নগাঁৱৰ বন্যাৰ্তলৈ প্ৰশাসনৰ বান সাহাৰ্য - Relief Aid Distributed in Nagaon
Flood in Nagaon: নগাঁও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানাক্ৰান্ত অঞ্চললৈ বান সাহাৰ্য প্ৰদান ৷ শিশু খাদ্য, পশু খাদ্যৰ লগতে চিকিৎসা সেৱা, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, ঔষধ আদিও পৰ্যাপ্ত পৰিমাণে বিতৰণ কৰি থকা হৈছে ৷

Published : July 7, 2024 at 8:04 PM IST
নগাঁও, 7 জুলাই: বান পৰিস্থিতি কিছু উন্নত হ’লেও আজিও বানৰ কবলত নগাঁৱৰ কেবাসহস্ৰাধিক লোক । আহাৰমহীয়া বানত বিশেষকৈ নগাঁও জিলাৰ সংহাৰী বানে জিলাখনৰ নগাঁও, কলিয়াবৰ, চামগুৰি, কামপুৰ, ৰহা আৰু ধিং ৰাজহ চক্ৰৰ বহু অঞ্চল প্লাবিত কৰিছে । জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানাক্ৰান্ত অঞ্চলসমূহৰ বহুলোকক ইতিমধ্যেই বান সাহাৰ্য শিবিৰসমূহলৈ সুৰক্ষিতভাবে স্থানান্তৰ কৰা হৈছে ।
বান সাহাৰ্য শিবিৰৰ সংখ্যা
নগাঁও জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে উল্লেখ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে জিলাখনৰ নগাঁৱত - 3 টা, কলিয়াবৰত - 8 টা, ৰহাত- 4 টা ধিঙত - 2 টা,কামপুৰত - 1 টা আৰু চামগুৰিত- 2 টা বান সাহাৰ্য শিবিৰ স্থাপন কৰা হৈছে ।
একেদৰে কামপুৰ ৰাজহ চক্ৰৰ অন্তর্গত বানাক্ৰান্ত ৰাইজক বৰ্তমানলৈকে বিতৰণ কৰা খাদ্য
চাউল - 3822.86 কুইণ্টল,
দালি - 673.1 কুইণ্টল,
নিমখ - 201.9 কুইণ্টল,
শিশুৰ খাদ্য (জুলীয়া) - 787.20 লিটাৰ,
শিশুৰ খাদ্য (গোটা) - 72.00 পেকেট,
ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত ৰাইজলৈ বৰ্তমানলৈকে বিতৰণ কৰা খাদ্য
চাউল - 1219.69 কুইণ্টল,
দালি - 224.13 কুইণ্টল
নিমখ - 67.25 কুইণ্টল
শিশুৰ খাদ্য (জুলীয়া) - 16000.00 মিলিলিটাৰ, 3838.80 লিটাৰ
শিশুৰ খাদ্য (গোটা) - 18.90 পেকেট
নগাঁও ৰাজহ চক্ৰৰ অন্তর্গত বানাক্ৰান্ত ৰাইজলৈ বৰ্তমানলৈকে বিতৰণ কৰা খাদ্য
বৰ্তমানলৈকে চাউল - 279.88 কুইণ্টল
দালি - 51.03 কুইণ্টল,
নিমখ - 15.32 কুইণ্টল
শিশুৰ খাদ্য (জুলীয়া) - 864.8 লিটাৰ
শিশুৰ খাদ্য (গোটা) - 8934.00 পেকেট
কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তর্গত বানাক্ৰান্ত ৰাইজলৈ বৰ্তমানলৈকে বিতৰণ কৰা খাদ্য
চাউল - 641.37 কুইণ্টল
দালি - 116.75 কুইণ্টল
নিমখ - 35.44 কুইণ্টল
শিশুৰ খাদ্য (জুলীয়া) - 282.00 লিটাৰ
শিশুৰ খাদ্য (গোটা) - 118.00 পেকেট
