এতিয়াও ধৰিব পৰা নাই বনৰজাক : আতংকৰ মাজত দিন কটাইছে ধিঙৰ আঠগাঁওবাসীয়ে - Tiger Scare in Nagaon
Tiger Scare in Nagaon : সময় বাগৰিলেও আতংক কমা নাই ধিঙৰ আঠগাঁওবাসীৰ । এপষেকতো বাঘ খেদাত ব্যৰ্থ বন বিভাগ । সন্ধিয়াৰ পাচত শৌচালয়লৈও যাব নোৱৰা অৱস্থা আঠগাঁওবাসীৰ । ঢেকীয়াপতীয়াই সৃষ্টি কৰা আতংকৰ মাজত কিদৰে কটাইছে আঠগাঁওবাসীয়ে ? এই সন্দৰ্ভত ঘটনাস্থলীৰ পৰা ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Published : July 19, 2024 at 8:08 PM IST
নগাঁও, ১৯ জুলাই : লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি কৰাৰ পাচতো বাঘটো খেদাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বন বিভাগ । জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাচত বিগত তিনিটা দিন ধৰি বাঘটোৱে ত্ৰাসৰ সৃষ্টি কৰি আহিছে নগাঁৱৰ ধিঙৰ বিলতীয়া, আঠগাঁৱকে ধৰি বৃহত্তৰ ধিং অঞ্চলত ।
সম্প্ৰতি ধিঙৰ আঠগাঁৱত বিচৰণ কৰি থকা বাঘটোক কৰায়ত্ত কৰিবলৈ বন বিভাগে চাৰিটাকৈ পিঞ্জৰা, ট্ৰেংকুলাইজ কৰিবলৈ মোতায়েন কৰা তিনিটাকৈ বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লাভ কৰিব পৰা নাই সফলতা । শুকুৰবাৰেও চলোৱা চেষ্টাত বিফল হৈছে বন বিভাগৰ লোক । আনহাতে, বাঘটোৰ গতিবিধি নিৰীক্ষণৰ বাবে আই আৰ কেমেৰাৰ লগতে ড্ৰোণ আদিৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ বহু কেমেৰা ব্যৱহাৰ কৰা বুলিও জানিব পৰা গৈছে ।
ইফালে ধিঙৰ আঠগাঁৱৰ ঘন জংঘলৰ মাজতেই বাঘটোৱে আশ্ৰয় লৈ থকা বুলি বন বিভাগৰ লগতে স্থানীয় লোক নিশ্চিত হোৱাৰ পাচত তীব্ৰ আতংকৰ মাজত কটাবলগীয়া হৈছে ধিঙৰ আঠগাঁওবাসী । গাঁওখনত পৰ্যপ্ত আৰক্ষী, নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে যদিও ৰাজপথলৈ ওলাই আহিবলৈ যেন সাহস গোটাব নোৱৰা হৈছে গাঁওবাসীয়ে । পৰিৱেশ পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে সন্ধিয়াৰ পাচত ঘৰৰ পৰা ওলাই শৌচালয়লৈয়ো যাব নোৱৰা হৈছে অঞ্চলটোৰ পুৰুষ-মহিলাসকল ।
উল্লেখ্য, বিগত এটা পষেকতো বাঘ খেদাত ব্যৰ্থ বন বিভাগৰ এতিয়া বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ আৰু কিমান দিনৰ প্ৰয়োজন হয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

