ETV Bharat / state

প্ৰশ্নকাকত ফাদিল: উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষা বাতিল

শনিবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

HS FIRST YEAR EXAMS CANCELLED
প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত এই সিদ্ধান্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 9:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: এখনৰ পাছত আনখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ । ২৪ মাৰ্চত নতুন সূচীক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ।

শনিবাৰে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহক লৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । পৰীক্ষা অনুষ্ঠিত কৰাত ধাৰাবাহিক ব্যৰ্থতাৰ পিছতে উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰা হৈছে ।

HS FIRST YEAR EXAMS CANCELLED
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জাননী (ETV Bharat Assam)

২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া পৰীক্ষাসমূহ বাতিল কৰা হৈছে । ২৪ মাৰ্চত অনুষ্ঠিত হ’ব পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকতে পৰীক্ষাৰ পৰৱৰ্তী তাৰিখক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষাৰ গণিত আৰু অৰ্থনীতি বিষয়ৰ প্ৰশ্নকাতত ফাদিল হৈছিল । প্ৰথমতে গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছিল । ইয়াৰ পাছত শনিবাৰে অৰ্থনীতি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু পৰীক্ষাৰ পূৰ্বে অৰ্থনীতিৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে । অৱশ্যে গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটোক কেন্দ্ৰ কৰি পৰিষদে আজি বাকী থকা পৰীক্ষাসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

HS FIRST YEAR EXAMS CANCELLED
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জাননী (ETV Bharat Assam)

এই সন্দৰ্ভত শনিবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক জাননী জাৰি কৰে । বিশেষকৈ গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ বাকী থকা বিষয়ৰ পৰীক্ষাসমূহ বাতিল কৰে । ২৪ মাৰ্চত পৰীক্ষাৰ পৰৱৰ্তী সময়সূচী সন্দৰ্ভত পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব ।

গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কঠোৰ পদক্ষেপ

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ভাইৰেল হোৱা ঘটনাক লৈ কঠোৰস্থিতি গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকতৰ টোপোলা সময়ৰ পূৰ্বে খোলা ১৫ খন ব্যক্তিগত বিদ্যালয় চিনাক্ত কৰিছে পৰিষদে । সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত নোহোৱা পৰ্যন্ত ১৫ খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিলে পৰিষদে ।

২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিও কৰিব নোৱাৰিব শিক্ষানুষ্ঠানকেইখনত । অৱশ্যে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত । একেদৰে চলিত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে দিব পাৰিব পৰীক্ষা ।

স্বীকৃতি বাতিল হোৱা ১৫ খন ব্যক্তিগত বিদ্যালয় হৈছে- বৰপেটা জিলাৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়, বজালী জিলাৰ বজালী একাডেমি অৱ এক্সিলেন্সী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰ জিলাৰ এডিথ ড'গ্লছ এইছ এছ স্কুল আৰু প্ৰেচিডেন্সী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ধেমাজি জিলাৰ এন চি ডি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সুভদ্য ৰেম এইছ এছ স্কুল আৰু পশ্চিম জোনাই চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, হাইলাকান্দি জিলাৰ হাইলাকান্দি ছায়েন্স চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ মহানগৰ জিলাৰ ড৹ ভবেন্দ্ৰ নাথ শইকীয়া চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, লখিমপুৰ জিলাৰ বঙালমৰা একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মাজুলী জিলাৰ বিবেকানন্দ বিদ্যালয়, নগাঁও জিলাৰ বগৰীগুৰি এডভান্স একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফা বিটা চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এছ এ এছ ইণ্টাৰনেশ্যনেল মডেল স্কুল আৰু নলবাৰী জিলাৰ এমবিশ্বন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ।

লগতে পঢ়ক: মাত্ৰ সাত মিনিটতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ কৰিব পাৰিব যাত্ৰা ! - GUWAHATI NORTH GUWAHATI BRIDGE