জাহাজ আৰু গেছ চিলিণ্ডাৰক সাৰথি কৰি নিৰ্বাচনত নামিব এজেপি আৰু ৰাইজৰ দলে
পঞ্জীয়নকৃত ৰাজনৈতিক দলে প্ৰতীকৰ বাবে কৰিব লাগিব আবেদন ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক প্ৰতীক ব্যৱহাৰৰ অনুমতি ৷

Published : April 4, 2025 at 5:46 PM IST
গুৱাহাটী: ২ আৰু ৭ মে’ত ৰাজ্যৰ ২৭ খন জিলাত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে যোৱা ২ এপ্ৰিলত অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়নপত্র দাখিলৰো প্ৰক্ৰিয়া আৰম্ভ হৈছে । প্ৰতিখন জিলাৰ আয়ুক্তসকলে পঞ্চায়ত নিৰ্বাচনৰ বাবে সিদিনাখনে অধিসূচনা জাৰি কৰে ।
উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনত অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি কেইবাটাও আঞ্চলিক দলক দলীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰাৰ বাবে অসম ৰাজ্যিক নির্বাচন আয়োগে এই অনুমতি প্রদান কৰিছে । এই কথা সদৰী কৰিছে অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ।
কুমাৰে এনেদৰে কয়, ‘‘২ মে' আৰু ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে প্রার্থিত্ব আগবঢ়োৱাসকলে কোনো ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব । পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীসকলে স্বতন্ত্র প্রতীকৰ তালিকাৰপৰা প্রতীক বাছনি কৰিব পাৰিব; অর্থাৎ সদস্য পদত কোনো ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন নাথাকিব । কিন্তু জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত সকলো প্ৰাৰ্থীয়ে নিজৰ দলৰ দলীয় প্রতীক চিহ্নৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব’’ ।
সেই হিচাপে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ, বিজেপিৰ লগতে আঞ্চলিক দল অসম গণ পৰিষদ, এ আই ইউ ডি এফ, বি পি এফ আৰু ইউ পি পি এল আৰু চি পি আই এম দলৰ কোনো অসুবিধা নাই বুলি তেওঁ কয় । আটাইকেইটা দলক ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল হিচাপে ইতিমধ্যে নির্বাচন আয়োগে স্বীকৃতি দিছে বাবে সেই দলকেইটাই স্বাভাৱিকভাৱে দলীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰিব পাৰিব ৷ ইয়াত কোনো বাধা নাই ।
বিপৰীতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এই পর্যন্ত নির্বাচন আয়োগে আঞ্চলিক দল হিচাপে স্বীকৃতি দিয়া নাই । এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয় যে- ‘‘দল দুটাক নির্বাচন আয়োগে ৰাজনৈতিক দলৰ মৰ্যদা দিছে যদিও আঞ্চলিক দল হিচাপে স্বীকৃতি পোৱা নাই । সেয়ে দল দুটাক আবেদনৰ ভিত্তিত ৰাজ্যিক নির্বাচন আয়োগে তেওঁলোকৰ প্রতীক চিহ্ন ব্যৱহাৰ কৰাৰ অনুমতি দিছে । আয়োগৰ অনুমতি অনুসৰি অসম জাতীয় পৰিষদক ‘‘জাহাজ’’ আৰু ৰাইজৰ দলক ‘‘গেছ চিলিণ্ডাৰ’’ দলীয় প্রতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিছে’’ ৷
দল দুটাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনত দলীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰিব পাৰিব । একেদৰে সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থীয়েও দলীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰিব পাৰিব ।
আলোক কুমাৰে কয়- ‘‘দুইধৰণৰ ৰাজনৈতিক দল থাকে । এটা স্বীকৃতিপ্ৰাপ্ত আৰু আনটো পঞ্জীয়নকৃত । পঞ্জীয়নকৃত ৰাজনৈতিক দলে প্ৰতীকৰ বাবে আবেদন কৰিব লাগে । তাৰপিছতহে তেওঁলোকক প্ৰতীক ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হয়’’ ।
লগতে পঢ়ক: প্ৰথমে জলপান তাৰ পিছত ভোটদান: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা - PANCHAYAT ELECTION 2025

