ETV Bharat / state

ৰিলৰ পৰা ৰিয়েললৈ… অতীত সুঁৱৰি নষ্টালজিক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - CM HIMANTA BISWA SARMA IN KAMPUR

কামপুৰত এখন দলং উদ্বোধন কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এখন অসমীয়া ছবিৰ কথা সুঁৱৰি স্মৃতিবোৰ পুনৰ সজীৱ কৰি তোলে ।

CM himanta biswa sarma in kampur
কামপুৰত মুখ্যমন্ত্ৰী (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 12:36 PM IST

2 Min Read

হায়দৰাবাদ: দেওবাৰে অতীত ৰোমন্থন কৰি একেবাৰে নষ্টালজিক হৈ পৰিল ৰাজ্য়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নগাঁৱৰ কামপুৰত এখন দলং উদ্বোধন কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এখন অসমীয়া ছবিৰ কথা সুঁৱৰি স্মৃতিবোৰ পুনৰ সজীৱ কৰি তোলে ।

সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত কামপুৰত কপিলী নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰি হাতীত উঠি আমোদ লোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ লগতে প্ৰকাশ কৰে যে, তেওঁ দশক দশক পূৰ্বে একেখন দলঙতে হাতীত উঠি "ককাদেউতা নাতি আৰু হাতী" নামৰ এখন ছবিখনত শিশু অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছিল ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই মুহূৰ্তটোক "ৰিল টু ৰিয়েল" বুলি অভিহিত কৰে । কিয়নো সেই দলংখনতে এসময়ত শিশুশিল্পী হিচাপে শ্বুটিং কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

"আপোনালোকৰ মাজৰ কিছুমানে হয়তো নাজানে যে বহু দশকৰ আগতে মই এখন ছবিত শিশুৰ চৰিত্ৰত অভিনয় কৰিছিলো । সেই ছবিখনৰ এটা দৃশ্যত মই এখন দলঙৰে অহা এটা হাতীৰ পিঠিত উঠি আছিলো । আজিও সেই একেখন দলং পুনৰ নিৰ্মাণ কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ'ল আৰু ময়ো পুনৰ হাতীত উঠিলোঁ । ইয়াক কোৱা হয়, Reel to Real," মুখ্যমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে ।

উল্লেখ্য যে, কেইবাটাও কাৰ্যসূচীৰে দেওবাৰে কামপুৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী ৷ তেওঁ কামপুৰত ৰে’লৱে উৰণসেতুখনো উদ্বোধন কৰে ৷ লগতে মুখ্যমন্ত্রীয়ে ৰাইজৰ বাবে ৱাকিং জ'ন হিচাপে মুকলি কৰে কপিলী নৈৰ স্মৃতি বিজড়িত পুৰণি দলংখন ৷

লগতে পঢ়ক: সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকিৰে দেশজুৰি উদযাপন ঈদ-উল-ফিটৰ - EID AL FITR 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.