চামগুৰি ৰাজহ চক্ৰৰ অন্তর্গত বানাক্ৰান্ত ৰাইজলৈ বৰ্তমানলৈকে বিতৰণ কৰা খাদ্য
চাউল - 213.32 কুইণ্টল
দালি - 37.22 কুইণ্টল
নিমখ - 11.19 কুইণ্টল
শিশুৰ খাদ্য (গোটা) - 2310 পেকেট
ধিং ৰাজহ চক্ৰৰ অন্তর্গত লৈ বৰ্তমানলৈকে বিতৰণ কৰা খাদ্য
চাউল - 3.33 কুইণ্টল
দালি - 0.62 কুইণ্টল
নিমখ - 0.18 কুইণ্টল
শিশুৰ খাদ্য (জুলীয়া) - 11.00 লিটাৰ
শিশুৰ খাদ্য (গোটা) - 39.00 পেকেট
লগতে পশু খাদ্য Wheat Bran কামপুৰত 2275.95 কুইন্টল, ৰহাত 916.19 কুইন্টল, নগাঁৱত 694.6 কুইন্টল, কলিয়াবৰত 200 কুইন্টল, চামগুৰিত 300 কুইন্টল বিতৰণ কৰা হৈছে । ইয়াৰ উপৰিও বানাক্ৰান্তসকলৰ মাজত মিঠাতেল, মমবাতি, মহ খেদা ধূপ, চিৰা, গুৰ, চেনীটেৰী নেপকিন, বিস্কুট, তিৰপাল, হেলজেন টেবলেট, ব্লিচিং পাউদাৰ আদি বিতৰণ কৰাৰ লগতে সাহাৰ্য শিবিৰ আৰু বানাক্ৰান্ত অঞ্চলসমূহত খোৱাপানীৰ বাবে দমকল স্থাপন কৰা হৈছে ।
আনহাতে, বান সাহাৰ্য শিবিৰসমূহত প্ৰশাসনৰ তৰফৰ পৰা চিকিৎসা সেৱা, খাদ্য, বিশুদ্ধ খোৱা পানী, শৌচাগাৰ, শিশু খাদ্য, পশুধনৰ খাদ্য, ঔষধ আদি পৰ্যাপ্ত পৰিমাণে বিতৰণ কৰি থকা হৈছে ৷ লগতে পশু চিকিৎসা শিবিৰৰ জৰিয়তে চিকিৎসা প্ৰদানো কৰি থকা হৈছে ।
প্ৰশাসনিক বিষয়াই পৰ্যবেক্ষণ কৰি আছে প্ৰতিটো দিশ
জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, জিলাৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা আঁচনি বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে বান সাহাৰ্য শিবিৰসমূহৰ লগতে বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ বানপীড়িত ৰাইজৰ যাৱতীয় সকলো দিশ আৰু সাহাৰ্য বিতৰণ পৰ্যবেক্ষণ কৰি আছে । সমান্তৰালভাবে, এছ ডি আৰ এফ, আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সকলো বিভাগক বানপীড়িত ৰাইজক তৎপৰতাৰে পূর্ণ সহায়-সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছে ।
ভগ্ন মথাউৰীসমূহৰ পুনৰ নিৰ্মাণৰ কাম জলসম্পদ বিভাগে আৰু বানত ক্ষতিগ্ৰস্ত হোৱা পথ আৰু দলংসমূহৰ মেৰামতিৰ কাম লোকনিৰ্মাণ (পথ) বিভাগে ক্ষীপ্ৰতাৰে কৰি আছে । এই বানত জিলাখনৰ কোনো লোকৰ বৰ্তমান পৰ্যন্ত মৃত্যু হোৱা নাই ।
উল্লেখযোগ্য যে, নগাঁও জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগে বানৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাইজৰ পূৰ্ণ সহায় -সহযোগিতা কামনা কৰে ।

