গুৱাহাটী : আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । পুৱাই এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । এক্সৰ এটা পোষ্টত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীয়ে । শিক্ষা মন্ত্ৰীয়ে পোষ্টটোত উল্লেখ কৰা মতে ১০.১৫ বজাত প্ৰেছ নোট প্ৰকাশ কৰা হ'ব আৰু ১০.৩০ বজাৰ লগে লগে ফলাফল প্ৰকাশ কৰা হ'ব । উল্লেখ্য যে শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিতৰ্কৰ সূচনা হৈছিল । ফলাফল ঘোষণা সম্পৰ্কে একাংশ সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল । অৱশ্যে পৰৱৰ্তী সময়ত ৯ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰীয়ে এক্সৰ জৰিয়তে স্পষ্টীকৰণো দিছিল । অৱশ্যে এনেবোৰ বিতৰ্কৰ মাজত অৱশেষত শুকুৰবাৰে ফলাফল ঘোষণা কৰা হ'ব বুলি শিক্ষা মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ।
কেনেদৰে পাব ফলাফল ?
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অফিচিয়েল ৱেবছাইটত ফলাফল প্ৰকাশ কৰিব । ফলাফল চাবলৈ আপুনি পৰিষদৰ অফিচিয়েল ৱেবছাইট www.asseb.in ক্লিক কৰিব লাগিব । ইফালে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰা অধিসূচনাত প্ৰায় ১৪ টা ৱেবছাইট আৰু ১ টা মোবাইল এপৰ কথাও উল্লেখ কৰিছে য'ত ফলাফল প্ৰকাশ কৰা হ'ব । ৱেবছাইট কেইটা হৈছে-

https://sebaonline.org
www.results.shiksha
www.assam.shiksha
www.indiaresults.com
www.jagranjosh.com
www.schools9.com
www.indianexpress.com
www.assamresult.in
www.assamjobalerts.com
www.vidyavision.com
www.iresults.net
www.iresults.in
https://www.ndtv.com
https://ndtv.in
ইফালে মোবাইল এপ 'ASSEB results'ত উপলব্ধ হ'ব ফলাফল ।
𝐓𝐡𝐞 𝐍𝐎𝐓𝐈𝐅𝐈𝐂𝐀𝐓𝐈𝐎𝐍 𝐨𝐟 𝐇𝐒𝐋𝐂 𝐑𝐞𝐬𝐮𝐥𝐭𝐬—𝟐𝟎𝟐𝟓 pic.twitter.com/uI3fZzEVyh
— Ranoj Pegu (@ranojpeguassam) April 11, 2025
উল্লেখ্য যে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল । এইবাৰ ৰাজ্যত মুঠ ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । তাৰ ভিতৰত ছাত্ৰ আছিল ১,৯০,৬৫৩ জন আৰু ছাত্ৰী ২,৩৮,৭৯৫ গৰাকী । ইফালে প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰিছে । লক্ষণীয়ভাৱে যোৱা বছৰৰ তুলনাত এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছিল । এই বৰ্ষত ৮,৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছিল । এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰিছিল ।
লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা - PANCHAYAT ELECTIONS 2025