ETV Bharat / state

পৰীক্ষাৰ সলনি নিৰ্বাচনহে হ’ব; বাতিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা

শুকুৰবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক জাননীযোগে সদৰী কৰিলে এই কথা ।

HS FIRST YEAR EXAMINATION
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 6:42 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল । শুকুৰবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক জাননীযোগে সদৰী কৰিলে এই কথা । পঞ্চায়ত নিৰ্বাচনৰ বাবেই উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে ।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদত অনুষ্ঠিত বৈঠকত পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াৰ পিছত বাকী পৰীক্ষা অনুষ্ঠিত কৰাটো অতি কঠিন হ'ব । সেয়েহে ব’ৰ্ডে বাকীবোৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লয় ।

HS FIRST YEAR EXAMINATION
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী (ETV Bharat Assam)

অৱশ্যে, পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ কেতবোৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব । মাৰ্চত প্ৰথম বৰ্ষৰ অনুষ্ঠিত বিষয়বোৰৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক ২০২৬ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়া হ'ব । ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব বাতিল হোৱা বিষয়সমূহৰ নম্বৰ । অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে ।

যদি প্ৰতিষ্ঠান বা শিক্ষাৰ্থীসকলে বাকী থকা বিষয়বোৰত নিজকে বিশ্লেষণ কৰিব বিচাৰে, তেতিয়া অধ্যয়ন আৰু অনুশীলনৰ বাবে তেওঁলোকৰ নিজ নিজ মহাবিদ্যালয়ৰ পৰা প্ৰশ্নকাকত সংগ্ৰহ কৰিব পাৰে ।

HS FIRST YEAR EXAMINATION
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী (ETV Bharat Assam)

অৱশ্যে, যিবোৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিৰ্ধাৰিত তাৰিখ আৰু সময়ৰ আগতে প্ৰশ্নকাকতৰ টোপোলা খোলাৰ তদন্ত চলি আছে, তেওঁলোকক অধ্যয়ন আৰু অনুশীলনৰ বাবে মহাবিদ্যালয়ৰ পৰা প্ৰশ্নকাকতৰ কোনো পেকেট সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া নহয় ।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ গণিত আৰু অর্থনীতি বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ পৰৱর্তী সকলো পৰীক্ষা বাতিল কৰিছিল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । ২৪ মার্চৰ পৰা ২৯ মার্চলৈকে অনুষ্ঠিত হ'বলগীয়া ১৯ টা বিষয়ৰ পৰীক্ষা বাতিল হৈছিল ।

লগতে পঢ়ক: বাতিল হোৱা পৰীক্ষাবোৰ কেতিয়াকে হ'ব ? - HS FIRST YEAR EXAMINATION