ETV Bharat / state

ৰংমহলক লৈ তুমুল বিতৰ্ক আইন মহলত: বাৰ এচোছিয়েশ্যনক গৰিহণা মহাপঞ্জীয়কৰ - GAUHATI HIGH COURT

উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠেহে উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আনুষ্ঠানিক সিদ্ধান্ত ল'ব পাৰে ৷ ক'লে মহাপঞ্জীয়কে ।

GAUHATI HIGH COURT
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 4:56 PM IST

7 Min Read

গুৱাহাটী: গুৱাহাটী উচ্চ ন্যায়ালয় বর্তমান স্থানৰ পৰা স্থানান্তৰিত কৰাৰ বিষয়ক লৈ তুংগত উঠিছে বিতৰ্ক ৷ কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়খনক উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিবলৈ লোৱা প্ৰস্তাৱত উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ পীঠে বাৰ এচোছিয়েশ্যনৰ লগত আলোচনা নকৰাকৈ এককক্ষীয়ভাবে সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপিত কৰাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে উভতি ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনক ।

উল্লেখযোগ্য যে গুৱাহাটীত উচ্চ ন্যায়ালয় উকীল সন্থাৰ সভাপতি কমল নয়ন চৌধুৰীয়ে অভিযোগ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামে অলপতে কইনাধৰাত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি উচ্চ ন্যায়ালয়ৰ প্ৰস্তাৱিত স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা কৰিছিল । সন্থাৰ নেতৃবৃন্দ আৰু জ্যেষ্ঠ অধিবক্তাসকলে অধিবক্তা সমাজৰ মতামতক গুৰুত্ব নিদিয়াকৈ উচ্চ ন্যায়ালয়খনক ৰংমহললৈ স্থানান্তৰ কৰিবলৈ লোৱা প্ৰস্তাৱত উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ পীঠে দিয়া সন্মতিৰ তেওঁ বিৰোধিতা কৰি প্ৰকাশ কৰিছিল বিবৃতি ।

ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ এটা শাখাৰ শেহতীয়া দায়িত্বহীন আচৰণক গৰিহণা দি মহাপঞ্জীয়কে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে । ইয়াৰ বিৰুদ্ধে এতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও শুক্ৰবাৰে দিনৰ ভাগত উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনে আহ্বান কৰে এখন জৰুৰী বৈঠক ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ মন্তব্য

গুৱাহাটী উচ্চ ন্যায়ালয় বর্তমানৰ স্থানৰ পৰা স্থানান্তৰিত কৰাৰ বিষয়ত সামাজিক মাধ্যমত ভুল তথ্য প্ৰচাৰ আৰু উকীল সন্থাৰ একাংশ সদস্যই উচ্চ ন্যায়ালয়ৰ লগত জড়িত সাংবিধানিক কর্মকর্তাসকলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এই সংক্রান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে শুকুৰবাৰে এটা বিবৃতিৰে জনাই যে, উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বিষয়ত কেতবোৰ ভুল তথ্য প্ৰচাৰ হৈছে ।

তেওঁ জনোৱা অনুসৰি, ২০২২ চনত গুৱাহাটীৰ বৰাগাঁৱত কামৰূপ (মহানগৰ) জিলা ন্যায়পালিকাৰ বাবে ন্যায়িক পৰিসৰ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷ তেতিয়া ২০২২ চনৰ ২৫ নৱেম্বৰত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই ৩ নং প্ৰস্তাৱযোগে সকলো আদালতক এটা পৰিসৰলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ প্ৰস্তাৱটো মনত ৰাখি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু তেওঁৰ সংগী ন্যায়াধীশসকলে একেঠাইতে এক অত্যাধুনিক আন্তঃগাঁথনি থকা এখন ন্যায়িক চহৰ গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছিল । পাছলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক এডোখৰ উপযুক্ত মাটি আৱণ্টন দিবলৈ অনুৰোধ জনাইছিল । এনে পৰিস্থিতিত অসম চৰকাৰে ন্যায়িক চহৰ স্থাপনৰ বাবে ২০২৩ চনৰ ২ জুনত এক অধিসূচনা জাৰি কৰিছিল আৰু এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছিল । সমিতিখনৰ দায়িত্ব আছিল ন্যায়িক চহৰৰ বাবে এক উপযুক্ত স্থান নিৰ্ধাৰণ কৰা ।

উচ্চস্তৰীয় সমিতিখনে বিভিন্ন স্থানৰ ভূমি পর্যবেক্ষণ কৰাৰ পাছত উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰায় ১২৮ বিঘা মাটিৰ সম্পর্কে প্রতিবেদন দাখিল কৰিছিল আৰু যোৱা ২০২৩ চনৰ ১৮ অক্টোবৰত অনুষ্ঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠৰ বৈঠকত দাখিল কৰা হৈছিল । ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠে প্রতিবেদনখন গ্ৰহণ কৰি ইয়াৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক ন্যায়িক চহৰ স্থাপনৰ বাবে ৰংমহলত অৱস্থিত ভূমি আৱণ্টন প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ অনুৰোধ জনায় ।

