ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে পুনৰ মুকলি দৰ্পণ প’ৰ্টেল - REOPEN DARPAN PORTAL

চি বি এছ ই ৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছতে এই প’ৰ্টেল মুকলি কৰা হৈছে ৷

reopen Darpan portal
পুনৰ মুকলি দৰ্পণ প’ৰ্টেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2025 at 6:08 PM IST

2 Min Read

গুৱাহাটী: পুনৰ মুকলি কৰা হ'ল দৰ্পণ প’ৰ্টেল । আজিৰে পৰা ২০ মে' পৰ্যন্ত মুকলি কৰি দিয়া হৈছে দৰ্পণ প’ৰ্টেল । এয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত নামভর্তি কৰিবলগীয়া প্ৰাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ ।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে মঙলবাৰে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন নামভৰ্তি প’ৰ্টেল 'দৰ্পণ' মুকলি কৰি দিছে ।

ছাত্ৰ-ছাত্ৰীসকলে আজিৰে পৰা ২০ মে’ পৰ্যন্ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে প’ৰ্টেলটোৰ জৰিয়তে আবেদন কৰিব পাৰিব ।

reopen Darpan portal
২০ মে’ পৰ্যন্ত শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন (ETV Bharat Assam)

এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব । একেদৰে সংশ্লিষ্ট সকলো শিক্ষানুষ্ঠানে ২৩ মে’ৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব ।

নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বিভাগীয় ৱেবছাইট www.ahsec.assam.gov.in বা darpan.ahseconline.in পৰীক্ষা কৰিবলৈ পৰিষদে আহ্বান জনাইছে ।

নিৰ্দেশনাত পৰিষদে স্পষ্ট কৰি দিয়ে যে কোনো পৰিস্থিতিতে নামভৰ্তি প্ৰক্ৰিয়াত অফলাইন আবেদন গ্ৰাহ্য কৰা নহ'ব ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত নামভৰ্তিৰ বাবে ১৭ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ দৰ্পণ প’ৰ্টেল মুকলি কৰি দিয়া হৈছিল ।

উল্লেখ্য যে, চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হৈছিল ৷ ঘোষিত ফলাফল অনুসৰি মুঠ ৯৩.৬৬% ছাত্ৰই এইবাৰৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণ হয়, যিটো পূৰ্বৰ বছৰৰ তুলনাত ০.০৬% অধিক । আনহাতে, ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫% । এইবাৰৰ পৰীক্ষাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰতকৈ ২.৩৭% বেছি ।

লগতে পঢ়ক: চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ সৰ্বনিম্ন স্থানত গুৱাহাটী - CBSE CLASS 10TH EXAM RESULTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.