বিশ্বনাথত পুনৰ সক্ৰিয় ভূ-মাফিয়া; আৰক্ষীৰ কাষ চাপিল ৰাজহ চক্ৰ বিষয়া
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি দখল কৰি নিশাৰ ভিতৰতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । ভূ-মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাজহ চক্ৰ বিষয়াৰ ।

Published : February 28, 2025 at 8:59 AM IST
বিশ্বনাথ : বিগত বছৰ অসমৰ মুখ্যমন্ত্ৰীয়ে দালালৰাজৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দালালৰ বিৰুদ্ধে অভিযানো চলোৱা হৈছিল । তাৰ ভিতৰত আৰক্ষীৰ জালত বহু ভূ-মাফিয়া পৰিছিল । কিন্তু তেনে কঠোৰ পদক্ষেপকো যেন ভয় নকৰে একাংশ ভূ-মাফিয়াই । যাৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত পুনৰ দালাল তথা ভূ-মাফিয়া চক্ৰ সক্ৰিয় হৈ উঠিছে ।
এইবাৰ চৰকাৰী ভূমি দখল কৰাত নামিছে এই চক্ৰটো । তেনে এক ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত ।
- বিশ্বনাথত ভূ-মাফিয়াৰ দপদপনি
পূৰ্বৰ একাংশ লাট মণ্ডলৰ সহযোগত বিশ্বনাথৰ কিছুমান ভূ-মাফিয়াই চলাই গৈছিল দৰিদ্ৰ আৰু চৰকাৰী ভূমি দখলৰ প্ৰচেষ্টা । কিন্তু এইবাৰ তেনে দুষ্টচক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে বিশ্বনাথত কিছুদিন পূৰ্বে ৰাজহ চক্ৰ হিচাপে যোগদান কৰা মাধুৰ্য পৰাশৰে । অভিযোগ অনুসৰি কেইটামান ভূ-মাফিয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চৰকাৰী ভূমি দখল কৰিছে ।
তথ্য অনুসৰি, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথক সংযুক্ত কৰাৰ বাবে বিশ্বনাথ চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰি থকা বাইপাছৰ কাষৰ চৰকাৰী ভূমি দখল কৰিছে দালাল চক্ৰটোৱে ।
কেৱল এয়াই নহয় গোপচাৰ ভূমি, ৰজাদিনীয়া পুখুৰী আদি দখল কৰি নিশাৰ ভিতৰতে মাটি ভৰাই নিৰ্মাণ কৰিছে চাৰিবেৰ । এই তথ্য লাভ কৰাৰ লগে লগে সষ্টম হৈছে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয় । ভূ-মাফিয়া চক্ৰটোৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য পৰাশৰে ৷
চৰকাৰী গাঁওপ্ৰধানে বিশ্বনাথৰ ৰাজহ চক্র বিষয়াক দিয়া তথ্য অনুসৰি সাকোমঠা মৌজাৰ কোছগাঁৱৰ ৪৪৫, ৪৩৫ আৰু ২১০ দাগৰ চৰকাৰী মাটি দখল কৰিছে ভূ-মাফিয়াই ।
- ভূ-মাফিয়াৰ বিৰুদ্ধে এজাহাৰ
গাঁওপ্ৰধানৰ অভিযোগ লাভ কৰাৰ পিছত মণ্ডলে চৰজমিন তদন্ত কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়াই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ এজাহাৰ দাখিল কৰা হৈছে ৪৪৫ নং ছিলিং চৰকাৰী দাগৰ ২ বিঘা ১০ লেচা দখল কৰা প্ৰদীপ চতনামী, অনসুম ৰামচিয়াৰী, কোনো বড়ো আৰু পুতুল মাকীৰ বিৰুদ্ধে ৷
এজাহাৰ দাখিল কৰা হৈছে ৪৩৫ নং ছিলিং চৰকাৰী দাগৰ ১ বিঘা ৪ কঠা ১৫ লেচা মাটি দখল কৰা উজ্জল বৰাৰ বিৰুদ্ধেও ৷ লগতে ২১০ নং গোপচাৰ দাগৰ অংশ দখল কৰি দোকান ঘৰ নিৰ্মাণ কৰা কোনো বড়ো উপাধিৰ লোকৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ ৷
কিন্তু আৰক্ষীয়ে ৰহস্যজনকভাৱে বিষয়টো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ ইফালে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে বিগত বছৰ বিশ্বনাথৰ বহু কেইটা মাটিৰ দালালক জেললৈ প্ৰেৰণ কৰা হৈছে । কিন্তু তাৰ পিছতো কাৰ বলত পুনৰ সক্ৰিয় হৈছে ভূ-মাফিয়া তথা মাটিৰ দালাল চক্ৰ ?

