৰান্তি ৷ অসমৰ সকলো সত্ৰ আৰু নামঘৰত বিশেষ আয়োজন ৷ চৈধ্য প্ৰসংগৰে ৰজনজনাই আছে সত্ৰ-নামঘৰসমূহ ।
ভাদ মাহৰ বিশেষ কীৰ্তনসমূহে প্ৰাণ পাই উঠে আজিৰ দিনটোত ৷ বিশেষ মাহটোৰ বাকী দিনবোৰত হোৱা মধ্যাহ্ন প্ৰসংগ আৰু গধুলি প্ৰসংগৰ উপৰিও ভাদ মাহত প্ৰাতঃ (তাল কোবোৱা) প্ৰসংগ, মঞ্জিৰা কীৰ্তন, পুৱা আইসকলৰ নাম, খোল প্ৰসংগ, ডেৰপৰীয়া প্ৰসংগ, বিয়লি প্ৰসংগ, ঘোষাপাঠ, বিয়লি আইসকলৰ নাম, সন্ধ্যা (তাল কোবোৱা) প্ৰসংগ, সন্ধ্যা গুণ গোৱা প্ৰসংগ, ঘোষা কীৰ্তন বা হীৰা কীৰ্তন, সন্ধ্যা খোল প্ৰসংগ, নাম প্ৰসংগ ইত্যাদি প্ৰসংগসমূহৰ সমাহাৰ ঘটে ৷ এনেকৈয়ে ভাদ মাহৰ বিশেষত্ব প্ৰকাশ হয় ।
আন মাহৰ প্ৰসংগতকৈ চাহিনীও বাঢ়ে, ঠেলা বাজানা বাঢ়ে, চাপৰৰ পাৰ্থক্য থাকে । গুৰু দুজনাৰ কীৰ্তনত নিদিষ্ট কীৰ্তন বাঢ়ে । মুঠতে আৰম্ভণি সংক্ৰান্তিৰ পৰা শেষৰ সংক্ৰান্তিলৈকে প্ৰসংগৰে যেন উৎসৱমুখৰ হৈ পৰে কীৰ্তনঘৰসমূহ । ছ-অৰা সত্ৰৰ পবিত্ৰ ভূমি কলিয়াবৰতো পূৰ্বৰে পৰা এই পবিত্ৰ ভাদ মাহত এক উৎসৱমুখৰ পৰিৱেশ সকলোৰে পৰিচিত ।
অসমীয়া জাতিৰ পবিত্ৰ মাহ ভাদ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি এই ভাদ মাহতে ৷ তদুপৰি লগতে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এই পবিত্ৰ ভাদ মাহতে । ভাদ মাহ বুলিলেই মনলৈ আহে কীৰ্তন ঘোষাৰে মুখৰিত তথা মাহ-প্ৰসাদৰ এক পবিত্ৰ পৰিৱেশ ৷ আধ্যাত্মিকতা গঢ়াৰ প্ৰধান সোপান গঢ়িব পৰা যায় ভাদ মাহতেই । কাৰণ অসমীয়া বাৰ মাহৰ ভিতৰত আটাইতকৈ পবিত্ৰ মাহ হ’ল ভাদ মাহ । ভক্তিৰসেৰে পূৰ্ণ এই মাহৰ প্ৰতিটো দিনেই পবিত্ৰ । পবিত্ৰ মনতেই আধ্যাত্মিকতাই ঠাই লয় মানুহৰ হৃদয়ত । নামঘৰে নামঘৰে, সত্ৰই সত্ৰই জ্বলোৱা ধূপ-ধূনা, চন্দনৰ গোন্ধে মানুহৰ মনতো আধ্যাত্মিকতা গভীৰতালৈ লৈ যায় । য’ত থাকে ঈশ্বৰ চিন্তাৰ প্ৰাসংগিকতা ।
সত্ৰ-নামঘৰবোৰত পুৱা-দুপৰীয়া-আবেলি-গধূলি চাৰি প্ৰসংগত গোৱা হৰিনামে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ আধ্যাত্মিকতাই বিস্তৃতি লাভ কৰে । কলিয়াবৰত ভাদ মাহত পৰম্পৰাগতভাৱে প্ৰচলিত প্ৰসংগসমূহৰ মঞ্জিৰা নাম, ঘোষা কীৰ্তন বা হীৰা কীৰ্তন, থিয় নাম বা উঠা নাম আৰু তাল কোবোৱা প্ৰসগংৰ কিয়দংশ–
প্ৰাতঃ প্ৰসংগ (মঞ্জিৰানাম) : ভোলানাথ গোস্বামী, শ্ৰীশ্ৰীখুন্দামৰা সত্ৰ, কলিয়াবৰ ।
ঘোষা কীৰ্তন : হিৰণ্য কুমাৰ মহন্ত, সত্ৰাধিকাৰ, শ্ৰীশ্ৰীচিপহা সত্ৰ, কলিয়াবৰ ৷
থিয় নাম : যতীন চন্দ্ৰ মহন্ত, ডেকা সত্ৰাধিকাৰ, কমল চন্দ্ৰ গোস্বামী, দিব্যজ্যোতি গোস্বামী, দেৱ ৰাজখোৱা, বিপুল শইকীয়া, মুকুট গোস্বামী, প্ৰদীপ ৰাজখোৱা আৰু সঙ্গীবৃন্দ, শ্ৰীশ্ৰীচামগুৰি সত্ৰ ৷
সন্ধ্যা (তাল কোবোৱা) প্ৰসংগ : শ্বাৱন কুমাৰ মহন্ত, শ্ৰীশ্ৰী বৰভকতি সত্ৰ ।
লগতে পঢ়ক : আঠখেলীয়া নামঘৰত পৱিত্ৰ ভাদ মাহৰ নাম মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