মহাপঞ্জীয়কগৰাকীৰ মতে, প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি ভূমি অধিগ্ৰহণ কৰালৈকে আৰু ভূমিৰ দখল উচ্চ ন্যায়ালয়ক হস্তান্তৰ কৰালৈকে উচ্চ ন্যায়ালয়ৰ ভৱন নিৰ্মাণ বা উচ্চ ন্যায়ালয় স্থানান্তৰৰ কোনো সিদ্ধান্ত লোৱাৰ প্ৰশ্নই নুঠে । বৰ্তমান ভূমিৰ অধিগ্ৰহণৰ প্রক্রিয়াহে চলি থকা বুলি তেওঁ কয় । উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠেহে উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আনুষ্ঠানিক সিদ্ধান্ত ল'ব পাৰে বুলি কয় মহাপঞ্জীয়কে ।

এনে পৰিস্থিতিত উকীল সন্থাৰ একাংশ সদস্যই ইচ্ছাকৃতভাৱে প্ৰচাৰ মাধ্যমৰ সন্মুখত মুখ্য ন্যায়াধীশ আৰু এজন বিশেষ ন্যায়াধীশে মুখ্যমন্ত্ৰীৰ সৈতে গোপনে বৈঠকত মিলিত হৈ উকীল সন্থাৰ সৈতে আলোচনা নকৰাকৈয়ে একপক্ষীয়ভাৱে উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি দাঙি ধৰা বক্তব্য ভুল তথ্যৰ ওপৰত আধাৰিত বুলি তেওঁ কয় ।

মহাপঞ্জীয়কগৰাকীৰ মতে, গুৱাহাটী উচ্চ ন্যায়ালয় উকীল সন্থাৰ সৈতে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে আলোচনা অনুষ্ঠিত হৈছিল, য'ত ন্যায়িক চহৰৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা হৈছিল । অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয় উকীল সন্থাই অপ্রাসংগিক তথ্যৰে সেই প্ৰস্তাৱৰ বিৰোধ কৰাৰ বাহিৰে অইন কোনো গঠনমূলক পৰামৰ্শ প্ৰদান কৰা নাছিল বুলি কয় মহাপঞ্জীয়কে ।

তেওঁ লগতে জনাই যে যোৱা ৮ মাৰ্চত মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠক সম্পর্কেও ভুল তথ্য দাঙি ধৰা হৈছে । তেওঁ জনোৱা অনুসৰি, বৈঠকখনত উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকে ধৰি ন্যায়িক চহৰ স্থাপনৰ ক্ষেত্ৰত কোনো কাৰ্যসূচী নাছিল । কিন্তু আলোচনাৰ অন্তত ৰংমহলত স্থাপন কৰিব পৰা আন্তঃগাঁথনিৰ প্ৰকৃতি সম্পর্কে এটা মোটামুটি ধাৰণা দিবৰ বাবে পাৱাৰ পইণ্টযোগে উপস্থাপন কৰা হৈছিল যদিও মুখ্য ন্যায়াধীশে বিষয়টো উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ বিচাৰপীঠৰ সন্মুখত উপস্থাপন কৰিব লাগিব বুলি কোৱাৰ কথা অৱগত কৰে মহাপঞ্জীয়কে ।

মহাপঞ্জীয়কে বিবৃতিটোত উল্লেখ কৰা অনুসৰি অতি দুৰ্ভাগ্যজনকভাৱে অযুক্তিকৰ অভিপ্ৰায়েৰে প্ৰকৃত তথ্য নিশ্চিত নকৰাকৈ আৰু সত্যক উপেক্ষা কৰি মুখ্য ন্যায়াধীশ আৰু তেওঁৰ ভাতৃ ন্যায়াধীশৰ ভাৱমূৰ্তিক কলংকিত কৰাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচোছিয়েশ্যনৰ কিছুসংখ্যক সদস্যই সংবাদ মাধ্যমৰ জৰিয়তে ভুল তথ্য বিয়পাইছে । উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থাপনৰ বাবে মুখ্য ন্যায়াধীশে তেওঁৰ ভাতৃ ন্যায়াধীশৰ সৈতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি গোপনে সম্মতি দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভুৱা বুলি কয় মহাপঞ্জীয়কে । ন্যস্ত স্বাৰ্থৰ সৈতে জড়িত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ এটা শাখাৰ এনে দায়িত্বহীন আচৰণক গৰিহণা দিয়ে মহাপঞ্জীয়কে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ জৰুৰী বৈঠক

গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ মন্তব্যৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক গিৰীণ পেগুক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- "গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনে পূৰ্বৰ স্থিতিতে অটল আছে । গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনে শুকুৰবাৰে আবেলি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বিশেষ কাৰণবশতঃ কাৰ্যসূচী পিছুৱাই দিয়া হৈছে ।"

"আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ এখন জৰুৰী সভা আহ্বান কৰা হৈছে । এই জৰুৰী সভাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে দিয়া মন্তব্যৰ স্পষ্টীকৰণ দিয়া হ'ব" বুলিও তেওঁ লগতে কয় ।

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন, ইতিহাসৰ পৰা সম্প্ৰতি স্থানান্তৰৰ বিতৰ্কলৈ; ETV Bharatৰ এক অৱলোকন - GAUHATI HIGH COURT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.