ETV Bharat / state

ৰাজ্যত বৰষুণৰ নাই উম-ঘাম; ২৪ ঘন্টাত সর্বোচ্চ তাপমান বৃদ্ধিৰ সতৰ্কবাণী বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ - Weather Forecast Of Assam

Heat wave in Assam : অগ্নিকুণ্ডলৈ পৰিণত হৈছে ৰাজ্য ৷ বৰষুণটো দূৰৰ কথা, সামান্য মৃদু বতাহো নাই ৷ ইতমধ্যে বতৰ বিজ্ঞান‌ কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা ৷ সম্ভৱতঃ বৃদ্ধি হ’ব পাৰে ৰাজ্যৰ তাপমাত্ৰা ৷ কোন কোন জিলাত কিমান বৃদ্ধি হৈছে তাপমান, এই বাতৰিত উল্লেখ কৰা হ’ল-

maximum temperature will rise in the next 24 hours says Regional Meteorological Centre in Borjhar
২৪ ঘন্টাত সর্বোচ্চ তাপমান বৃদ্ধিৰ সতৰ্কবাণী বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 21, 2024 at 2:06 PM IST

|

Updated : September 21, 2024 at 4:23 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : আহিনৰ শৰতৰ আগমনৰ সময়তে উৎকট গৰমে দহিছে ৰাজ্যবাসীক । দিনৰ ভাগত সূৰ্যটো অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হৈছে । আহিন মাহত উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান‌ৰ সময় পৰ্যন্ত সলনি কৰিবলৈ চৰকাৰৰে বাধ্য হৈছে ।‌ মৃদু শীতৰ দূৰৰে কথা, বৰং উৎকট গৰমে জনজীৱন দুৰ্বিষহ কৰি তুলিছে ।

আহিন মাহতো দিনৰ উৎকট গৰমত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা । পাৰাস্তম্ভ জুলাই মাহৰ দৰেই ছেপ্টেম্বৰতো ৩৮ ডিগ্ৰী চেলছিয়াছ পর্যন্ত বৃদ্ধি পাইছে । সৰ্বোচ্চ তাপমান ৩৮ ডিগ্ৰী চেলছিয়াছ যদিও আদ্ৰতাৰ বাবে ৪৫-৪৬ ডিগ্ৰী চেলছিয়াছ যেন অনুভূত হৈছে ।

Increase max temperature in Assam
অগ্নিকুণ্ডলৈ পৰিণত হৈছে ৰাজ্য (Regional Meteorological Centre in Borjhar)

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, অহা দুই-তিনিদিনলৈ অব্যাহত থাকিব গ্ৰীষ্ম প্ৰৱাহৰ এই ধাৰা । ৰাজ্যত ২৪ ঘন্টাত সৰ্বোচ্চ তাপমান বৃদ্ধিৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান‌ কেন্দ্ৰই । ৰাজ্যৰ প্ৰতিখন চহৰতে সৰ্বোচ্চ তাপমান স্বাভাৱিক অৱস্থাতকৈ প্ৰায় ৫-৭ ডিগ্ৰী চেলছিয়াছ অধিক হৈছে ।

Increase max temperature in Assam
২৪ ঘন্টাত সর্বোচ্চ তাপমান বৃদ্ধিৰ সতৰ্কবাণী বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ (Regional Meteorological Centre in Borjhar)

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, শনিবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমান আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিক তাপমানতকৈ ৫.৬ ডিগ্ৰী চেলছিয়াছ বেছি । কাইলৈও গুৱাহাটীত সৰ্বোচ্চ তাপমান ৩৮ ডিগ্ৰী চেলছিয়াছ থাকিব ।

Heat wave in Assam
বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ ৰিপ’ৰ্ট (ETV Bharat Assam)

ডিব্ৰুগড়তো কালি সৰ্বোচ্চ তাপমান স্বাভাৱিকতকৈ ৬.৭ ডিগ্ৰী চেলছিয়াছ অধিক আছিল । চহৰখনত আজি সৰ্বোচ্চ তাপমান আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ । ৰাজ্যৰ আনকেইখনমান চহৰত আজিৰ দিনটোত সৰ্বোচ্চ তাপমান হ'ল-

  1. তেজপুৰ ৩৬.৭ (৪.৮) ডিগ্ৰী চেলছিয়াছ,
  2. শিলচৰ ৩৮.২ (৫.১) ডিগ্ৰী চেলছিয়াছ,
  3. ধুবুৰী ৩৬.৩ (৫.৫) ডিগ্ৰী চেলছিয়াছ,
  4. যোৰহাট ৩৭ (8.5) ডিগ্ৰী চেলছিয়াছ আৰু
  5. উত্তৰ লখিমপুৰ ৩৮.২ (৬.২) ডিগ্ৰী চেলছিয়াছ

উল্লেখ্য যে, গুৱাহাটীত চলিত বছৰৰ মে’ মাহত ৪০ ডিগ্ৰী চেলছিয়াছেৰে ছয় দশকৰ ভিতৰত দ্বিতীয়টো সৰ্বাধিক গৰমৰ দিন হিচাপে পৰিগণিত হৈছিল । আনহাতে, মৌচুমী ঋতুৰ সময়ছোৱাত ৩৮.১ ডিগ্ৰী চেলছিয়াছেৰে এতিয়ালৈকে যোৱা ২৭ জুলাইৰ দিনটো আছিল সৰ্বাধিক গৰমৰ দিন ।

ছেপ্টেম্বৰ মাহতো গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৮ ডিগ্ৰী চেলছিয়াছ হোৱাটোৱে বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ অশনি সংকেত কঢ়িয়াই আনিছে । অহা দুইতিনিদিনলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ আন আন চহৰত দিনৰ সৰ্বোচ্চ তাপমান স্বাভাৱিকতকৈ ৪-৫ ডিগ্ৰী চেলছিয়াছ অধিক থকাৰ সম্ভাৱনা আছে ।

ইপিনে, উৎকট গৰমৰ বাবে গুৱাহাটী মহানগৰ জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় আজিৰ পৰা পুৱা ৭:৩০ বজালৈ আগুৱাই দি দিনৰ ১২:৩০ বজাৰ ভিতৰত সমাপ্ত কৰিবলৈ দিয়া হৈছে ।

লগতে পঢ়ক : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - Oppressive heat waves

লগতে পঢ়ক : ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা, অস্বাভাৱিক হাৰত বৃদ্ধি তাপমাত্ৰা - Increase max temperature in Assam

Last Updated : September 21, 2024 at 4:23 PM IST