লখিমপুৰ বাণিজ্য মহাবিদ্যালয় অৱসৰী অধ্যক্ষ ড৹ মুকুট বৰুৱাৰ দেহাৱসান
লখিমপুৰ বাণিজ্য মহাবিদ্যালয় অৱসৰী অধ্যক্ষৰ দেহাৱসান । ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ড৹ মুকুট বৰুৱাই ।

Published : November 17, 2024 at 10:42 AM IST
লখিমপুৰ: ৰাজ্যৰ উচ্চশিক্ষা ক্ষেত্রখনত অৰিহণা যোগাই অহা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় অৱসৰী অধ্যক্ষ ড৹ মুকুট বৰুৱাৰ বিয়োগ । শুকুৰবাৰে নিশা তেওঁৰ বাংগালুৰুত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । তেওঁৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰে । বিভিন্ন শিক্ষানুষ্ঠানত শোকসভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন দল-সংগঠনে তেওঁৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপন কৰে ।
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ মুকুট চন্দ্ৰ বৰুৱাৰ বিয়োগ । লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, গণিতজ্ঞ তথা মহাবিদ্যালয় পৰ্যায়ত কম্পিউটাৰ শিক্ষাৰ অন্তৰ্ভুক্তিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা, নকাৰী নিবাসী ড৹ মুকুট চন্দ্ৰ বৰুৱাৰ হৃদক্ৰিয়া বন্ধ হৈ শুকুৰবাৰে নিশা বাংগালুৰুত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ ।
১৯৫৫ চনত নাওবৈচাৰ কোৱাদঙাত জন্মগ্ৰহণ কৰা ড৹ বৰুৱাই স্কুলীয়া শিক্ষা উত্তৰ লখিমপুৰ চৰকাৰী উ.মা. বিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় (বৰ্তমান বিশ্ববিদ্যালয়)ৰ পৰা গণিতত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি আৰু পি এইচ ডি লাভ কৰে । ১৯৮২ চনত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত যোগদান কৰাৰ পূৰ্বে ১৯৮০ চনত প্ৰথমে তেওঁ ডেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত গণিতৰ প্ৰবক্তা হিচাপে শিক্ষকতা কৰিছিল ।
২০০৫ চনত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ লৈ ২০১৫ চনত সেই পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে । তেওঁৰ বিয়োগত শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত এখনি শোকসভা অনুষ্ঠিত হয় । শোকসভাখনত মহাবিদ্যালয়খনৰ শিক্ষক, কাৰ্যালয়ৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে আছু, বীৰ লাচিত সেনা আৰু অসম যুৱ পৰিষদৰ দৰে বিভিন্ন অনুষ্ঠানৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
অধ্যক্ষ ড৹ লোহিত হাজৰিকাই নেতৃত্ব দিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপাধ্যক্ষ ছাজ্জাদ হুছেইনে ড৹ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে বক্তব্য আগবঢ়ায় । সভাত বিদেহ আত্মাৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰা হয় আৰু এক শোক প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁৰ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয় । আনহাতে উত্তৰ লখিমপুৰৰ পানীগাঁৱৰ পানীগাঁও ওম প্ৰকাশ ডিনোদিয়া মহাবিদ্যালয়তো ড৹ মুকুট চন্দ্ৰ বৰুৱাৰ মৃত্যুত শোকসভাৰ আয়োজন কৰা হয় ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০২২ চনৰ পৰা ২০২৩ চনলৈ মনোনীত কৰা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ড৹ বৰুৱাৰ প্ৰতি অধ্যক্ষ ড৹ সুৰেশ দত্তৰ নেতৃত্বত পি অ’ পি ডি কলেজৰ শিক্ষক, কাৰ্যালয় কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে, পূৰ্বে পত্নীৰ মৃত্যু হোৱা ড৹ মুকুট চন্দ্ৰ বৰুৱাই এৰি থৈ গৈছে দুগৰাকী কন্যা আৰু এজন পুত্ৰক । শনিবাৰে বিয়লি বাংগালুৰুত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

