ETV Bharat / state

গুৱাহাটীৰ কৃত্ৰিম বান ৰুধিবলৈ এম জি ভি কে ভানুৱে দিলে দুটা পৰামৰ্শ - ASSAM FLOOD 2025

কোনো কোনো অঞ্চলৰ ৰাইজে পাহৰিছিল কৃত্ৰিম বাননো কি ? ভানুৰ সেই দক্ষতা মহানগৰবাসীৰ বাবে স্মৰণীয় হৈ আছে । সেয়ে তেওঁক লৈ বৰ্তমান চৰ্চা ।

Assam Flood 2025
এম জি ভি কে ভানু (MGVK Bhanu' FB page)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 8:46 PM IST

4 Min Read

গুৱাহাটী: বিগত দুদিন ধৰি কৃত্ৰিম বানত ককবকাইছে গুৱাহাটী মহানগৰীৰ নাগৰিকে । এফালে চৰকাৰৰ গুৱাহাটীক বানমুক্ত কৰাৰ মিছা প্ৰতিশ্ৰুতি, আনফালে মহানগৰবাসীৰ জীৱন-যন্ত্ৰণা । বিভিন্ন নতুন নতুন আঁচনি-প্ৰকল্পৰে গুৱাহাটীক বানমুক্ত কৰাৰ চৰকাৰৰ প্ৰয়াসৰ বিপৰীতে দিনক দিনে ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা ।

আনহাতে, নতুন নতুন অঞ্চলো শেহতীয়াভাৱে বানৰ কবলত পৰিছে । ইয়াৰ মাজতেই সামাজিক মাধ্যমত এগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে। সেই ব্যক্তিজনেই হৈছে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু ।

এম জি ভি কে ভানুৰ কাৰ্যকালত তদানীন্তন কংগ্ৰেছ চৰকাৰে গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । এনে পৰিস্থিতিতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুক দিছিল গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ দায়িত্ব । তেতিয়া ভানুৱে মুখ্যমন্ত্ৰীক এবছৰৰ ভিতৰত কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ।

কথা মতেই কাম । ইয়াৰ পাছত অনিল নগৰ, নবীন নগৰৰ বাহিৰে গুৱাহাটীৰ ৰাইজে কৃত্ৰিম বানৰ সমস্যাৰ পৰা যথেষ্ট সকাহ পালে । কোনো কোনো অঞ্চলৰ ৰাইজে পাহৰিছিল কৃত্ৰিম বাননো কি ? এম জি ভি কে ভানুৰ সেই তৎপৰতা আৰু দক্ষতা মহানগৰবাসীৰ বাবে স্মৰণীয় হৈ আছে । সেয়ে তেওঁক লৈ বৰ্তমান চৰ্চা হৈছে ।

এই চৰ্চাৰে গইনা লৈ ই টিভি ভাৰত কাষ চাপিছিল একালৰ দক্ষ আমোলা ভানুৰ । তেওঁ আগবঢ়ালে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ কেইবাটাও সমাধান সূত্ৰ । ই টিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ভানুৱে কয়, "গুৱাহাটীত কৃত্ৰিম বান হ'লেই বৰষুণ বেছি হোৱা, মেঘালয়ৰ পানী অহা আৰু বশিষ্ঠৰ পানী বঢ়া বুলি নানা কথা কৈ আহিছে । "

"১৯৯১ পৰাই গুৱাহাটীৰ পানী দেখিছো । গুৱাহাটীত পানী আহেই, কিন্তু কিমান সময় পানী থাকিব লাগে । কিয়নো মেঘালয়ত নগৰীকৰণ হৈ আছে । গুৱাহাটীৰ কাষৰীয়া মেঘালয়ৰ পাহাৰবোৰৰ খনন হৈছে । চৰকাৰে সমস্যাবোৰ সমাধান কৰিব লাগে । সমস্যাবোৰৰ কথা ৰাইজৰ আগত কোৱাটো চৰকাৰৰ কাম নহয় বিষয়াই কাম কৰিছেনে নাই, ঠিকাদাৰে কি কাম কৰিলে । গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ দুটা পদ্ধতি আছে ।" ভানুৱে কয় ।

গুৱাহাটীৰ পদ্ধতি দুটা কি ?

  • প্ৰথমটো হৈছে বৰষুণ নোহোৱা সময়ত কি কাম কৰিব লাগিব আৰু বৰষুণ হোৱাৰ সময়ত কি কাম কৰিব ।
  • দ্বিতীয়তে চৰকাৰে কেনেকৈ আন্তঃগাথঁনিৰ উন্নয়ন কৰিব আৰু কেনেদৰে কাৰ্যকৰী কৰিব সেয়া নিশ্চিত কৰিব লাগিব ।

কৃত্ৰিম বানৰ সমস্যাৰ সমাধান এই দুটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্তমান গুৱাহাটী যি সমস্যাৰ সন্মুখীন হৈছে এই দুটা কথা আওকাণ কৰাৰ বাবে । গুৱাহাটীৰ পানী ব্ৰহ্মপুত্ৰত পেলোৱাৰ বাবে তিনিটা ৰাস্তা আছে । এই কেইটা হৈছে দীপৰ বিল, বোন্দাজান আৰু ভৰলুমুখ । পানীখিনি ব্ৰহ্মপুত্ৰত পেলাবলৈ কি ব্যৱস্থা কৰা আছে ।

তদুপৰি মহানগৰীৰ নলা পৰিষ্কাৰৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাটো অতি জৰুৰী । এয়া নকৰিলে ইয়াত দুৰ্নীতি হোৱা সম্ভাৱনা থাকে । ইয়ো আন এটা সমস্যা ।

কি কাৰণত বৰ্তমান মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা জটিল হ'ব ধৰিছে

বৰ্তমান তিনিটা কাৰণত গুৱাহাটীত কৃত্ৰিম বান বাঢ়িছে । তেওঁ কয়, "গুৱাহাটী কাষৰীয়া অঞ্চলৰ পৰা জলপ্ৰবাহ বৃদ্ধি পাইছে ৷ উপযুক্ত সময়ত পানীৰ পাম্পিং নকৰা, দীপৰ বিল আৰু শিলসাঁকো বিল সঠিকভাৱে পৰিচালনা নকৰাৰ বাবে ।"

"বিগত দুটা দিনত গুৱাহাটীত কৃত্ৰিম বানে যি পৰিৱেশৰ সৃষ্টি কৰিছে, সেয়া কৰ্মক্ষেত্ৰৰ গাফিলতিৰ বাবে হৈছে । আন্তঃগাঁথনি ব্যৱস্থাপনাৰ গাফিলতি আৰু পৰিচালনা কৰাৰ গাফিলতিৰ বাবে হৈছে । বৰষুণ হ'লে আমি হুলস্হূল কৰো ।" ভানুৱে কয় ।

"চৰকাৰে কৃত্ৰিম বানৰ কিবা এটা কাৰণ দেখুৱাই দিয়ে আৰু পূজা-বিহু আহিলেই আমি সকলো পাহৰি যাওঁ । মে' মাহৰ পৰা পুনৰ এই হুলুস্হূল আৰম্ভ হয় । গুৱাহাটীৰ কৃত্ৰিম বান নাইকীয়া কৰিবলৈ পূজাৰ পিছতেই সমাধানৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব ।" তেওঁ কয় ।

লগতে পঢ়ক : হঠাৎ আহিল বান: এবুকু পানীত নামি পূৰঠ নোহোৱা ধানকে কাটিলে কৃষকে

লগতে পঢ়ক : ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি: তিনিখন জিলা বানৰ কবলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.