ETV Bharat / state

বাতিল হোৱা পৰীক্ষাবোৰ কেতিয়াকে হ'ব ? - HS FIRST YEAR EXAMINATION

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ বাকী থকা পৰীক্ষাৰ সময়সূচী ৷

HS FIRST YEAR EXAMINATION
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 10:43 PM IST

3 Min Read

গুৱাহাটী: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ বাকী থকা পৰীক্ষাৰ সময়সূচী । সোমবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদত অনুষ্ঠিত এখন বিশেষ বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণালৈ অপেক্ষা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে । নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে প্রকাশ পাব HS প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন সূচী ।

  • কি কি পৰীক্ষা বাতিল হৈছে ?

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ গণিত আৰু অর্থনীতি বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ৰাজ্যজুৰি তীব্র সমালোচনাৰ সন্মুখীন হৈছে শিক্ষা বিভাগ আৰু ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ । এটা পৰীক্ষাও সূচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱৰা সংস্থাটোৱে উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ পৰৱর্তী সকলো পৰীক্ষা বাতিল কৰিছিল ৷

এখন নির্দেশনাত উল্লেখ কৰিছিল যে, ‘২৪ মার্চৰ পৰা ২৯ মার্চলৈকে হ'বলগীয়া সকলো পৰীক্ষা বাতিল কৰা হৈছে । ইয়াৰ লগে লগে ২৪ মার্চৰ পৰা ২৯ মার্চলৈ অনুষ্ঠিত হ'বলগীয়া ১৯ টা বিষয়ৰ পৰীক্ষা বাতিল হৈছিল । বিষয়কেইটা হৈছে ক্ৰমে- কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচন, এনথ্র’প'লজি, ছচিঅ'ল'জি, বায়’ল’জি, শিক্ষা, বিজনেছ ষ্টাডিজ, ঐচ্ছিক ভাষা, আৰৱী, পাৰ্চী, সংস্কৃত, এণ্টাৰপ্রিনিউৰশ্বিপ ডেভেলপমেণ্ট, ভূগোল, ভূতত্ত্ব, লজিক এণ্ড ফিল'ছফি, ছাইক'লজি, মিউজিক গ্রুপ- 'চি', আধুনিক ভাৰতীয় ভাষা, ঐচ্ছিক ইংৰাজী, ফাইন আর্টছ, ছেলছ মেনেজমেন্ট এণ্ড এডভাৰটাইজিং ।

  • ১৫ খন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ গণিতৰ প্রশ্নকাকত ফাদিলৰ সৈতে জড়িত আছিল ৰাজ্যৰ ১৫ খন ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান । নিয়মবহির্ভূতভাৱে পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পূর্বেই প্রশ্নকাকতৰ টোপোলাৰ ছীল খুলি অপকর্মত লিপ্ত হৈছিল এইসমূহ শিক্ষানুষ্ঠান ।

জাননীযোগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যৰ ১০ জিলাৰ ১৫ খন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে । গণিতৰ প্ৰশ্নকাকত ফাদিলত অভিযুক্ত বিদ্যালয়ৰ নাম জিলাভিত্তিক প্রকাশ কৰি শিক্ষা বিভাগে এই শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে সংশ্লিষ্ট থানাত এজাহাৰ দাখিলৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকক নির্দেশ দিয়ে ।

স্বীকৃতি বাতিল হোৱা ১৫ খন ব্যক্তিগত বিদ্যালয় হৈছে- বৰপেটা জিলাৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়, বজালী জিলাৰ বজালী একাডেমী অৱ এক্সিলেন্সী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰ জিলাৰ এডিথ ড'গ্লছ এইছ এছ স্কুল আৰু প্ৰেচিডেন্সী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ধেমাজি জিলাৰ এন চি ডি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সুভদ্য ৰেম এইছ এছ স্কুল আৰু পশ্চিম জোনাই চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, হাইলাকান্দি জিলাৰ হাইলাকান্দি ছায়েন্স চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ মহানগৰ জিলাৰ ড৹ ভবেন্দ্ৰ নাথ শইকীয়া চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, লখিমপুৰ জিলাৰ বঙালমৰা একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মাজুলী জিলাৰ বিবেকানন্দ বিদ্যালয়, নগাঁও জিলাৰ বগৰীগুৰি এডভান্স একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফা বিটা চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এছ এ এছ ইণ্টাৰনেশ্যনেল মডেল স্কুল আৰু নলবাৰী জিলাৰ এমবিশ্বন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ।

লগতে পঢ়ক: চৰকাৰ ইমানেই অপদাৰ্থ যে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰে: ৰিপুণ বৰা - PROTEST AGAINST HS PAPER LEAK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.