ETV Bharat / state

বিতৰ্কিত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ

জোনাইৰ আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ । টেঙাখাতৰ 19th APBNৰ মুখ্য কাৰ্যালয়ত ৰিজাৰ্ভ ক্ল’জ ।

Reserve Clause to controversial police officer Suryakant Morang
বিতৰ্কিত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 4:06 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: জোনাইত ছাত্ৰ সন্থাৰ নেতাক বিনা কাৰণত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা অভিযোগ উত্থাপন জোনাই মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে । ৰাজ্য কঁপাই যোৱা এই ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও শাম কটা নাই । সমগ্ৰ অঞ্চলজুৰি বৰ্তমানেও উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে । সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি জিলা তথা আৰক্ষী প্ৰশাসনক বান্ধি দিয়া ১০ ঘন্টা সময় উকলি যোৱাৰ লগে লগে শনিবাৰে সন্ধিয়া প্ৰতিবাদত বহিল শ শ ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে সাধাৰণ ৰাইজ ।

তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অভিযুক্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ দাবী জনায় । পথ অৱৰোধ কৰাৰ লগতে SDPO সূৰ্যকান্ত মৰাঙৰ প্ৰতিকৃৰ্তি দাহ কৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে জিলা ছাত্ৰ সন্থাই । ছাত্ৰ ঐক্য জিন্দাবাদ, গৃহ বিভাগ কাম নাই, SDPO সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰ কৰিবই লাগিব, মূখ্যমন্ত্ৰী হুচিয়াৰ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে ।

বিতৰ্কিত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ (ETV Bharat Assam)

তাৰোপৰি দাবী মানি নল'লে ৰাইজৰ সহযোগত গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে । ইফালে ঘটনা সংক্ৰান্তত IGP জীৎমল দলেৰ নেতৃত্বত অহা এটা দলে শনিবাৰে বিয়লিৰ পৰা ঘন্টাৰ পিছত ঘন্টা জোনাই আৰক্ষী থানাত তদন্তৰ পিছতে জোনাইৰ আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক টেঙাখাতৰ 19th APBNৰ মুখ্য কাৰ্যালয়ত ৰিজাৰ্ভ ক্ল’জ কৰে বুলি জানিব পৰা গৈছে ।

Reserve Clause to controversial police officer Suryakant Morang
বিতৰ্কিত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ (ETV Bharat Assam)

উল্লেখ্য যে, অভিযোগ অনুসৰি জোনাই আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰাত ছাত্ৰ নেতাজন গুৰুতৰভাৱে আহত হৈছিল । প্ৰত্য়ক্ষদৰ্শীৰ অভিযোগ মতে, আৰক্ষীয়ে নিশা মন্দিৰৰ পৰা উঠাই আনি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ছাত্রনেতা চন্দ্ৰকান্ত বৰুৱাক । কোনো কাৰণ নোহোৱাকৈ আৰক্ষী বিষয়াগৰাকীয়ে লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক: আছু নেতাক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক নিলম্বনৰ দাবীত উত্তাল জোনাই, থানা ঘেৰাও - POLICE BEATEN AASU LEADER

উত্তপ্ত টেঙাখাত;তেৰছ গোৱালাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ - PANCHAYAT ELECTION 2025